ইফাল-সিফাল কৰি থকা পঁইতাচোৰাবোৰৰ মাজত
এদিন এটা খবৰ বিয়পি পৰিল,
মানুহৰ আছে হেনো দেশে দেশে বহুতো ঈশ্বৰ
যিবোৰে নিশ্চিত কৰে মৰা মানুহৰ স্বৰ্গ নাইবা নৰকত পদাৰ্পণ৷
মানুহে পালে নিজৰ নিজৰ বহুতো ঈশ্বৰ,
আৰু অনাদি কালৰে পৰা পৃথিৱীৰ সমস্ত দুৰ্ঘটনাই
আজিলৈকে নিশ্চিহ্ন কৰিব নোৱাৰা
আমি পঁইতাচোৰাবোৰে নাপালোঁ এটাও ঈশ্বৰ৷
"ইয়াৰ প্ৰতিবাদ হওক", সমস্বৰে
আটাহ পাৰি উঠিল এজাক পঁইতাচোৰা৷
ৰেলগাড়ীৰ ডবাই ডবাই গুঞ্জিবলৈ ল’লে সেই চিঞৰ,
ঈশ্বৰপিয়াসী বুভুক্ষু পঁইতাচোৰাবোৰে
পৃথিৱীৰ প্ৰতিটো আস্থানতে বিক্ষোভৰ জুই জ্বলাই দিলে৷
পিছে কোনেও সিহঁতক পাত্তাই নিদিলে,
মানুহৰ সমাজত পঁইতাচোৰাৰ বিপ্লৱ যেন অৰণ্য-ৰোদন৷
বাস কৰা কেইটামান পঁইতাচোৰাই ভাবি উলিয়ালে
বিক্ষোভৰ এটা অভিনৱ উপায়,
পৃথিৱীৰ প্ৰতিখন মহানগৰ আৰু সকলো সৰু-বৰ চহৰৰ
নৰ্দমা পৰিষ্কাৰ কৰিবলৈ যোৱা
বনুৱা মানুহবোৰক আক্ৰমণ কৰিলে
নলাৰ পৰা ওলোৱা হেজাৰ-বিজাৰ পঁইতাচোৰাই৷
মানুহৰ বনুৱাবোৰ নিৰুপায়ত পৰিল,
সদায় সহযোগিতা কৰা পঁইতাচোৰাবোৰ আজি বিদ্ৰোহী,
সিহঁতৰ কামোৰত বহুতো বনুৱা হ’ল ধৰাশায়ী৷
মৰিও নমৰে পঁইতাচোৰা, এটা মাৰিলে চাৰিটা ওলায়৷
বনুৱাবোৰে কাম এৰিলে,
মানুহৰ সমাজত নৰ্দমাৰ দুৰ্গন্ধই লগালে হাহাকাৰ৷
পঁইতাচোৰাবোৰৰ লগত কৰিলে চুক্তিনামা,
আজিৰ পৰা পঁইতাচোৰাবিলাকৰো থাকিব ঈশ্বৰ৷
নীলা তেজৰ, ৰঙা দেহৰ ঈশ্বৰ এটা পাই
পঁইতাচোৰাবোৰ লাহে লাহে শান্ত হ’ল৷
পিছে ঈশ্বৰ এটা পোৱাৰ লগে লগে
এই প্ৰাচীন পঁইতাচোৰাবোৰৰ বিৱৰ্তন আৰম্ভ হ’ল,
আৰু চাই থাকোঁতে চাই থাকোঁতে,
এহেজাৰমান বছৰৰ ভিতৰত
দুটা এটা নাস্তিক পঁইতাচোৰাত বাদে
বাকী সকলো পঁইতাচোৰা ক্ৰমশঃ মানুহলৈ ৰূপান্তৰিত হ’ল৷
মৰিয়াই মৰিয়াই পাহাৰৰ ওপৰৰ পৰা সাগৰলৈ দলিয়াই দিলে৷
মৰিবলৈ ধৰা পৃথিৱীৰ শেষ পঁইতাচোৰাটো
পাহাৰৰ যুঁৱলিৰে চুঁচৰি গৈ
সাগৰতলীত পোত গৈ থকা অলেখ নিযুত বছৰ পুৰণি
এটা ডাইন’ছৰৰ জীৱাশ্মৰ কাষত হামকুৰি খাই পৰিল,
মৰাৰ আগে আগে সেহাই সেহাই পঁইতাচোৰাটোৱে
ডাইন’ছৰৰ জীৱাশ্মটোৰ কাণত ফুচফুচাই সুধিলে,
"হেৰা, তোমালোকৰ ঈশ্বৰ আছিলনে"?
সুধিয়েই পঁইতাচোৰাৰ শেষ প্ৰতিনিধিটো মৰি থাকিল,
আৰু ডাইন’ছৰৰ প্ৰাগৈতিহাসিক জীৱাশ্মটো
ঈশ্বৰৰ নাম শুনি লাহে লাহে সাৰ পাই উঠিল !