প্রবন্ধ

“এখন ভাঙি যোৱা দলঙ আৰু প্রাচীন ভাৰতীয় সভ্যতাৰ সংকট”

এখন ডাঙৰ নদী আছিল আৰু নদীৰ দুয়োপাৰে দুখন গাঁও আছিল ।আদান-প্রদান ঘটিছিল বস্তুৰ, চিন্তাৰ, জ্ঞানৰ । সমান্তৰালকৈ আগবাঢ়ি গৈছিল দুয়োখন গাঁও । এদিন ডাঙৰ বানপানী হ’ল । ভাঙি থাকিল দলং আৰু নৈৰ পাৰৰ পানী-মেটেকাবোৰ দীঘল দীঘল হ’ল । এখন গাঁওৰ মানুহে নিজক লৈ তৃপ্ত থাকিল, বৰ বেছি ভাবি নাথাকিলে আনখন গাঁওত কি হৈ আছিলে । আনখন গাঁওৰ মানুহে সন্ধান কৰি ফুৰিলে নতুন গাঁও আৰু নাও ভৰাই সংগ্রহ কৰিলে জ্ঞান আৰু সম্পদ । ভাঙি যোৱা দলং কোনেও নগঢ়িলে বহুত দিনলৈ ।
বহুদিন পিছত প্রাচীন গাঁওখনৰ এচাম মানুহে সম্ভেদ ল’বলৈ গ’ল নতুন গাঁওবোৰৰ ।দেখিলে বহুত নতুন বস্তু, পালে বহুতো নতুন খবৰ । প্রাচীন গাঁওখনৰ মানুহে মাথোঁ কল্পনা কৰা বস্তুবোৰ বাস্তৱত নিৰ্মাণ কৰি উলিয়াইছিল নতুন গাঁওবোৰে । ভাঙি যোৱা দলখন গঢ়ি নোতোলা বাবে উমান নাপালে শুই থকা ইতিহাসে নৱজাগৰণৰ আহ্বান । যেতিয়া উমান পালে সিহঁতে মাথোঁ চিঞৰি থাকিল আমাৰ এটা হামচৈয়া অতীত আছিল । বাস্তৱত ৰূপ পোৱা সিহঁতৰ কল্পনাৰ পৃথিৱীখন কিনিব লগা হ’ল বহুত মূল্য দি আনৰ পৰা ।

প্রাচীন ভাৰতীয় সভ্যতাও এনেকুৱা এখন ভঙা দলং । নৱজাগৰণৰ উমান আমি শুনোতে দেৰি হ’ল । কেৰাণী তৈয়াৰ কৰা শিক্ষা-ব্যৱস্থাই আমাৰ মাজত বিজ্ঞানীৰ জন্ম নিদিলে আৰু আমি প্রযুক্তিৰ ব্যৱহাৰ কৰাত পিছ পৰি ৰ’লোঁ আৰু মুল্য দি কিনিব লগা হ’ল আনৰ পৰা সেই প্রযুক্তি, আমি নিজাকৈ প্রযুক্তিৰ জন্মও দিব নোৱাৰিলোঁ । এয়া এক দুখ লগা সত্য । আমি চিঞৰি থাকিলোঁ, যেনেকৈ আজিকালি কিছুমান সুবিধাবাদী ৰাজনীতিবিদে চিঞৰি থাকে যে আমাৰ পুৰণি দিনত সকলো আছিল, এতিয়া আমি পাহৰি গ’লোঁ সেই অতীত । কিন্তু প্রকৃত সত্য হ’ল আমাৰ সভ্যতা এদিন স্থবিৰ হৈ গৈছিল (তাৰ কাৰণবোৰ পাছে পৰে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম) আৰু স্থবিৰতাই নতুনত্বৰ জন্ম নিদিয়ে ।
ভাৰতৰ প্রাচীন প্রজন্ম দৰ্শন শাস্ত্রত, জৌতিৰ্বিদ্যা আৰু গণিত শাস্ত্রত পাৰ্গত আছিল, কিন্তু নাছিল কাৰিকৰী যান্ত্রিক বিদ্যাত, প্রায়োগিক বিজ্ঞানত আৰু সেই জ্ঞান সময়মতে আহৰণো নকৰিলে ।
সেয়েহ সেই তাহানিতে আমাৰ কবিয়ে কল্পনা কৰিব পাৰিছিল নাৰদে ঢেঁকীত উৰি ফুৰাৰ, কিন্তু হেলিকাপ্টাৰ নিৰ্মাণ কৰিলে অন্য কোনোবাই । আমাৰ কবিয়ে মাথোঁ কল্পনা কৰিব পাৰিছিল সঞ্জয়ে ধৃতৰাষ্ট্রক যুদ্ধৰ ধাৰা বিৱৰণী দিয়াৰ, কিন্তু দূৰদৰ্শন আৱিষ্কাৰ কৰিলে অন্য কোনোবাই । আমাৰ কবিয়ে কল্পনা কৰিব পাৰিছিল ভয়ংকৰ মাৰণাস্ত্রৰ, কিন্ত ৰিভলভাৰ, ৰাইফল, পিষ্টল নিৰ্মাণ কৰিলে অন্য কোনোবাই । আমাৰ কবিয়ে কল্পনা কৰিব পাৰিছিল ব্রহ্মাস্ত্রৰ, কিন্তু পৰমাণু অস্ত্র আৱিষ্কাৰ কৰিলে অন্য কোনোবাই । আমাৰ কবিয়ে কল্পনা কৰিব পাৰিছিল ৰাৱণে সীতাক উৰুৱাই নিয়াৰ, কিন্তু উৰাজাহাজ আৱিষ্কাৰ কৰিলে অন্য কোনোবাই । সুশ্রুতৰ চিকিৎসা শাস্ত্র পঢ়িয়েই আমি ক্ষান্ত থাকিলোঁ, কিন্তু অস্ত্রোপচাৰৰ সমস্ত সঁজুলি আৱিষ্কাৰ কৰিলে অন্য কোনোবাই । আজি আমি ব্যৱহাৰ কৰি থকা প্রায়ভাগ সঁজু্লি, প্রায়ভাগ সামগ্রীয়ে অন্যৰ দান ।
প্রকৃত বিজ্ঞান-শিক্ষাক আওকাণ কৰাৰ বাবে আৰু বহু শতিকা ধৰি কেৱল অতীন্দ্রিয়বাদ আৰু ধৰ্ম-শিক্ষাত মজি থকাৰ বাবে আমি পিছ পৰি ৰ’লোঁ, পিছ পৰি ৰৈ আছে আজিও বহুতো সভ্যতা, বহুতো আফ্রিকা । প্রকৃত বিজ্ঞান চৰ্চা নাথাকিলে দেশ আগ নাবাঢ়ে, জাতি আগ নাবাঢ়ে ।
আমি ভাৰতীয় সকলে কল্পনা কৰিব পাৰিলোঁ, নোৱাৰিলোঁ সেই কল্পনাক বাস্তৱত ৰূপায়িত কৰা প্রযুক্তি সৃষ্টি কৰিবলৈ । আৰু আমি পিছ পৰি ৰ’লোঁ । সেয়ে আমাৰ মুদ্রা-মূল্য কম । সেয়ে আমাৰ আমদানি বেছি, ৰপ্তানি  কম ।
এতিয়া সময় সলনি হৈছে, আমিও আগবাঢ়িব শিকিছোঁ । কিন্তু অতীতক দোহাই দি স্থবিৰ নহ’ব, দলং ভাঙিবলৈ নিদিব । কাৰণ স্থবিৰ সভ্যতাই নতুনত্বৰ জন্ম নিদিয়ে, দলং ভাঙিলে যোগাযোগ বন্ধ হয় ।
*********************************************************************************

                                      হে যাযাবৰ, তোমাক প্ৰণাম !

অসমৰ সৰ্বপ্ৰথম বিশ্ব-নাগৰিক কোন ? আজি অসমত সকলোৱে একে আষাৰে ক’ব, ড০ ভূপেন হাজৰিকাআমাৰ সকলোৰে “ভূপেনদা” । মোৰ দেউতাৰ বয়স ছয়ষষ্ঠি বছৰ । তেওঁ সুধাকণ্ঠক মাতে ভূপেনদা বুলি আমাৰ দৰে ত্ৰিশৰ ওচৰা-ওচৰি সকলোৱেও এই বৰেণ্য মহামানৱক মাতোঁ ভূপেনদা বুলি । মোৰ মামাৰ সোতৰ বছৰীয়া ল’ৰাটোৰ বাবেও তেওঁ ভূপেনদা । এই যে তিনি-চাৰিটা প্ৰজন্মৰ বাবে এজন ব্যক্তি কেবল ভূপেনদা হৈ হৈয়ে ৰ’ল, তাতেই লুকাই আছে তেওঁৰ মহত্ব, তেওঁৰ অতুলনীয়তা । তেওঁ ককা নহ’ল, খুড়া নহ’ল । তেওঁ চিৰতৰুণ, সকলোৰে ভূপেনদাকণমানি সকলৰ বাবে তেওঁ নিজেই “ভূপেন মামা” হৈ লিখিছিল, “ভূপেন মামাৰ গীতে-মাতে অ-আ, ক-খ” । কিন্তু সেই কণমানিসকলেও পৈণত বয়সত তেওঁক মাতে ভূপেনদা বুলি । কাৰণ, এই ক্ষণজন্মা শিল্পীক প্ৰজন্ম-বিচ্ছিন্নতাই স্পৰ্শ নকৰিলে কেতিয়াও ।
 তেওঁ সকলোৰে লগৰীয়া, সকলো বয়সৰ, সকলো মানুহৰে । কি ক’লা, কি বগা; কি ধনী, কি দুখীয়া । এই বিশ্ব-নাগৰিকত্বৰ ধাৰণা, মানু্হৰ প্ৰতি অকৃত্ৰিম প্ৰেম তেওঁৰ মনত জাগ্ৰত হৈছিল শৈশৱতে । বিষ্ণু-জ্যোতিৰ সান্নিধ্যত । আৰু সেই বহল মন লৈ তেওঁ যেতিয়া লগ পাইছিল কৃষ্ণাংগ নায়ক পল্ ৰ’বচনক, তেওঁৰ হৃদয়ত নিগাজিকৈ বাহ লৈছিল মানৱতাৰ চৰাই, কণ্ঠৰ পৰা নিগৰি বৈছিল কেবল মানুহৰ প্ৰতি প্ৰেমৰ কল্লোলধ্বনি । এই বিশ্ব-মানৱতাই জন্ম দিছিল “মোক এজন বগা মানু্হ দিয়া যাৰ ৰক্ত বগা..........” আদিৰ দৰে কালজয়ী গীত ।
 ভূপেনদা অকল গায়ক হোৱাহেঁতেন তেওঁৰ বিশাল মনৰ উমান আমি নাপালোঁহেঁতেন । শুৱলা কণ্ঠৰ কোনোবা গায়ক বুলি ইতিহাসত লিপিবদ্ধ হ’লহেঁতেন । কিন্তু তেওঁ আছিল এজন গীতিকাৰ, কবি, লিখক, সমাজ-সংস্কাৰক । সংগীত তেওঁৰ বাবে আছিল প্ৰগতিৰ বিপ্লৱ অনাৰ অস্ত্ৰ । তেওঁৰ গীতৰ কথা কালোত্তীৰ্ণ। সেয়ে প্ৰজন্মৰ পিছত প্ৰজন্মই তেওঁৰ গীতত একাত্ম হৈ পৰিব পাৰে, দেশৰ সীমনা পাৰ হৈ দূৰৰ দেশলৈ প্ৰতিধ্বনিত হ’ব পাৰে তেওঁৰ সুৰ । তেওঁ এজন স্ৰষ্টা, লগতে এজন দ্ৰষ্টা । সেইবাবে তেওঁ অদ্বিতীয়, অমৰ। তেওঁ শিশুক নিচুকাব পাৰে নিচুকনি গীতেৰে, কিশোৰ-কিশোৰীক আপ্লুত কৰিব পাৰে উদ্দীপিত সুৰেৰে, যুৱক-যুৱতীক প্ৰেমত পেলাব পাৰে ৰোমাণ্টিক সন্মোহনীৰে, মধ্যবয়সীয়াক সোঁৱৰাই দিব পাৰে জীৱনৰ অৰ্থ, বিপ্লৱীক প্ৰদান কৰিব পাৰে বিপ্লৱৰ লেলিহান শিখা, এটা জাতিক জগাব পাৰে, জগাই গঢ়িব পাৰে ভাঙি যোৱা জাতিৰ কাঠামো ।সেইবাবেই তেওঁ সৰ্বহাৰাৰ মহানায়ক, সেইবাবেই কৃষকৰো আপোন, শ্ৰমজীৱিৰো আপোন, সেইবাবেই তেওঁৰ চিতাৰ কাষত আবাল-বৃদ্ধ-বণিতা, এটুপি চকুলোৰ ঠাইত হাজাৰ চকুলো বয় তেওঁৰ স্মৃতিত আৰু হয়তো সেইবাবেই তেওঁৰ প্ৰেমত পৰে সোতৰ বছৰীয়া কল্পনা ।
 ভূপেনদা যেতিয়ালৈকে জীয়াই থাকিব, তেতিয়ালৈকে জীয়াই থাকিব অসমীয়া, অসম । যিদিনাই অসমৰ নাগৰিকে বুজিব নোৱাৰা হ’ব ভূপেনদাৰ গীতৰ অৰ্থ, তেতিয়াই মৃত্যু হ’ব অসমীয়াৰ ।আজিৰ প্ৰজন্মই, আমাৰ পিছৰ প্ৰজন্মই বুজিব পাৰিব লাগিব ভূপেনদাৰ গীতৰ কথা । তেহে আমাৰ ভূপেনদা সিহঁতৰ বাবেও ভূপেনদা হৈ থাকিব । তেতিয়াহে ভূপেনদাৰ গুৰু জ্যোতি-বিষ্ণুকো বুজিব পাৰিব পিছৰ প্ৰজন্মই । বুজিব পাৰিব লক্ষ্মীনাথক, বুজিব পাৰিব শঙ্কৰ-মাধৱক ।
 মানুহ সদায় ৰূপান্তৰৰ যাত্ৰী । কিন্তু সেই ৰূপান্তৰৰ মাজত সমন্বয়ৰ সেতু গঢ়ে ভাষাই, কথাই ।ভূপেনদাৰ গীতৰ কালোত্তীৰ্ণ কথাই সেই সমন্বয় গঢ়ে, প্ৰজন্ম-বিচ্ছিন্নতাৰ মাজত একতাৰ দলং বান্ধে ।ভূপেনদাক বুজিবলৈ সেয়হে পিছৰ প্ৰজন্মই বুজিব পাৰিব লাগিব ভূপেনদাৰ ভাষা, অসমীয়া ভাষা । “বিমূৰ্ত এই নিশাটি..........” গানটো বুজিবলৈ বুজিব লাগিব বিমূৰ্ত শব্দটোৰ অৰ্থ । আৰু তাৰ বাবে চৰ্চা কৰিব লাগিব “অসমীয়া ভাষা”। অসমীয়া ভাষাক মৰিবলৈ দিলে, অসমত ভূপেনদাৰো মৃত্যু ঘটিব সঁচা অৰ্থত । আজি মাথোঁ তেওঁৰ কায়িক দেহ নাই কিন্তু অসমীয়া ভাষা নোহোৱা হ’লে, তেওঁৰ আত্মাৰ মৃত্যু ঘটিব ।
 আমি সেয়া হ’বলৈ দিব নোৱাৰোঁ । আৰু সেয়ে আমি প্ৰচাৰ চলাই যাম অসমীয়া ভাষাৰ প্ৰসাৰৰ বাবে, ইণ্টাৰনেটৰ জৰিয়তে ।এই সাতাইশ নৱেম্বৰত “অসমীয়াত কথা-বতৰা” গোটৰ (যাৰ মানসসন্তান এই “সাহিত্য ডট্ অৰ্গ”)এবছৰ পূৰ্ণ হ’ব । “অসমীয়াত কথা-বতৰা” আৰু “সাহিত্য ডট্ অৰ্গ”-এ যেন অসমীয়া ভাষাক জীয়াই ৰাখি জগতসভাত ইয়াৰ স্থিতি সুদৃঢ় কৰাত কিঞ্চিত হ’লেও অৱদান যোগাব পাৰে, অ.ক.ব-ৰ জন্মদিনত সেয়াই আমাৰ কাম্য ।
 ভূপেনদাই আমাক কেতিয়াবাই কৈছিল, “তুমি বিশ্বৰ শৰীৰত পঙ্গু অঙ্গ হ’লে বিশ্বই জানো ভাল পাব........”আমি অসমক, অসমীয়া ভাষাক বিশ্বৰ শৰীৰত পঙ্গু অঙ্গ হ’বলৈ দিব নোৱাৰোঁ ।
 ভূপেনদাই আৰু কৈছিল, “সমাজে সাবটিব মহান মানৱতা......বিজ্ঞানে আনিব জোৱাৰ....জিলিকাব লুইতৰে পাৰ...........”। আমিও বিজ্ঞানৰ অৱদান, ইউনিক’ডৰ সহায়ত ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্ৰচাৰ চলাই যাম, চৰ্চা কৰি যাম । উঠি অহা প্ৰজন্মৰ সকলোৱে যাতে অসমীয়া ভাষাৰ চৰ্চা কৰে, সেয়াই অ.ক.ব আৰু “সাহিত্য ডট্ অৰ্গ”ৰ ফালৰ পৰা একান্ত অনুৰোধ । সেয়াহে হ’ব ভূপেনদাৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি । আমি জিলিকাব লাগিব লুইতৰ পাৰ, তেহে বিশ্বই সম্ভ্ৰমেৰে চাব আমাক । “অসমীয়াত কথা-বতৰা”ৰ জন্মক্ষণত “সাহিত্য ডট্ অৰ্গ”ৰ ফালৰ পৰা এয়া আমাৰ সংকল্প ।
 মৃত্যুৰ সময়তো যিয়ে আমাক এক হ’বলৈ শিকাই গ’ল, সেই মহীৰূহক আমি কথা দিছোঁ; তোমাৰ কথা, তোমাৰ ভাষাক আমি জীয়াই ৰাখিম । তোমাৰ গানেই হৈ ৰওক আমাৰ বাবে বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান, কল্পনাবিলাসিতাৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ গান
আমাক শক্তি দিয়া, হে মহানায়ক ! হে যাযাবৰ, তোমাক প্ৰণাম !

No comments:

Post a Comment