খেলিলোঁৱে যেনিবা ফাগুনত বিলাহীৰে ফাঁকু,
আগষ্টৰ স্পেইনৰ লা টোমেটিনা
হ’লেই যেনিবা মোৰ গুৱাহাটীত মাৰ্চতে উন্মনা,
তাত তোৰ কি আহে কি যায় ?
মই ভাল পাওঁ মেগেলানক,
তেৱেঁইতো আধুনিক পৃথিৱীৰ প্ৰথম নাবিক
আৰু মই বিশ্ব নাগৰিক,
তই হ’লি ক্ষুদ্ৰ অসমীয়া।
তোৰ ঢেকেৰী বাপেৰ
হ’লেই যেনিবা মোৰ আধুনিক পাপেৰ,
বিদেশীয়ে পুতিলেই যেনিবা অসমৰ ভেটি
তাত মোৰ কি আহে কি যায়,
মই গৈ বিচাৰিম চুকাফাৰ আজোককাকৰ দেশ
কোৰিয়া, ভিয়েটনাম অথবা থাইলেণ্ডৰ মাটি
মই পৃথিৱীৰ ভূমিপুত্ৰ মই বিশ্ব নাগৰিক,
তই হ’লি ক্ষুদ্ৰ অসমীয়া।
হেৰালেই যেনিবা তোৰ আই বা পিতাৰ ভাষা
গোলকীয় জুইত জাহেই গ’ল যেনিবা ক-ফলা, অ-ফলা,
কান্দি থাক্ তই কান্দিব খোজ
চিঞৰি থাক্ তই চিঞৰিব খোজ,
মোক নিচুকাবলৈ আছেই দেখোন আংকল স্যেম্
চিৰ সেউজ এবিচিদি চিৰ যুগমীয়া।
বিশাল বিশ্বৰ মই বিশ্ব নাগৰিক
আৰু তই হ’লি ক্ষুদ্ৰ অসমীয়া ।
নাজানিলোঁৱেই যেনিবা কোন আছিল শংকৰ-মাধৱ
পাহৰিলোঁৱেই যেনিবা তোৰ লক্ষ্মী-জ্যোতি-বিষ্ণু-ভূপেনক,
সেইবোৰটো নাই বিশ্ব-বাণিজ্যৰ পাঠ্যক্ৰমত,
মোৰ বাবে যথেষ্ট লেডী গ’গা আৰু একন।
হ’লোঁৱেই যেনিবা গোলকীয় সোঁতত সময়ৰ শৰণাৰ্থী
সামৰ্থ্যৰ মাপকাঠিত কেলেহুৱা পৰাশ্ৰয়ী,
তথাপি মই বিশ্ব নাগৰিক
আৰু তই মাথোঁ ক্ষুদ্ৰ অসমীয়া।
No comments:
Post a Comment