Tuesday, September 27, 2011

তেজ যেতিয়া শৰণাৰ্থী হয়

তেজ তেতিয়া শৰণাৰ্থী হয়
যেতিয়া ধমনীৰ বাহিৰত তেজৰ উপনদী বয়,
সেই নদী বয় কেতিয়াবা ধৰ্মৰ নামত
কেতিয়াবা অৰ্থৰ স্বাৰ্থত,
সন্মানৰ বেদীতো বয় কেতিয়াবা সেই নদী ।
জীৱনৰ অপাৰ চাহাৰাত
সেই নদী দিশহাৰা,
কাৰণ শৰণাৰ্থীৰ ঘৰৰ ঠিকনা নাথাকে ।

ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই
সেই শৰণাৰ্থী তেজে জন্ম দিয়ে
মানৱতাৰ সাগৰত নুশুকোৱা প্ৰতিশোধৰ যাতনা-দ্বীপ,
প্ৰেমৰ আকাশত নবৰষা ঘৃণাৰ কালমেঘ ।
এজাক মানুহে বাৰে বাৰে পাহৰি যায়
সময় সময় খেলি ইতিহাসে দি যোৱা সঘন সকীয়নি,
ধমনীৰ বাহিৰত তেজ সদায় অনাশ্ৰয়ী শৰণাৰ্থী ।

হে মানৱতা,
বাৰে বাৰে বুৰঞ্জী পাহৰি
কবৰ খান্দি ভাল পোৱা
সেইজাক মানু্হক পাৰা যদি শিকোৱা
বিশ্বপ্ৰেমৰ ব্যাকুলতা,
জীৱনৰ বোৱতী নদীযেন
ধমনীৰ অমৃত সেই তেজক
পাৰা যদি বচোৱা শৰণাৰ্থী হোৱাৰ পৰা ।
নহ’লে প্ৰেমৰ আকাশ মচি
মানৱতাৰ সাগৰ শুকাই
জীৱনৰ বাট হেৰুওৱা তেজৰ হিচাপ ল’বলৈ
থাকি যাব মাথোঁ আধাজ্বলা প্ৰলয়ৰ শিখা ।

Friday, September 2, 2011

ধৰ্মৰাজ ! ন্যায় ক’ত

সকলোবোৰ ঘৰেই একে
একেই ইটাৰ দেৱাল ।
(অৱশ্যে কেতিয়াবা বাঁহ আৰু ইকৰাৰে ঘেৰা)
প্রতিখন দুৱাৰেই একে,
বাহিৰলৈ জপোৱা
অথবা ভিতৰলৈ খোলা ।

পকা মজিয়াৰ বালিৰ ঘঁহনিত,
কেঁচা মজিয়াৰ তন্ময়তাত
সূৰ্য কঁপে,
কঁপে নিশাৰ আলোক ।
কংক্ৰীটৰ মহানগৰীত ট্রেফিকৰ চিঞৰ,
জুপুৰীৰ বস্তিত পয়াঁলগা শিশুৰ ক্ৰন্দন,
আৰু গাঁৱলীয়া সন্ধ্যাত
উঁইচিৰিঙাৰ একঘেয়ামি স্বৰ ।

জপাই থোৱা আকাশৰ দুৱাৰ,
তোমাৰ বাবে খোলা থাকিব
অহংকাৰৰ নৰক
পত্নী-কন্যা-পুত্র-পৰিবাৰ ।
ভুকি আছে ভুকি থাকক
জ্বৰীয়া ভোকত গলিৰ কুকুৰ,
সিহঁতৰ বাবে স্বৰ্গৰ দুৱাৰ বন্ধ ।
ক্ষুধাৰ্ত কুকুৰে চিঞৰি থাকে
ন্যায় লাগে, ধৰ্মৰাজ !

এখন ৰুটীৰ মূল্য কিমান,
এশভাগৰ এক টেলকম পাউদাৰৰ দামতকৈ কম !
যক্ষ্মাত মৰে বস্তিৰ সপোন,
মহানগৰীত পানীলগা কাহ,
কাৰ বাবে খোল খাব এপ’ল’ৰ দুৱাৰ,
এইম্ছৰ অপাৰেশ্যন থিয়েটাৰ ?
মাৰ্ক্সবাদ, সাম্যবাদ
উঁয়ে খোৱা দলিল,
জীৱন গঢ়াৰ সপোন নৱকান্তৰ ।

ৰাজফেঁটীৰ বিহ
বস্তিৰ অমৃত ।
জীয়াই থাকে তথাপি জীৱন,
জীৱন নহয় যেন
শব্দৰ কাৰচাজিত জীয়াই থাকে
মগজুৰ কছৰতৰ সমল ।

ন্যায় ক’ত, ধৰ্মৰাজ !!
********************