Sunday, May 29, 2011

প্রেমহীনতা

সপোন নদীৰ ঘাটতে

তুমি আছিলা মোৰ কাষতে,

তুমি অবিহনে আজি

প্রেম হ’ল একাদশী,

হৃদয়ৰ সাঁচিপাতত লিখা

মনৰ বাতৰিবোৰ

গ’ল যে উৱলি ।


লহিওৱা বেলিয়ে সন্ধিয়াৰ পৃথিৱীক

নিয়ৰৰ চুমা যাছি

গ’ল যে আঁতৰি,

তৰাৰ দেশতে জোনবাই

অকলে থাকে উজলি,

তুমি অবিহনে আজি

প্রেম হ’ল একাদশী ।


পুঁৱতি নিশাৰ সপোন ভাঙি

কাঁচিয়লি ৰ’দৰ জিলিকনি সানি

ক’ৰবাৰ পৰা তুমি যদি আহা

অ’ মোৰ অনামী প্রিয়া,

উৱলি যোৱা সাঁচিপাততে

আকৌ এবাৰ লিখিম

হৃদয়ৰ বতৰা ।

লোড্-শ্বেডিং

এদিন আমি জোনাকত বহি

কথা পতাৰ কথা আছিল,

সহজ মৃত্যুৰ বিষয়ে

জীৱিকাৰ মৃত নগৰীৰ

ব্যস্ত এক প্রান্তৰত ।


আমাৰ বাৰ্তালাপ আগবাঢ়িলে

বিষয় হ’ব অসংখ্য অখ্যাত গাঁও আৰু চহৰ

যিবোৰৰ ঠিকনা থাকে হৃদয়ত,

আৰু আমি নেদেখা বহুতো অৰণ্য

কংক্রীটৰ অথবা পাইন গছৰ ।


এদিন আমি সময় উলিয়ালোঁ,

হৃদয়ৰ উত্তাপে বোলাই যাব

নিৰ্লিপ্ত অৱবাহিকা,

আমি কথা পাতিম

বহুত কথা পাতিম ।

আৰু যেন বাকী নৰয় একো ।


এক দুই তিনি চাৰি ছেকেণ্ড............

সময় বাগৰিল,

আমাৰ বাবে আকাশ মুকলি নহ’ল

আমি জোনাক বিচাৰি নাপালোঁ,

আমাৰ বাবে থাকিল মাথোঁ

নিয়ন উজ্জ্বল গধূলিৰ কৃত্রিমতা ।


আমাৰ বিষয় সলনি হ’ল,

আমি কথা পাতিলোঁ

টকা-পইচা আৰু

সন্মানীয় জীৱিকাৰ বিষয়ে,

তোমাৰ পোছাক আৰু

মোৰ চুলিৰ বিষয়ে,

মোৰ নুবুজা কবিতা

আৰু অহংকাৰী চৰিত্রৰ বিষয়ে ।


শেষত

তোমাৰ মোৰ ওপৰত অভিমান হ’ল !

তুমি আক্ষেপ কৰিলা,

আমাৰ পতাই নহ’ল

পাতিব লগা বহুতো কথা ।

আমি মাথোঁ শেষ কৰিলোঁ

অনৰ্থক সময়-খৰছৰ কছৰৎ ।


ভাবিছোঁ

আকৌ এদিন সময় উলিয়াব লাগিব ।

আকৌ এদিন বিচাৰিব লাগিব জোনাক

আৰু মুকলি আকাশ

লোড্-শ্বেডিঙৰ সময়ত ।


হয়তো, তাৰ পিছত

আকৌ এদিন............................... ।

Friday, May 27, 2011

বিষয় : নাৰী

সৰু্তে পৰীৰ সাধু শুনি
পখিলাৰ দৰে নাচি ফুৰা ছোৱালী এজনী
বেদান্ত দৰ্শনৰ কৱলত পৰি
নিৰুদ্দেশ হৈছিল কাৰাৱালাত ।

দৰা-কইনা খেল খেলোঁতে খেলোঁতে
তাই পৰ্যনমিত হৈছিল এটা পুতলালৈ,
আৰু
ভাল ৰিজাল্ট কৰা ভাল ছোৱালী সজাই
স্বৰ্গৰ দৈত্য অথবা
নৰকৰ দেৱতাৰ বাবে
তাইক প্রস্তুত কৰা হৈছিল ।
(স্বামীসে স্বৰ্গ, স্বামীসে পৰম ধৰ্ম)

বাৰ বছৰ বয়সত
চয়তানে তাইৰ গাত বাহ লৈছিল,
ঈশ্বৰৰ অভিশাপ
এইবাৰ তাই পৰিৱৰ্তিত হ’ল এটা চেক্স-পুতলালৈ ।
(মাইকত ভাঁহি আহে যৌৱনৰ অবুজ বিননি)

হাজাৰ বছৰীয়া হজৰতে
মেদিনাৰ কবৰৰ পৰা উঠি আহি
তাইক পিন্ধাই দিলে অপ্রেমৰ বোৰ্খা,
লালায়িত যাতে নহয়
‘ভগৱান ইন্দ্র’ অথবা ‘প্রজাপিতা ব্রহ্মা’ ।

এইবোৰ কথা তাইক শিকোৱা হ’ল
নতুন চলনাৰে,
অবিজ্ঞানৰ নৱ নৱ ব্যাখ্যাৰে,
দেৱতাৰ অভিশাপত (?)
জন্মা নাৰীৰ প্রতিশ্রুতিৰে ।

এদিন মৰা সাগৰৰ পৰা উঠি আহিল
এটা পোক ক্রমবিকাশৰ বুৰঞ্জীৰে,
আহি ছোৱালীজনীক শিকাবলৈ ল’লে
মানুহ হোৱাৰ বিজ্ঞান ।
নাৰীৰ পৰা মানুহ
পুৰুষৰ পৰা মানুহ ।

তাইৰ কৃষ্ণ হেৰাই গ’ল
পুৰাতন কৃষ্ণ,
ঈশ্বৰৰ মুখা পিন্ধি
মানুহ হ’বলৈ পাহৰা কৃষ্ণ ।

লাহে লাহে মানুহ হ’বলৈ ধৰা সেই নাৰীৰ মাজত
হাহাকাৰ কৰি উঠিল
ইতিহাসৰ পাতে পাতে লাঞ্চিতা
হাজাৰে হাজাৰে শতৰূপা, বৃন্দা,
জুবেইদা, আয়েছা, দ্রৌপদী আৰু সীতা ।

সেই হাহাকাৰৰ পৰা মুক্তি যদি আছে
জীৱনৰ বুৰঞ্জী পঠনত আছে
মানুহৰ প্রেমত আছে,
আৰু আছে মগজুৰ দেহজ আত্মাত ।
পাৰ হৈ বেদনাৰ সমুদ্র-প্রপাত,
শেষ কৰি অসাম্যৰ মন্ত্রোচ্চাৰ
তেনে নাৰীয়ে শিকাব পাৰে মানুহক
জীৱনৰ আদি পাঠ ।
তছলিমা নাছৰিন তো্মাক ধন্যবাদ !!

মৃত মহাকাব্য

পৃথিৱীৰ আজি আয়ুস কিমান ?
কিমান যুগৰ ইতিহাস ?
লিপিবদ্ধ হ’ল কিমান
মৃত মহাকাব্যৰ পাণ্ডুলিপি ?
সৃষ্টিৰ পাতনিৰ সেই আদিম নাৰী
আদিম সেই জননী পৃথিৱীৰ,
সীতাৰ পুনৰ্জন্ম হয় অশোক বনত ।

ৰেল ষ্টেচনৰ পৰা জীৰ্ণ ফুটপাথ
সেমেকা গলিৰ পৰা জটায়ুৰ বন্দৰ,
সেই প্রান্তৰলৈ বিস্তীৰ্ণ-বিশাল
আমাৰ মহাকাব্য ।
আমাৰ অৰ্জুন নপুংসক বৃহন্নলা
আমাৰ পূৰ্বজ অন্ধ ধৃতৰাষ্ট্র ।
আমাৰ ৰামচন্দ্রই নপঢ়ে ডিভাইন কমেডী
ফুটপাথত ধৰ্ষিতা হয় ৰজস্বলা দ্রৌপদী ।
আমাৰ কৃষ্ণ নাই ।
জীৱিকাই কবৰ দিয়া ভীষ্ম পিতামহ
ৰাতিৰ গছৰ দৰে স্থানু ।
স্থানু এই নিশাৰ অৰণ্যত
আমাৰ সভ্যতাৰ ভৱিষ্যৎ
মহেঞ্জাদাৰোৰ জঁকা ।
আমাৰ প্রতিটো সন্তা্নৰ বাবে আছে
ট্রেজিক কৰ্ণৰ জন্ম যাতনা ।

শূন্যতাৰ এই পাণ্ডুলিপি
শূন্যৰে পূৰোৱাৰ পুৰণি খেল,
ক’লা-বগা দুই-এটি আঁক-বাঁক জীৱন-প্রেমৰ ।
তাৰ মাজতে থাকে
মৃত মহাকাব্যৰ একোটা জীৱিত অধ্যায় ।
জন্ম হয় আমাৰ মাতৃ টেৰেজাৰ,
জন্ম হয় মেৰীৰ সন্তান,
সিদ্ধাৰ্থৰো জন্ম হয় এই আলিদোমোজাত ।
জীৱন আৰু প্রেমৰ বাবে
মহাযুদ্ধই জন্ম দিয়ে নাইটিংগেলক ।
উন্নাসিক গৱেষকে প্রশ্ন কৰে
সঁচাকৈয়ে জানো ঊনৈশ সাতচল্লিছ মহাত্মাৰ দান
নে এয়া ভাৰতৰ অভিশাপ ?
মানুহক কোনে কিমান ভাল পালে
ইতিহাসে কেতিয়া কাক ভুল বুলি ক’লে
তাৰ লেখ ৰাখি লাভ নাই,
মহাকাব্যৰ পাতে পাতে লিখা আছে
পৃথিৱীৰ বাবে প্রেমৰ অহংকাৰ ।

আমাৰ সান্ত্বনা নাই
আত্মাৰ প্রশান্তি নাই, ব্যাসদেৱ
তোমাৰো সান্ত্বনা নাই ।
কাব্যৰ কোনো শেষ নাই
যন্ত্রনাৰ একো ভাষা নাই,
মৃত পাণ্ডুলিপিকো কুটে ৰূপালী পোকে ।
তথাপি জানো শেষ আছে ? শেষ নাই
এই নিথৰ চাহাৰাৰ আদিগন্ত শূন্যতাৰ ।
আমাৰ গতিৰ শেষ নাই । নৱকান্ত,
আমাৰ যাত্রাৰ সীমা নাই ।
আমাৰ হাড়ত গজা বনেও
সম্ভেদ দিব এক নতুন পৃথিৱীৰ ।
যদি সি হয় দুৰ্যোধন
কোনোবা কৃষ্ণই আহি ঢাকি দিব
চেতনা গান্ধাৰীৰ
প্রতিজ্ঞা ৰক্ষাৰ বাবে দুৰ্বল অৰ্জুনৰ (?)

মৃত সভ্যতাৰ জঁকাৰ পৰা জন্ম হয়
বেহেলাবাদক আইনষ্টাইন আৰু
বিশ্ব-সংহতিৰ প্রেমিক নিউটনৰ ।
মট’নিউৰন আৰু ক্লেদাক্ত দেহেৰে জন্মে হকিং
আমাৰ প্রাৰম্ভৰ হকিং ।
শূন্য এটি আঘাতত হঠাতে জাগে সময়,
আমাৰ প্রাণৰ সময়
আৰু এই জগতৰ ।

গতিৰ বিকল্প নাই,
জীৱনীৰ দাম নাই
আছে জীৱনৰ
মহানাদ মুহূৰ্তৰ সেই অসীম ঘনত্বত ।
জীৱনীৰ অন্ত হয় য’ত
তাতেই পাতনি মহাকাব্যৰ,
মৃত হ’ব পাৰে
তথাপি জাগে সময়
দুটি-এটি বিফল মুহূৰ্তৰ
পোহৰ যদিও লক্ষ্য আন্ধাৰৰ ।

খিৰিকি কাষৰ দুৱাৰত
টক্ টক্ শব্দ কৰি
অ’ভাৰ-কোট পিন্ধি
ৰৈ থাকে ব্রহ্মা, মুখাৰে সৈতে
আমাৰ চিৰদিনৰ ব্রহ্মা ।

সখী

নিশাৰ জোনাকে পুৱাৰ নিয়ৰক
মুনি-চুনি বেলিয়ে সন্ধিয়াৰ জোনাকক
সখী বুলি ক’লে,
পৃথিৱীয়ে হাঁহি মাৰি আকাশলৈ চালে,
সেই আকাশ বিশাল আকাশ
সেই জোনাক নিবিৰ জোনাক
আমাৰ মৰমে গঢ়া সৰল বিশ্বাস ।

তাৰ পিছত,
সেই একেই গভীৰ আশা
জোনাক গলি গলি নিজম পৰা নিশা ।

আমি সখী কি সুৰে
আমি সখী কি সুখে
পৃথিৱী গঢ়িম কোৱা ?
স্থবিৰ সূৰ্য আমাৰ
ভাঙি চিঙি য’ক,
আমাৰ আকাশ শৰা্লি আকাশ হ’ক ।

আজি যদি আঁউসীৰ অতৃপ্তি আছে
কাইলৈ প্রতিপদৰ পোহৰ আছে
তাৰ পিছতো এআকাশ জোনাক আছে ।
আন্ধাৰ থাকিব পাৰে,
তথাপি আমাৰ পৃথিৱী আমাৰেই
আমাৰ আকাশো আমাৰ ।

আমি সখী যি সুৰে গঢ়িম
তাতেই আমাৰ শান্তি হ’ব,
তাৰ বাবে যদি আহে দূৰণিত চাকনৈয়া
তাৰ বাবে যদি উঠে জোৱাৰৰ অচিন সাগৰ,
তাত আমাৰ কি দোষ আছে কোৱা ?
আমি মাথোঁ জানো এটাই সত্য
আমাৰ জীৱনে ৰিঙিয়াই কয় সেই অকণি সত্য ,
আমাৰ হৃদয় সেই সখীৰেই হেঁপাহৰ কণমানি ঘৰ


আমাৰ আকাশত সেই এটাই চন্দ্রমাৰ পোহৰ ।

বিষাদ

কোনেও উমঘাম নোপোৱাকৈ
ধূলিয়ৰি পছোৱা এজাকে
ফাগুণ অহাৰ বতৰা দি গ’ল,
লঠঙা শিমলুজোপাৰ ওপৰত
ওপঙি আছিল অকলশৰীয়া জোনটো !

প্রেম

জীৱনৰ যতি,
য’ত ঠিয় হৈ
ঘূৰি চাওঁ আমি
এৰি অহা অনেক
দিন আৰু ৰাতি !!

অসুখ

সিদিনা বতাহ আছিল গধূৰ,
উশাহত শেৱা্লি ফুলাৰ গোন্ধ,
উজাগৰী কো্ঠালিত বিয়পি গৈছিল এটি নিৰৱ সুৰ
...সিদিনা বতাহ আছিল গধূৰ
মাটিৰ কলিজাত দুখৰ আবুৰ,
নিশাহত পোৰা মাটিৰ গোন্ধ
সিদিনা বতাহ আছিল গধূৰ,
উশাহত শেৱা্লি ফুলাৰ গোন্ধ

শব্দম

বহুদিন বিৰতিৰ পিছত
জুই একুৰা জ্বলিব ধৰিছে
গুমগুমাই থকা আঙঠাৰ পৰা
সিহঁতৰ বুকুৰ ভিতৰত;
কোনো আন্দোলনৰ ভুৱা শ্লোগান নহয়
নহয় কোনো শোষকৰ চতুৰালি,
বালিমাহীৰ দুখেৰে নোওৱা
জোনাকৰ গধূলিবোৰত আৰু
তমসাচ্ছন্ন অমানিশাৰ দুৰ্যোগতো
উদাত্ত কণ্ঠে নিগৰি বৈছে
সিহঁতৰ হৃদয়ৰ সমগ্র জ্বালামুখী ।
দূৰৈত গুৰুম্ গুৰুম্ হিলৈৰ নিনাদ ভেদি
নদীয়ে-বতাহে, পথাৰে-পাহাৰে
আকাশ কঁপাই বিয়পি পৰিছে
শব্দৰ সৈতে একাত্ম হৈ পৰা
এমুঠি স্বপ্নাবেশীৰ হৃদয়-ধ্বনি ।

কমলা-বিমলা-ৰমলাকুঁৱৰী
তহঁতৰ বাবে আজি
দুঃসময়ৰ বুকু ফালি ওলাই আহিছে
বহুকেইজন বাৰীকোঁৱৰ,
সপোনৰ দেশৰ পৰা লৈ আহিছে এমুঠি শব্দ,
তহঁতক শিকাই দিব প্রতিবাদৰ ভাষা ।
অসমীয়া আজি জাতি মৃত, কোনে কয় !
দেখুৱাই দিবি শকতি অসমীয়াৰ
কাৰণ, তহঁত যে বিপ্লৱী-তহঁত যে তাণ্ডৱী।
এই জুই জ্বলিছে
শব্দিল আলি-কেঁকুৰিত,
আমি জ্বলাম এই জুই নৱ শতিকাত
শদিয়াৰ পৰা ধুবুৰীলৈ
উজনিৰ পৰা নামনিলৈ ।
হাদিৰাচকী এইবাৰ শৰাইঘাট হ’ব,
সকলোতে উৰিব অসমীয়াৰ বিজয় পতাকা;
জাগি উঠ অসমীয়া ডেকা
জাগি উঠ অসমীয়া গাভৰু
তহঁত আজি নৱযুগৰ যুঁজাৰু,
ৰৈ নাযাবি-হাৰি নাযাবি
তহঁত যে আজীৱন বিপ্লৱী;
লক্ষ্যত যদিহে থাক অবিচল
আকৌ আমি সমস্বৰে গাম
“আমি অসমীয়া, নহওঁ দুখীয়া............”

ৰঙা তেজেৰে, বন্দুকৰ নলীৰে
অসমী আইৰ বুকু বিদাৰি লিখা বুৰঞ্জী সলাই
আহ, লিখোঁ আমি নতুন যুগত
নতুন মৰমৰ নতুন প্রেমৰ শব্দময় ইতিহাস ।
পাণবজাৰৰ অশ্লীল বতাহজাক ঠেলি পঠিয়াই
সাগৰিকাৰ বাবে বোৱাই আনিব লাগিব
এজাক নতুন বতাহ,
জীপাল পথাৰত ফুটাই তুলিব লাগিব
মোৰ দেশৰ মাটিৰ গান ।

শুনিছ, শুনিবি, শুনিবই লাগিব তহঁতে,
নৱ শতিকাৰ গৰ্ভত আমি ধাৰণ কৰাম
শব্দেৰে গঢ়া মানৱ্তাৰ অমোঘ বীৰ্য্য,
পুনৰ জী উঠিব অসমীয়াৰ জীয়া ইতিহাস,
হিংসা গলি গলি
জিলিকি উঠিব ভাৰতৰ পূব আকাশত


এক আলোকময় নৱ প্রভাত ।

তেজ লগা ভোগালি

পুৰণি কবিতাৰ শাৰী এটি গুণগুণাই
মেজিৰ উমত বহি আছিল আজন্ম কবি
মৃত্যুশীতল পুহৰ
পোৰা মঙহৰ সোৱাদ লৈ
ভোগালি আহিছে
লাৰু-পিঠা,মাহ-কাৰৈৰ পেটেণ্ট কৰিবলৈ
এইবাৰ বাৰু আহিব নেকি
কোনোবা বিদেশী বণিক ?

ম’হ যুঁজ, কণী যুঁজ দেখোন কেতিয়াবাই অস্পৃশ্য
এইবাৰৰ ভোগালিত
পৰমাণুৰ যুঁজ এখন পতাই ভাল
হাজাৰ হওঁক তেতিয়া
সকলোৱে শুই থাকিব শেষৰ উশাহ লৈ,
কোনোৱে দুখৰ নৈত উটিবলৈ
জীয়াই নাথাকিব
গুপ্তহত্যা-গণহত্যাৰ পিছত
বুকু শুদা হোৱা মাতৃৰ দৰে
সেওঁতা উকা হোৱা বোৱাৰীবোৰৰ দৰে
আৰু বাটে-ঘাটে অনাথ হোৱা শিশুবোৰৰ দৰে

মেজিৰ জুইত জীৱনৰ উম বিচাৰি আহত কবি
হিংসাৰ চুবুৰিত আজি বিদ্রোহী কবি !
ভোগালিক ভোগ কৰিবলৈ কচাইবোৰৰ সংখ্যা বাঢ়িছে
বঢ়া নাই মানুহৰ সংখ্যা,
কবিৰ কলমত সেয়েই হয়তো ইমান নিৰাশা
সময়ৰ তেজ লগা ভোগালিত


(গোষ্ঠীগত সংঘৰ্ষত নিহত সকলৰ স্মৃতিত)

বৰ্ষা

চিকমিক বিজুলী
মেঘবোৰ উদুলি-মুদুলি,
আকাশে মাদল বায়,
পথাৰ সেউজীয়া
ৰোৱণী উৰণীয়া,
প্রকৃ্তি গাভৰু হয়।

উতনুৱা মেঘবোৰে
ৰাংঢালী বৰষাক
বেছিকৈ জোকালে
লুইতখন বলিয়া হয়,
মানুহৰ পাতকত
বৰষাও পাতকী,
ৰজাঘৰৰ পদূলিৰে
ৰাইজৰ চকুলো বয়।

হালোৱা ককাইটিৰ
হিয়াৰে পানচৈ
কাঁচিয়লি ধাননি
লুইতত বুৰ গ’ল,

চৌদিশৰ বতাহত
‘ৰিফিউজী’ৰ হাহাকাৰ,
খালৈটোৰ ভিতৰত
ৰূপোৱালি পুঠিজাকৰ
ফুৰ্ফুৰীয়া গোন্ধটো
ক’ত যে হেৰাই গ’ল!

প্রেমিকৰ পদূলিত
আশাহত গধূ্লি,
কবিৰো ভাষাবোৰ
পাৰ ভাঙি উপচি
ৰাজপথে উটুৱাই নিলে।

বৰতাৰে চেওৱা চালত
ঝিপ ঝিপ বাৰিষাৰ
সুমধুৰ ঝংকাৰ
শুনিবলৈ নোপোৱা,
তামীঘৰাৰ শিবিৰত
ভোকাতুৰ কান্দোনৰ
গুঞ্জৰ ভাঁহি ৰয়।

মানুহেই যেতিয়া
নাভাবি অকণো
আপো্ন ধৰণীক
শতুৰু শালিছে,
বৰষাৰো সিহঁতলে
নালাগে এধানি ব্যথা।

এনেকৈ থাকিলে
সুদূৰৰ গৰাহত
লুইতৰ বুকুত
জাহ যাব অসম
জাহ যাবি অসমীয়া,
ইতিহাসৰ পাত
লুটিয়াই চাবলৈ
ৰৈ যাব আধাজ্বলা প্রলয়ৰ শিখা।

সাৰাংশ

সময়ক এদিন কাণে কাণে ক’ম
আমাৰ মৃত্যুৱে ঈথাৰত চিন নাৰাখিব
আমাৰ প্রেমত টোপনিৰ হিম নগলিব
তথাপি আমাৰ খেদ নাথাকিব
আমিও আছিলোঁ প্রেমিক পৃথিৱী-প্রিয়াৰ

স্থবিৰ সূৰ্য যাৰ গতিৰ আশা নাই
তাৰ কোনো দাবী নাই
তাৰ বাবে স্থিতিৰ সন্ধানো নাই
জিকমিক কৰি জ্বলে ক’ৰবাত
এটি-দুটি প্রাণৰ জোনাকী,
তাতেই সিহঁতৰ সান্ত্বনা
জীৱনত যুঁজাৰ যাতনা নাই
আমি যে নহ’লোঁ আত্মীয়
সেই মূঢ়তাৰ
কপালত লাগি অহা ঘামৰ টোপাল
মৃত্যু সহজ আমাৰ জীৱনৰ দৰে,
তথাপি জানো সহজ আমাৰ জীৱন ?
সেই জটিলতাৰে অংশ আমি
তাৰ কোনো সাৰাংশ নাই

উত্তৰৰ দুৱাৰত অচিনাকি প্রাণ
আমি আলিদোমোজাৰ কবি,
আমি জুৰাছিক
আমি যুযুৎসু
আমি আজন্ম নচিকেতা
আমাৰ কবিতা
আত্মৰত নাৰ্চিচাছৰ
গ্লানিৰে কৰুণ নহয়
ইযে আমাৰ জীৱনৰ কাব্য
দুটি পাৰ এক কৰা
সুৰবালা নদী বয়
পৃথিৱীৰ প্রথম প্রেমৰ
আমাৰ প্রেমৰ বন্দৰ
জোৱাৰৰ গতিৰে মহান
দূৰ এটি বীথোভেন
অতিক্ৰমী জ্ঞানৰ প্রতীচ্য পাৰ
পান কৰি হেমলক
আমাৰ যন্ত্রণাক কৰেহি মধুৰ
আমাৰ সভ্যতাক দিয়েহি খবৰ
ক্ষুদ্র কোনো তৰংগ-প্রান্তৰ

আমাৰ যাত্ৰাৰ সাৰাংশ নাই
সাৰাংশ নাই জোৱাৰৰ
থাকিব নোৱাৰে কঠিন কাব্যৰ;
থাকে মাথোঁ স্থবিৰ প্রজ্ঞা
আৰু মৃত মানুহৰ