গল্প

                 পলায়ন

ৰাতিপুৱা ইমান ভিৰ হয় পল্টন বজাৰ ষ্টে’চনত । কেতিয়াবা বৰ অশান্তি হয় । আচলতে অশান্তি ভিৰৰ পৰা নহয়, হয় নাকটো বেছিভাগ সময় বন্ধ কৰি থাকিব লাগে বাবেহে । বাংগালোৰ এক্সপ্ৰেছ্ এৰিবলৈ এতিয়াও পঞ্চলিচ্ছ মিনিট আছে । ‘এচ্-২’ দবাটো বিচাৰিবলৈ বেছি অসুবিধা নহ’ল । মই ‘চাইড্ লৌৱাৰ্’ বাৰ্থত যাত্ৰা কৰি ভাল পাওঁ, বিশেষকৈ দীঘলীয়া যাত্ৰা হ’লে । দিনতো হাত-ভৰি পোনাই আৰামকৈ যাব পাৰি ।
 
  নিৰ্ধাৰিত সময়তকৈ আধাঘণ্টা দেৰিকৈ, প্ৰায় সাত বজাত বাংগালোৰ এক্সপ্ৰেছ্ এৰিলে । ৰঙ্গিয়া এৰাৰ পিছত একাপ ফিকা চাহ খাই মনটো ভাল লাগি গ’ল । মোৰ বাৰ্থৰ ওপৰৰ বাৰ্থলৈ কোনো অহা নাই এতিয়ালৈকে । হয়তো আগৰ কোনোবা ষ্টে’চনত উঠিব । ৰে’লৰ খিৰিকীৰে বৈ থকা বতাহছাটি গৰমৰ দিনত বৰ ভাল লাগে । আমেজ লাগি আহে !

  -“অকণমান চাবচোন, মই বেগটো ছীটৰ তলত থওঁ ।” কাৰোবাৰ মাতত টোপনিৰপৰা সাৰ পাই গ’লোঁ। ৰে’ল আহি কেতিয়া বঙাইগাওঁ পালে গমেই নাপালোঁ । মোৰ সহযাত্ৰী, সাতাইছ-আঠাইছ বছৰীয়া ডেকা ল’ৰা এজন ডাঙৰ বেগ এটা লৈ ঠিয় হৈ আছে । বেগটো ছীটৰ তলত থোৱাত সহায় কৰিবলৈ মই উঠি দিলোঁ ।
 
  অফ্-চীজনত বাংগালোৰ এক্সপ্ৰেছত অসহ্য ভিৰ নহয় । যাত্ৰাপথত ভালকৈ কথা পাতিবলৈ পালে সময়বোৰ নিয়াৰিকৈ পাৰ হৈ যায় । দবাৰ সহযাত্ৰীসকলৰ লগত কথা পাতি যাবলৈ মই ভাল পাওঁ । অৱশ্যে সদায় যাত্ৰাসংগীৰ মাজত বাৰ্তাসংগী লগ পোৱা নাযায় । তেনে অৱস্থাত হামিয়াই-হিকিটাই যোৱাৰ গত্যন্তৰ নাই ।
 
-   “ক’লৈ যাব আপুনি ?” চিনাকি হোৱাৰ মানসেৰে সহযাত্ৰী যুৱকক সুধিলোঁ ।
-   “অ’ মই, চেন্নাইলৈ যাম ! আপুনি ?” যু্ৱকে মিচিকিয়া হাঁহিৰে উত্তৰ দিলে ।
-   “মই বাংগালোৰলৈ যাম । মোৰ নাম অনন্ত শইকীয়া, গোলাঘাটত ঘৰ ।”
-   “মই অতনু বসুমতাৰী, বিজনীত ঘৰ, গুৱাহাটীতে বেছিকৈ থকা হয় ।”

  লাহে লাহে আমাৰ মাজত কথা-বতৰা আৰম্ভ হ’ল । অতনুৰ বিভিন্ন বিষয়ৰ জ্ঞান আছে । মোতকৈ ছয় বছৰ সৰু, পিছে অভিজ্ঞতা আৰু কথা-বতৰাত বেছ গাঢ় । মোৰ কাপোৰৰ ব্যৱসায়ৰ কথা ওলাল । আমাৰ মুগা শিল্পক কেনেকৈ বিশ্বমূখী কৰিব পাৰি সেই বিষয়ে বাস্তৱিক উপায় কিছুমানৰ কথা ক’লে । কথা পাতি ভাল লাগি আহিল । চেন্নাইলৈ কি কামত গৈ আছে সোধাত ক’লে এন.জি.অ’ৰ কামত আইিছে ।

  অতনু্হঁতে অসমত এইদ্সৰ সজাগীকৰণৰ বাবে এটা বেচৰকাৰী সংস্থা খুলিছে আৰু মানু্হৰ মাজত এইদ্সৰ প্ৰকৃত কাৰণ আৰু এই ৰোগ কেনেকৈ বিয়পে সেইবিষয়ে সজাগতা আনিবলৈ চেষ্টা কৰিছে । লগতে মানু্‌হৰ মাজত থকা ভুল ধাৰণাবোৰ আঁতৰাবলৈও চেষ্টা কৰি আহিছে ।

  - “শইকীয়াদা, বহুতে এতিয়াও নাজানে যে অকল তেজ বা যৌনৰসৰ দ্বাৰাহে এজন মানু্হৰ গাৰ পৰা আন এজনৰ দেহলৈ এই ৰোগ বিয়পিব পাৰে । অন্য সংক্ৰামক ৰোগৰ দ্বৰে স্পৰ্শ, পানী বা উশাহ-নিশাহৰ জৰিয়তে এই ৰোগ বিয়পিব নোৱাৰে । আৰু দুৰ্ভাগ্যবশত: কাৰোবাৰ এই ৰোগ হ’লেও সমাজে তেওঁক উপেক্ষা কৰিব নাপায় । তেওঁক জীয়াই থকাৰ বাবে অনুপ্ৰেৰণা জগাব লাগে । তেতিয়াহে আক্ৰান্তজনে এই বেমাৰ সমাজৰ পৰা নুলুকাব আৰু তেনে হ’লেহে এই ৰোগৰ প্ৰসাৰ কমিব, নহ’লে ই মহামাৰীৰ ৰূপ ল’ব । আমি আমাৰ সংস্থাৰ জৰিয়তে এই কথাবোৰে মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ । আৰু এটা কথা, ‘এইস্. আই. ভি’ ধনাত্মক হোৱা মানেই এইদ্স ৰোগ হোৱা নুবুজায় । ‘এইস্. আই. ভি’ ধনাত্মক ব্যক্তি এজনো সুস্থ মানু্‌হ এজনৰ দৰে জীয়াই থাকিব পাৰে বহুবছৰ । অৱশ্যে তেওঁ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰে বা ৰক্তদান কৰিব নোৱাৰে । কাৰণ তেওঁ এজন বাহক, কিন্ত তেওঁ এজন এইদ্স ৰোগী নহয় । ‘এইস্. আই. ভি’ ধনাত্মক ব্যক্তিক সমাজে হীন চকুৰে চালে বা অৱহেলা কৰিলে, কোনোবাই কিবা কাৰণত ‘এইস্. আই. ভি’ আহৰণ কৰিলে তাক সমাজৰ পৰা লুকুৱাব বিচাৰিব আৰু লুকুৱাই বিয়া-বাৰু কৰালে সি এক অক্ষমণীয় জটিলতাৰ জন্ম দিব ।”
 
  এই সুঠাম চেহেৰাৰ যুৱকজনলৈ মোৰ শ্ৰদ্ধা উপজিল । তেওঁৰ বয়সৰ ল’ৰাবোৰে সাধাৰণতে বিয়া-  বাৰু কৰাই টকা-পইচা ঘটি সংসাৰ চলোৱাত ব্যস্ত থাকে । এওঁ আকৌ মানুহক এইদ্সৰ সংহাৰৰ পৰা বচোৱাৰ উপায় প্ৰচাৰ কৰি ফুৰিছে । ক’ৰ পৰা পালে এই উৎসাহ, ব্যতিক্ৰমী চিন্তা। নুসুধি নোৱাৰিলোঁ ।
  
-    “অতনু, তোমাৰ চিন্তাধাৰা আৰু কাম সঁচাই শলাবলগীয়া ! ইমান কম বয়সতে কেনেকৈনো ইমান মহৎ কাম কৰাৰ হাবিয়াস জন্মিল, সোধাৰ কাৰণে বেয়া নাপাবা ।”

   হঠাৎ সেই সপ্ৰতীভ যুৱকজনৰ মুখলৈ ক’লা ডাৱৰ এচপৰাহে যেন নামি আহিল । অকণমান সময় মনে মনে থাকি ক’লে – “সেয়া এক কৰুণ অধ্যায় শইকীয়াদা ! মই নিজেই এজন ‘এইস্. আই. ভি’ ধনাত্মক ব্যক্তি । আজিৰ পৰা তিনিবছৰ আগতে এই বীজাণু মোৰ শৰীৰত সোমাইছিল । এবছৰমান মানু্হৰ পৰা পোৱা অৱহেলা আৰু অৱজ্ঞাই মোক এই কাম কৰাৰ প্ৰেৰণা দিলে । মই নিজেই নিজৰ বিধাতা হ’বলৈ খুজিলোঁ আৰু অইন কাৰোবাক যাতে এই দুৰ্ভাগ্য, এই অৱহেলা, এই অৱজ্ঞাৰ পৰা ৰক্ষা কৰিব পাৰোঁ তাৰেই প্ৰচেষ্টাত ব্ৰতী হ’লোঁ । এয়াই মোৰ তপস্যা, মোৰ সাধনা ! চেন্নাইত এই ধৰণৰ বেচৰকাৰী সংস্থাবোৰৰ এখন আলোচনা-চক্ৰ অনুষ্ঠিত হ’ব । মই তাত ভাগ ল’বলৈ আহিছোঁ ।”

    অতনুৰ কথা শুনি মোৰ মূৰত যেন বিনা মেঘে বজ্ৰপাত হ’ল । ভাগ্যৰ কি বিড়ম্বনা, এই সুঠাম যুৱক গৰাকী ‘এইস্. আই. ভি’ৰ বাহক; কি অসম্ভৱ সত্য । আৰু তেওঁ জীৱনৰ ওচৰত, ভাগ্যৰ ওচৰত হাৰি নাযাই অইনক জীৱনৰ বাট দেখুৱাইছে; কি অপূৰ্ব সাহস, সুন্দৰৰ সাধনা ।

  ইতিমধ্যে ৰাতি হৈ আহিল । ৰাতিৰ আহাৰ যোগান ধৰা হ’ল । আমি খাই-বৈ শুই পৰিলোঁ ।

-   “শুভৰাত্ৰি, শইকীয়াদা ।”

অতনুক প্ৰত্যুত্তৰ দি শুবলৈ যত্ন কৰিলোঁ । বাৰে বাৰে মনলৈ আহি থাকিল অতনুৰ দুৰ্ভাগ্যৰ কথা, অতনুৰ সাধনাৰ কথা । টোপনি যোৱাই ভাল ।  

                       *******

  হঠাৎ এটা বিকট শব্দত সাৰ পাই গ’লোঁ । বহু সময় একো গম পোৱা নাই কি হৈছে, মাথোঁ হাতদুখনত অসম্ভৱ যন্ত্ৰণা অনুভৱ কৰিছোঁ । কিছুসময় পিছত অশেষ চেষ্টা কৰি উঠি শুনিছোঁ মাথোঁ চাৰিওফালে চিঞৰ, কান্দোন । পুৱাৰ কাঁচিয়লী ৰ’দত দেখিলোঁ আমাৰ ৰে’লৰ দবা কেইটামান ভাঙি-চিঙি গৈছে, এটাৰ ওপৰত এটা উঠি গৈছে । মই কেনেবাকৈ উফৰি চিৰিৰ বাহিৰত পৰি আছোঁ । মোৰ দুয়োখন হাতত তেজ, তলুৱা কাটি গৈছে । দেহৰ অইন কেইবা ঠাইতো কাটিছে । বুজিলোঁ, ৰে’লগাড়ীখন পথচ্যুত হৈছে ।

   আচম্বিতে মোৰ অতনুলৈ মনত পৰিল, ক’ত তেওঁ ? ইফালে-সিফালে চালোঁ । কোনোবাই সেহাই আছে মোৰ পৰা অলপ দূৰত । দেখিলোঁ সেয়া অতনু । লোহাৰ দৰ্জ্জা এখনৰ তলত অতনু চেপা খাই আছে । গাত তেজ । দৰ্জ্জাখন তেওঁৰ গাৰ পৰা আঁতৰ কৰি তেওঁক টানি উলিয়ালে কিজানি অতনুৰ কষ্ট অলপ হ’লেও লাঘৱ হ’ব । মই দৌৰি গ’লোঁ ।

   অতনুলৈ বুলি হাতখন আগবঢ়াই দিওঁ বুলি দেখিছোঁ মোৰ হাতত কটা ঘাঁ, তেজ ওলাই আছে । অতনুৰ গাত চাৰিওফালে তেজ । মনত পৰিল তেওঁৰ কথাবোৰ। তেজ বা যৌনৰসৰ দ্বাৰা ‘এইস্. আই. ভি’ বিয়পে।
তেন্তে মোৰ তেজে যদি অতনুৰ তেজক স্পৰ্শ কৰে, মোৰ দেহলৈও আহিব নেকি মাৰাত্মক বীজাণু । কিন্তু অতনু যে কষ্টত কেঁকাই আছে । কি কৰোঁ মই ? ‘এইস্. আই. ভি’ৰ স্পৰ্শ নে অতনুৰ প্রাণ ?

    মই উঠি দৌৰিলোঁ বিপৰীত ফালে । নাই নাই, মই এই মানৱদৰদী যুৱকৰ যন্ত্ৰণা চাব নোৱাৰোঁ । নোৱাৰোঁ জানি-শুনি ‘এইস্. আই. ভি’ সাৱটি ল’ব । মই পলালোঁ অতনুৰ পৰা, সেই মুহূৰ্তটোৰ পৰা ।

   অতনু নাবাচিল, পিছত গম পালোঁ । লোহাৰ দৰ্জ্জাৰ চেপাত উশাহ বন্ধ হৈ গৈছিল হেনো ।

মই আজিও পলাই আছোঁ সেই মুহূৰ্তটোৰ পৰা, মানৱতাৰ এটা কৰুণ কেঁকনিৰ পৰা । মই ভুল নে শুদ্ধ !!