Friday, December 23, 2011

জোনাকৰ সাধু শুনা আইতাৰ চোতাল

এপাৰ্টমেণ্টৰ শূন্যতাত অবিন্যস্ত চুলিৰে
উজাগৰী নিশাত ৰঙা পৰা দুচকুৰে
ভিডিও গে’মত মহাকাশ বিচাৰি হাহাকাৰ কৰা
ব্যস্ত আধুনিক শিশুটিক দেখি
মই কেতিয়াবা উভতি যাওঁ
জোনাকৰ সাধু শুনা আইতাৰ চোতাললৈ ।
শুকুলা ঘোঁৰাত উৰি যোৱা ৰাজকুমাৰৰ সপোন দেখা
মইনাই মোক যেন কাণে কাণে আকৌ কৈ যায়
আমাৰ মনৰ টেলিভিশ্যনৰ কথা,
কেনেকৈ বাঘ আৰু হৰিণাই লুকা-ভাকু খেলি
বহল কৰিছিল আমাৰ মনৰ আফ্ৰিকা ।

তাহানি আমাৰ গাল আৰু চোলাত
আইতাৰ তামোলৰ পিকেৰে ৰঙা পৰা চুমা ।
আইয়ে গালি পৰা নাছিল
সোধা নাছিল কেনেকৈ হ’ল লেতেৰা,
পিকৰ চুমাৰ মৰম আইয়ে ভালকৈ বুজিছিল
কাৰণ ধনৰ অভাৱে মনৰ দৰদ কমোৱা নাছিল,
আমাৰ তেতিয়া ৱাশ্বিং মেচিনো নাছিল !

আইতা আছিল আমাৰ মনৰ টেলিভিশ্যন
মহাভাৰত-ৰামায়ণ, বেউলা-হৰিশ্চন্দ্ৰৰ
নতুন নতুন এপিস্য’দে ভিৰ কৰিছিল
গৰমৰ সন্ধিয়া আমাৰ মনৰ স্ক্ৰীণত ।
আৰু শীতৰ আবেলিত চোতালৰ এমূৰত
আইতাৰ ধেমালিয়ে আৰু বেছি ৰঙা কৰা
জুইকুৰা যেন আছিল
আমাৰ কাৰ্টুন নেটৱৰ্কৰ আখৰা,
বান্দৰ-শিয়াল, কাউৰী-টিপচিৰ অলেখ অজস্ৰ খেলা ।

এপাৰ্টমেণ্টৰ শূন্যতাত অবিন্যস্ত চুলিৰে
আংকল চিপছ্ চোবাই
“ৰোদ্যিজ্” হোৱাৰ সপোন দেখা এই শিশুটোক
আমি নিদিওঁ আমাৰ শৈশৱৰ বতৰা,
তাৰ বাবে শৈশৱ মানে চুইমিং পুলৰ কম্পিটিশ্যন,
জনাই-নজনাই নাচি থকা হিপ-হপৰ ফেশ্যন ।
ককা আৰু আইতা তাৰ বাবে এসপ্তাহৰ হ’লীড্যে ছীজ্যন ।

তাৰ বাবে আইতাৰ চোতালৰ জোনাক
নিৰ্বাসিত হ’ল নিয়ন-উজ্জ্বল কৃত্ৰিমতাত,
আৰু সেই শিশুৱে যুৱক হৈ
যদিহে বিচাৰে জীৱনৰ অৰ্থ
কেৱল গোলাপী নিচাত আৰু অভিজাত অভিধাত,
আমি দোষ দিওঁ আধুনিক নিশাৰ শব্দময় নিৰৱতাক ।

Thursday, December 1, 2011

নৱেম্বৰ - ২০১১

তেনেকুৱা এটি নৱেম্বৰত
মোক পুনৰাই জগাই নিদিবা,
যাৰ প্ৰথম সপ্তাহে
কাঢ়ি নিয়ে মোৰ মাতৃভূমিৰ সুৰ আৰু কণ্ঠৰ গান
আৰু যাৰ শেষৰ সপ্তাহত
মোৰ মাতৃভূমিয়ে পুনৰ হেৰুৱায়
তেওঁৰ অম্লান হাঁহি আৰু যাদুকৰী শব্দৰ সমাহাৰ ।

তেনেকুৱা এটি নৱেম্বৰত
মোক পুনৰাই জগাই নিদিবা,
যেতিয়া চকুপানীয়ে প্ৰকাশৰ বাট হেৰুৱায়
বুঢ়া লুইতেও ব’বলৈ পাহৰি যায়,
মানৱতাৰ প্ৰেমিক-প্ৰেমিকা একেলগে আঁতৰি যায়
আৰু আমাৰ ক্ষুদ্ৰতাই ঢুকি নোপোৱা সেই শূন্যতা
কদাচিত পুৰোৱা নাযায় ।

আৰু যদি কেতিয়াবা মোক জগাই দিয়া
ভৱিষ্যতৰ কোনোবা নৱেম্বৰত,
তেনেহ’লে মোৰ মাতৃভূমিক অতুল সাহস দিয়া,
দিয়া সেই প্ৰেৰণা
যাৰে তেওঁ সপোন দেখিব পাৰে
তেনে এক প্ৰেমৰ সেউজীয়া উপত্যকাৰ
বিশ্বই বুজিব যাক, পৃথিৱীয়ে আদৰিব যাক
যাৰ সপোন ৰচিছিল সুৰ আৰু শব্দত
সেই দুই স্বপ্নদ্ৰষ্টাই ।

প্ৰতিজন মানুহৰ আত্মাই স্পৰ্শ কৰক
প্ৰতিজন চিনাকি আৰু প্ৰতিজন অচিনাকিৰ আত্মা,
হিংসাৰ চুবুৰি গলি শেষ হক
ৰক্তপাতৰ নৈ চিৰদিনলৈ স্তব্ধ হক,
তেওঁলোকে কোৱাৰ দৰে
ইজনে সিজনৰ বাবে প্ৰেমৰ কুটীৰ সাজক ।
হে সময়, হে আকাশ
তেনে এটি ভৱিষ্যৎ যদিহে দ্ৰষ্টব্য তোমাৰ
তেতিয়াহে মোক পুনৰ জগাই দিবা
ভৱিষ্যতৰ কোনোবা নৱেম্বৰত ।

(ভূপেনদা আৰু মামণি বাইদেউৰ স্মৃতিত)