Tuesday, June 14, 2011

মহানগৰ

পৃথিৱীৰ প্রথম প্রেমৰ
বুৰঞ্জীৰ প্রথম যুঁজৰ
স্বাক্ষৰ এই মহানগৰ,
সভ্যতাৰ শেষ স্বপ্ন মানুহৰ ।

যুঁজি যুঁজি হাৰি গ’ল কত ইতিহাস
অজানা হৈ ৰ’ল কত যে সাথঁৰ ।
তথাপি সেই একেই সংগ্রাম
সেয়াই সভ্যতা, সেয়াই যুঁজৰ
কল্পনাৰ এভাৰেষ্ট যুগ-যুগান্তৰৰ ।

শূন্যতে ওলমি
শূন্যতে মৰহি গ’ল
কত বেবিলন,
কিমান স্বপ্ন দিগ্বিজয়ী আলেকজেণ্ডাৰৰ ।
ঈৰ্ষাৰ জুইত জাহ গ’ল
কত সোণালী লঙ্কা,
ঈৰ্ষা শেষ নহ’ল তথাপি মানুহৰ ।

সাজি গ’ল বাৰে বাৰে
সেই একেই মহানগৰ,
সভ্যতাৰ শেষ বিন্দু
কল্পনাৰ শেষ সীমা
গগনচুম্বী অট্টালিকা
যন্ত্রণাগ্রস্ত হেজাৰজনৰ ।
লাগিলে সেয়া হওঁক এঘাৰ ছেপ্টেম্বৰ
অথবা ছাব্বিশ নবেম্বৰ ।

হৰপ্পা-মহেঞ্জাদাৰোৰ স্বপ্ন
কলিতেই মৰহি গ’ল,
বাগদাদ-কাবুলত শেষ হ’ল সেই ইতিহাস,
মহানগৰ হ’ল কাউৰী-শগুণৰ আহাৰ ।

স্বপ্ন শেষ হ’ল এজাক মানুহৰ
বোবা হৈ ৰ’ল আশা
পঙ্গু হৈ ৰ’ল আমাৰ প্রাণৰ নগৰ ।

নিজৰ ঘামকে
নিজেই সাৱটি
দুৰ্গন্ধত লেটি লৈ থাকিল
মানুহৰ যন্ত্রণাৰ সাঁথৰ,
বন্ধ কোঠাত ব্যস্ত হাহাকাৰ
মহানগৰ নামৰ এক ব্যৰ্থ সাঁথৰ ।

ব্যস্ত হ’ল ইয়াত জীৱিকা
ব্যস্ত হ’ল এলান্ধু-ক’লীয়া মনৰ ডাৱৰ,
জীৱিকাই কবৰ হ’ল সৰু সৰু স্বপ্নৰ ।

তেনেহ’লে
ক’ত পৰি ৰ’ল
আমাৰ মহানগৰ।
সভ্যতাৰ শেষ স্বপ্ন
কল্পনাৰ এভাৰেষ্ট
আজিৰ মানুহৰ
আৰু অযুত যুগৰ ।

Monday, June 6, 2011

দেওবাৰ

প্রাত্যহিকতা শেষ হ’লে
দৈনন্দিন খুচুৰা খবৰবোৰ
বতাহত জাহ গ’লে
ঘূৰি আহে আমাৰ হেঁপাহৰ দেওবাৰ
খুলি দিয়ে সৰু সৰু হাঁহিৰ দুৱাৰ ।

জীৱিকাৰ মৃত গলিৰ পৰা উঠি আহে
সেই এটাই মাথোঁ শান্তি
এটাই মাথোঁ তৃপ্তি
আমাৰ হেজাৰ স্বপ্নক প্লাৱিত কৰা ।

সময়ৰ অগা-ডেৱাত
জীৱনৰ ধামখূমীয়াত
হেৰাই যদি যায়সেই দেওবাৰ,
বিৰক্তিত শুকাই যদি যায়
সমস্ত হাঁহিৰ থুনপাক,
কাৰ স’তে উমলিম আমি
কাক ক’ম মন খুলি
কুঁৱলীৰ ধোঁৱাৰে ধূসৰ চাকনৈয়া ।

সেয়েহে জীৱনত
সেয়েহে জীৱিকাৰ অভাৱী সমুদ্রত
প্রয়োজন আছে
এটি-দুটি মিঠা দেওবাৰ
আমাৰ হেজাৰ স্বপ্নক প্লাৱিত কৰা ।

Thursday, June 2, 2011

হৃত দিগন্ত – লুপ্ত আকাশ

ৰাতিৰ নিঃশব্দতাই কাঢ়ি নিয়ে প্রেম
অতীত-বিলাপত হেৰাই যায় প্রেম,
স্থূল দুটি আঙুৰৰ কলিত শেষ হয় মিলন-আলাপ ।
আৰু আমি আক্ষেপ কৰোঁ,
প্রেমৰ সময় নাই ।
আমাৰ কাণত অহৰহ বাজে
আমাৰ আভিজাত্যৰ বিননি,
আমাৰ সময় শেষ হয়
জীৱনৰ নিমিলা অংকৰ হিচাপ কৰি ।

স্থবিৰ আমাৰ প্রজ্ঞাই কাঢ়ি নিয়ে
সৰল নিৰল শৰালি আৱেগ,
আমি মাথোঁ পৃথিৱীক দেখুৱাও
অবুজ ব্যস্ততাৰ অজানিত খেল ।
আৰু আমি আক্ষেপ কৰোঁ,
আবেলিৰ ৰামধেনু আবেলিতে হেৰায়
আমাৰ দেখোন চাবৰ সময় নাই,
ভাগৰুৱা মগজুৰ আহৰি যে নাই ।

তথাপিও আমাক প্রেম লাগে
কংক্রীটৰ অৰণ্যত সান্নিধ্যৰ জটিলতা,
তাত আমাৰ জ্ঞানৰ পোহৰ নাই
আছে মগজুৰ আন্ধাৰ,
জীৱন জীৱন লগা সময়ৰ অভাৱত
উপত্যকাৰ সেউজীয়াই আমাৰ হৃদয় নভৰায়
দুই ওঁঠে মাথোঁ পাটীগণিতৰ নেওঁতা আওঁৰায় ।

আৰু আমি আক্ষেপ কৰোঁ
মাথোঁ আক্ষেপ কৰোঁ
সপোনপুৰত জোনাক নাই,
আমাৰ অখ্যাত দিগবলয় মৃত্যুৱেও মহান কৰি নাযায় ।