Sunday, January 15, 2012

হৃদয়ৰ বিজ্ঞাপন

আছে জানো, আছে যদি দিবাচোন
তেনে কোনো নাৰীৰ ঠিকনা,
পাৰ হৈ পুৰুষৰ দেহৰ ভূগোল
যিয়ে বিচাৰিব খোজে হৃদয়ৰ নিবিড় তপ্ততা ।
যাৰ বাবে সুখৰ সংজ্ঞা সৰল
জীৱনৰ দৰে বহল,
ধনৰ অভাৱে নকমায় যাৰ মনৰ দৰদ,
প্ৰতিটো দেওবাৰ যাৰ বাবে নহয়
মাথোঁ শ্বপিং-মলৰ পাৰফিউমৰ সুবাস
আৰু অনৰ্থক তুলনাৰ বজাৰ ।

আছে যদি দিবাচোন
তেনে কোনো নাৰীৰ ঠিকনা,
সভ্যতাৰ এলান্ধু কঢ়িয়াই
লক্ষ্যহীন কৰি তোলা নাই যাক আধুনিক ব্যস্ততাই,
নিয়ন চাকিৰে উজ্জ্বল পঞ্চতাৰকা হোটেলৰ আবেলিয়ে
মচিব নোৱাৰে যাৰ মনৰ পৰা
জোনাকী পৰুৱাৰে জিল্‌মিল্‌ সন্ধিয়াৰ খবৰ ।
অনুভূতিৰ উপহাৰত নিবিচাৰে যিয়ে হীৰা-পান্নাৰ চমক,
যাৰ মন আছে জীয়াই থাকি গঢ়িবলৈ সঁচা মানুহৰ এখনি সমাজ ।

আছে যদি দিব পাৰা
তেনে কোনো নাৰীৰ ঠিকনা,
বিনিময়ত হে পৃথিৱী,
মই বিসৰ্জন দিব পাৰোঁ মোৰ সমস্ত অহংকাৰ,
প্ৰতিশ্ৰুতি দিব পাৰোঁ
অনাহূত কামনাই বিষণ্ণ নকৰা হাজাৰ প্ৰেমিক মুহূৰ্তৰ
আৰু আলফুলীয়া মৰমে আৱৰা হেঁপাহৰ এখনি ঘৰৰ ।


আছে জানো কোনোবা তেনে নাৰী ?
যাৰ লগত বিনিময় কৰিব পাৰোঁ হৃদয়ৰ ঠিকনা ।

ৰাতিৰ ৰামধেনু

ৰাতিৰ ৰামধেনু দেখিছা,
পৃথিৱীয়ে হাঁহিব সুধিলে !
কাৰণ,
কোনেও দেখা নাই আমাৰ আগতে ।

তুমি আৰু মই দেখিছিলোঁ,
আবেলি আবেলি লগা এনিশা
জোনৰ পোহৰে লুকা-ভাকু খেলি
দূৰণিৰ মেঘৰ বুকুত জিলিকাই তোলা
বগা-ক’লা ৰামধেনু,
সাতৰঙ চকুৱে মণিব নোৱাৰা ।

আৰু এতিয়া
তুমিও আছা, মইও আছোঁ
একেই আছে সেই আকাশ,
ৰাতিৰ ৰামধেনু পিছে নাই !
আছে মাথোঁ অপেক্ষাৰ হাহাকাৰ ।

তাৰ ৰঙবোৰ ক’লা হয়, বগা হয়
নিশাৰ নিয়ৰত সিহঁত বিলীন হয় ।
নিৰ্জন চাদৰ ওপৰত
হুমুনিয়াহবোৰ চকুৰ মুকুতা হয় ।
আৰু
তোমাৰ ব্যাকুলতা কঢ়িয়াই
দূৰণিৰ পৰা বৈ অহা বতাহজাকে
জোনৰ বুকুত জোৱাৰ তোলে আৱেগৰ ।

চাইকেল

যদি চাইকেলে হ'লহেঁতেন ককা আৰু দেউতাৰ
আৰু মোৰ আৰু বাইদেউৰ,
লগতে ভাইটিৰো
ইফাল সিফাল কৰা
ইতিহাসৰ মাথোঁ একমাত্ৰ বাহন,
সৰল হ’লহেঁতেন মোৰ দেশৰ ভূগোল ।
আইৰ ভাষা মোৰ অতিকে আপোন
এলাগী নহ'লহেঁতেন মোৰ সন্তানৰ বাবে ।
পানী-জাহাজত ভাহি নাহিলহেঁতেন চাহাবী ঢং
আৰু বৰ্ণ-বৈষম্যৰ ৰেণু,
একত্ৰিছ ডিচেম্বৰত
কেক খাই পাহৰি নগ’লোঁহেঁতেন
ৰাস্তাৰ একাষত ভোকত বাগৰি থকা
অথবা দাস্তবিনত ৰেচন বিচাৰি হাহাকাৰ কৰা
অমূল্য বৰুৱাৰ কুকুৰবোৰৰ ক্ষুধাৰ যন্ত্ৰণা ।

চাইকেলৰ হেণ্ডেলৰ প্ৰেমৰ বতাহ
প্ৰতিযোগিতাৰ কয়লাৰ ধোঁৱাৰে ধূসৰ নহয়,
প্ৰেমত সময় থাকিলহেঁতেন
আৰু থাকিলহেঁতেন
যেতিয়াই মন যায়
ব্ৰেক মাৰি ৰৈ যোৱা মৰমৰ আব্দাৰ ।

চাইকেলৰ চকাৰ স্পোকত নালাগে
সভ্যতাৰ এলান্ধু,
পেডেলত নাথাকে
প্ৰকৃতিক ভেদ কৰি আগুৱাই যোৱাৰ
পুঁজিবাদী মোহ ।
চাইকেল সেয়েহে আধুনিক মানুহৰ
সম্প্ৰীতিৰ অসম্পূৰ্ণ ৰূপ ।

যদি চাইকেলে হ’লহেঁতেন
মোৰ আৰু সকলোৰে
ইফাল সিফাল কৰা
ইতিহাসৰ মাথোঁ একমাত্ৰ বাহন,
মানুহৰ আদিম প্ৰেম জীপাল হ’লহেঁতেন
আৰু আমাক আমুৱাব নোৱাৰিলেহেঁতেন
আভিজাত্যৰ আৰামে ।
অভাৱী ঈশ্বৰে মন্দিৰ-মছজিদ-গীৰ্জা এৰি
মাটিত পৰিলহেঁতেন হাইঠাৰ দৰে,
আৰু উভতি নগ’লহেঁতেন
পংকিল আলিৰ বুকুত চাইকেলৰ চকাই
এৰি যোৱা কোমল ভিজা চিনবোৰৰ দৰে ।

কেন্সাৰ

অতি সংগোপনে আহি থিতাপি লৈছিল
বিজুলী বাঁহৰ পাবত সৰু এটি ঘূণ ।
আলকাতৰাৰ দৰে কঠোৰ আৰু ক’লা,
স্বপ্নক প্লাৱিত কৰাৰ খেল ।
জ্ঞানৰ আকাশ অতিকে বহল
প্ৰেমৰ আকাশৰ ক্ষুদ্ৰ পৰিসৰ ।
জ্ঞানৰ আকাশত ক’লা এটুকুৰা মেঘ
প্ৰেমৰ আকাশত জয়াল আন্ধাৰ ।

বিজুলী বাঁহৰ পাবত সৰু এটি ঘূণ ।
গোপনে গোপনে খেলি গ’ল
ধৰা নপৰাৰ খেল ।
মগজুত কিলবিলাই ফুৰে ৰাশি ৰাশি যাতনা,
স্বপ্ন দেখা দুচকুত যন্ত্ৰণাৰ ছাঁ ।
কেতিয়া কিমানৰ বুকু শুদা হ’ল
কেতিয়া কিমানে নীলকণ্ঠ হ’ল,
কাৰ মূৰৰ ওপৰৰ পৰা
প্ৰেমৰ আকাশ আঁতৰি গ’ল,
তাৰোতো হিচাপ নাই ।

মাথোঁ
বিজুলী বাঁহৰ পাবত সৰু এটি ঘূণ ।
লুকাই-চুৰকৈ খুলি খাই গ’ল
পোৱা-নোপোৱাৰ হিচাপ কৰিবৰ হ’ল ।
জমা-খৰচৰ বহীত দেখোন
জমাৰ ঘৰত একোৱে নাই
খৰচৰ ঘৰতো কেৱল চকুপানী ।

বিজুলী বাঁহৰ পাবত সৰু এটি ঘূণ,
আলকাতৰাৰ দৰে কঠোৰ আৰু ক’লা ।
জ্ঞানৰ আকাশত খেলি গ’ল
ধৰা নপৰাৰ লুকাভাকু খেল ।
আৰু যিদিনা ধৰা পৰিল
প্ৰাণৰ পথাৰত নাছিল এটাও জোনাকী ।
খৰচৰ ঘৰত কেৱল চকুপানী ।