Sunday, January 15, 2012

হৃদয়ৰ বিজ্ঞাপন

আছে জানো, আছে যদি দিবাচোন
তেনে কোনো নাৰীৰ ঠিকনা,
পাৰ হৈ পুৰুষৰ দেহৰ ভূগোল
যিয়ে বিচাৰিব খোজে হৃদয়ৰ নিবিড় তপ্ততা ।
যাৰ বাবে সুখৰ সংজ্ঞা সৰল
জীৱনৰ দৰে বহল,
ধনৰ অভাৱে নকমায় যাৰ মনৰ দৰদ,
প্ৰতিটো দেওবাৰ যাৰ বাবে নহয়
মাথোঁ শ্বপিং-মলৰ পাৰফিউমৰ সুবাস
আৰু অনৰ্থক তুলনাৰ বজাৰ ।

আছে যদি দিবাচোন
তেনে কোনো নাৰীৰ ঠিকনা,
সভ্যতাৰ এলান্ধু কঢ়িয়াই
লক্ষ্যহীন কৰি তোলা নাই যাক আধুনিক ব্যস্ততাই,
নিয়ন চাকিৰে উজ্জ্বল পঞ্চতাৰকা হোটেলৰ আবেলিয়ে
মচিব নোৱাৰে যাৰ মনৰ পৰা
জোনাকী পৰুৱাৰে জিল্‌মিল্‌ সন্ধিয়াৰ খবৰ ।
অনুভূতিৰ উপহাৰত নিবিচাৰে যিয়ে হীৰা-পান্নাৰ চমক,
যাৰ মন আছে জীয়াই থাকি গঢ়িবলৈ সঁচা মানুহৰ এখনি সমাজ ।

আছে যদি দিব পাৰা
তেনে কোনো নাৰীৰ ঠিকনা,
বিনিময়ত হে পৃথিৱী,
মই বিসৰ্জন দিব পাৰোঁ মোৰ সমস্ত অহংকাৰ,
প্ৰতিশ্ৰুতি দিব পাৰোঁ
অনাহূত কামনাই বিষণ্ণ নকৰা হাজাৰ প্ৰেমিক মুহূৰ্তৰ
আৰু আলফুলীয়া মৰমে আৱৰা হেঁপাহৰ এখনি ঘৰৰ ।


আছে জানো কোনোবা তেনে নাৰী ?
যাৰ লগত বিনিময় কৰিব পাৰোঁ হৃদয়ৰ ঠিকনা ।

2 comments: