Wednesday, August 31, 2011

এখন মুকলি চিঠি

আহাচোন আহা সখী
জোনাকতে বহোঁ এদিন
বহুদিন আকাশৰ তৰা লেখা নাই,
বহু ৰাতি পাৰ হ’ল
জীৱিকাৰ খুচুৰা হিচাপ কৰি ।
ৰাতিৰ আকাশে,
আমাৰ চিনাকি আকাশে
কিজানি কান্দিছে উষ্ম আশাৰে,
জোনৰ চকুলোৰে ওফন্দি উঠিছে
ইপাৰৰ লুইত, সিপাৰৰ কাৱেৰী ।

তোমাৰ সময় হ’লে
মোৰো যে সময় হ’ব,
মোৰ সময় হ’লে
তোমাৰো সময় হ’ব,
বাৰিষাৰ তেনে এটি ৰাতিপুৱা
তুমি আৰু ময়ে সখী,
মাইনুৱে ভাইটিয়ে
(বাইদেউজনী বিয়া হৈ গ’ল)
বৰষুণত তিতিম,
কিমানযে ভাল লাগিব
বৰষীত নাপালে মাছ
ভেকুলীকে তুলিম ।
মন গ’লে বাৰু
পথাৰৰ বোকা খচকিম
নহ’লে পাৰত বহি
বালিমাহীৰ নাচোন চাম ।
পৃথিৱীৰ সৰল হাঁহি
বতাহত ভাঁহি আহি
আমাৰ বুকুতো উঠিব বাজি ।

এইবোৰতে আছে সখী
আমাৰ জীৱনৰ ‘ফিল’ছ’ফী’,
মৰমে গধূৰ কৰা
হৃদয়ৰ নিবিড় দাবী ।

বৰ ভাগৰ লাগে নেকি
জীৱনটো বুজি বুজি
নুবুজা ভাৰৰ নেওঁতা মাতি ।

ভাল লাগে শুক্লেশ্বৰ ঘাটৰ সূৰ্যাস্ত,
ভাল লাগে চাই দাৰ্জিলিঙত
একেটা সূৰ্যৰ পুনৰ্জন্ম,
অকলে চাই ভাল লাগেনে
কাষত থাকিলে মৰমৰ আব্দাৰ ।
আত্মাৰ আহাৰ বিচাৰি
আমি ঘূৰি ফুৰোঁ সখী,
এই যাত্রাৰ শেষ নাই,
জীৱনৰ বতৰা বিলাই
উৰি ফুৰে এহাল টুনটুনী ।

আমি বহুতেই শুনা নাপাওঁ
দেখা নাপাওঁ,
পঢ়ি থাকোঁ মাথোঁ
চাইক’ল’জীৰ ওলোটা বুৰঞ্জী ।

সেয়ে সখী আজি
তোমাক মাতিছোঁ,
আহাচোন
জোনাকতে বহোঁ !
গলি গলি যাব জোন,
তোমাৰ দীঘল চুলিৰ মাজত
মুকলি হ’ব জীৱনৰ দৰ্শন,
জপাই থ’ম চাইক’ল’জীৰ পুৰণি বহী ।
*********************************

Saturday, August 6, 2011

দেহ যাৰ শ্ৰমৰ সীমান্ত

পুৱতি নিশাৰ এঙামূৰি ভাঙি
এদিন আমি গৈছিলোঁ
আমাৰ হাড় আৰু মাংসৰ বোজা কঢ়িয়াই
শিল আৰু লোহাৰ বুকুৰে,
সিপাৰে আছিল আমাৰ সৃষ্টিৰ সূৰ্য ।
আমি পাৰ হৈছিলোঁ
এক-দুই-তিনি কৰি
ক্রমাগত একোটা পুৰণি নম্বৰ ।
আমাৰ সংগী
বাটে-ঘাটে এৰি যোৱা
ভঙা-চিঙা এটি-দুটি
তপত ধোঁৱা আৰু নিশাহৰ গোন্ধ সনা
প্রাচীন ষ্টেচন,
একেই গাঁও
সেই একেই নগৰ
যন্ত্রণাগ্রস্ত কিছু খুচুৰা মুহূৰ্তৰ ।

কিয় জীয়াই থাকে এই অনুপাত
জাৰজ বতাহত কিয় ভাঁহি ফুৰে
অস্পৃশ্য আকাংক্ষাৰ ভিৰ,
সমিধান বিচাৰি তাৰ
হাহাকাৰ কৰা নাই আমি
বুঢ়া লুইতৰ বালিৰ শূন্যতাত
অথবা হুগলীৰ পাৰৰ ব্যস্ততাত ।
আমি মাথোঁ পাৰ হওঁ
ঘড়ীবোৰ চাই চাই,
মিনিটৰ কাঁটা বাৰত লাগি
কেতিয়া ঘণ্টাবোৰ মিনিট হয়
আৰু শেষ হয় আমাৰ অপেক্ষাৰ অন্ধকাৰ ।

জৰায়ুৰ আন্ধাৰতো জীয়াই থাকে মানুহ
জীৱন আৰু জীৱিকাৰ তিনিটা উলুটিও মানুহ,
খড়গপুৰৰ খালী বটলত
থক্ থক্ ঠাণ্ডাত
জীৱিকাৰ আকাশ বিচৰা শিশুটিও মানুহ,
আমিতো নোৱাৰোঁ;
সিহঁত মানুহ নহয়, তেনে
আমি কি মানুহ ?
দেহ যাৰ শ্ৰমৰ সীমান্ত
সিহঁতৰ সূৰ্য নাই, তেনে
সূৰ্য কাৰ ? আমাৰ ভৱিষ্যতৰ !!

(ৰচনাকাল: জুন,২০০৩, ৰেলত যেতিয়া প্রথমবাৰৰ বাবে বাংগালোৰলৈ আহিছিলোঁ কিছুমান সপোন সাৱটি)