Sunday, February 12, 2012

প্ৰতিশ্ৰুতি

তোমাৰ কাৰণে জোনাক হ’ব পাৰোঁ
কাহানিও আঁউসী ননমা,
মাথোঁ কোৱা
তুমি মোৰ আকাশ হ’ম বুলি ।

তোমাৰ কাৰণে নাৱৰীয়া হ’ব পাৰোঁ জীৱন নাৱৰ
হুম্ হুম্ ধুমুহাৰ অশান্ত নিশাতো,
তুমি মোৰ বাবে যদি
সাগৰ হ’ম বুলি কোৱা ।

হে প্ৰিয়তমা,
শূন্যতাৰ সমাধি খহাই
তোমাৰ বাবে সাজিব পাৰোঁ
হৃদয়ৰ নতুন কাৰেং,
কাৰেঙৰ পদূলিত তুমি যদি
আল্পনা আঁকিম বুলি কোৱা ।

সুখৰ আবেলিত অথবা দুখৰ পুৱাত
তোমাৰ কণ্ঠৰ গীত হ’ব পাৰোঁ,
মাথোঁ কোৱা
তুমি মোৰ কবিতাৰ সুৰ হ’ম বুলি ।


প্ৰেমৰ চিনাকি-অচিনাকি প্ৰতিখন দুৱাৰ
তোমাৰ বুকুতে মুকলি হ’ব,
তোমাৰ প্ৰেমেৰে যদি
মোক মহান কৰি যোৱা, হে প্ৰিয়তমা !

পূৰ্বৰাগ

‘১’
পূৰৱীৰ ৰাগিনীয়ে মধুৰ ঝংকাৰ তুলি
দূবৰিক কাণে কাণে কয়
মৰমৰ নিয়ৰ শুকাবলৈ নিদিবা,
দিনৰ ভাগৰ গুচাই সেই নিয়ৰতে
মিতালি সন্ধিয়াত জিলমিলাই থাকিব
অকণি আকাশৰ তৰা ।

‘২’
জোনাক গলা নিশাবোৰত
আমিও দেখিব পাৰোঁ সপোন,
মাটিৰ সপোন ।
মেঘকন্যাৰ সলাজ হাঁহিত
হৃদয় দাপোণত নিজকে প্ৰকাশ কৰাৰ সপোন ।

প্ৰস্তাব

তোমাৰ হাঁহিত ৰ’দৰ বৰষুণ নামে
সূৰুযে কৈ গ’ল কাঁচিয়লী পুৱাতে,
তোমাৰ মাতে হৃদয়ত
হেজাৰ আকাংক্ষাৰ জোৱাৰ তোলে
নিৰৱে কৈ গ’ল কুঁৱলীৰ আকাশে ।

পৃথিৱীৰ প্ৰতিমুঠি সেউজীয়াই ক’ব
তোমাৰ অপেক্ষাত পোহৰ আছে,
সেই পোহৰে উজলাই তোলা
আকাশৰ প্ৰতিটো তৰাই ক’ব
তোমাৰ অপেক্ষাত জীৱন আছে,
সেই জীৱনৰ প্ৰতিটো খোজেই ক’ব
তোমাৰ অপেক্ষাত সময় আছে ।

বয়সৰ সীমাৰেখাৰে অঁকা নাযায় হৃদয়ৰ মানচিত্ৰ
সময়ৰ লেখাত নাথাকে অনুভূতিৰ বুৰঞ্জী,
তোমাৰ আকাশৰ ৰামধেনু বুলি যদি ভাবা
চাইক’ল’জীৰ পুৰণি বহীখন জপাই থ’বা ।