Sunday, February 12, 2012

প্ৰতিশ্ৰুতি

তোমাৰ কাৰণে জোনাক হ’ব পাৰোঁ
কাহানিও আঁউসী ননমা,
মাথোঁ কোৱা
তুমি মোৰ আকাশ হ’ম বুলি ।

তোমাৰ কাৰণে নাৱৰীয়া হ’ব পাৰোঁ জীৱন নাৱৰ
হুম্ হুম্ ধুমুহাৰ অশান্ত নিশাতো,
তুমি মোৰ বাবে যদি
সাগৰ হ’ম বুলি কোৱা ।

হে প্ৰিয়তমা,
শূন্যতাৰ সমাধি খহাই
তোমাৰ বাবে সাজিব পাৰোঁ
হৃদয়ৰ নতুন কাৰেং,
কাৰেঙৰ পদূলিত তুমি যদি
আল্পনা আঁকিম বুলি কোৱা ।

সুখৰ আবেলিত অথবা দুখৰ পুৱাত
তোমাৰ কণ্ঠৰ গীত হ’ব পাৰোঁ,
মাথোঁ কোৱা
তুমি মোৰ কবিতাৰ সুৰ হ’ম বুলি ।


প্ৰেমৰ চিনাকি-অচিনাকি প্ৰতিখন দুৱাৰ
তোমাৰ বুকুতে মুকলি হ’ব,
তোমাৰ প্ৰেমেৰে যদি
মোক মহান কৰি যোৱা, হে প্ৰিয়তমা !

No comments:

Post a Comment