Friday, December 23, 2011

জোনাকৰ সাধু শুনা আইতাৰ চোতাল

এপাৰ্টমেণ্টৰ শূন্যতাত অবিন্যস্ত চুলিৰে
উজাগৰী নিশাত ৰঙা পৰা দুচকুৰে
ভিডিও গে’মত মহাকাশ বিচাৰি হাহাকাৰ কৰা
ব্যস্ত আধুনিক শিশুটিক দেখি
মই কেতিয়াবা উভতি যাওঁ
জোনাকৰ সাধু শুনা আইতাৰ চোতাললৈ ।
শুকুলা ঘোঁৰাত উৰি যোৱা ৰাজকুমাৰৰ সপোন দেখা
মইনাই মোক যেন কাণে কাণে আকৌ কৈ যায়
আমাৰ মনৰ টেলিভিশ্যনৰ কথা,
কেনেকৈ বাঘ আৰু হৰিণাই লুকা-ভাকু খেলি
বহল কৰিছিল আমাৰ মনৰ আফ্ৰিকা ।

তাহানি আমাৰ গাল আৰু চোলাত
আইতাৰ তামোলৰ পিকেৰে ৰঙা পৰা চুমা ।
আইয়ে গালি পৰা নাছিল
সোধা নাছিল কেনেকৈ হ’ল লেতেৰা,
পিকৰ চুমাৰ মৰম আইয়ে ভালকৈ বুজিছিল
কাৰণ ধনৰ অভাৱে মনৰ দৰদ কমোৱা নাছিল,
আমাৰ তেতিয়া ৱাশ্বিং মেচিনো নাছিল !

আইতা আছিল আমাৰ মনৰ টেলিভিশ্যন
মহাভাৰত-ৰামায়ণ, বেউলা-হৰিশ্চন্দ্ৰৰ
নতুন নতুন এপিস্য’দে ভিৰ কৰিছিল
গৰমৰ সন্ধিয়া আমাৰ মনৰ স্ক্ৰীণত ।
আৰু শীতৰ আবেলিত চোতালৰ এমূৰত
আইতাৰ ধেমালিয়ে আৰু বেছি ৰঙা কৰা
জুইকুৰা যেন আছিল
আমাৰ কাৰ্টুন নেটৱৰ্কৰ আখৰা,
বান্দৰ-শিয়াল, কাউৰী-টিপচিৰ অলেখ অজস্ৰ খেলা ।

এপাৰ্টমেণ্টৰ শূন্যতাত অবিন্যস্ত চুলিৰে
আংকল চিপছ্ চোবাই
“ৰোদ্যিজ্” হোৱাৰ সপোন দেখা এই শিশুটোক
আমি নিদিওঁ আমাৰ শৈশৱৰ বতৰা,
তাৰ বাবে শৈশৱ মানে চুইমিং পুলৰ কম্পিটিশ্যন,
জনাই-নজনাই নাচি থকা হিপ-হপৰ ফেশ্যন ।
ককা আৰু আইতা তাৰ বাবে এসপ্তাহৰ হ’লীড্যে ছীজ্যন ।

তাৰ বাবে আইতাৰ চোতালৰ জোনাক
নিৰ্বাসিত হ’ল নিয়ন-উজ্জ্বল কৃত্ৰিমতাত,
আৰু সেই শিশুৱে যুৱক হৈ
যদিহে বিচাৰে জীৱনৰ অৰ্থ
কেৱল গোলাপী নিচাত আৰু অভিজাত অভিধাত,
আমি দোষ দিওঁ আধুনিক নিশাৰ শব্দময় নিৰৱতাক ।

Thursday, December 1, 2011

নৱেম্বৰ - ২০১১

তেনেকুৱা এটি নৱেম্বৰত
মোক পুনৰাই জগাই নিদিবা,
যাৰ প্ৰথম সপ্তাহে
কাঢ়ি নিয়ে মোৰ মাতৃভূমিৰ সুৰ আৰু কণ্ঠৰ গান
আৰু যাৰ শেষৰ সপ্তাহত
মোৰ মাতৃভূমিয়ে পুনৰ হেৰুৱায়
তেওঁৰ অম্লান হাঁহি আৰু যাদুকৰী শব্দৰ সমাহাৰ ।

তেনেকুৱা এটি নৱেম্বৰত
মোক পুনৰাই জগাই নিদিবা,
যেতিয়া চকুপানীয়ে প্ৰকাশৰ বাট হেৰুৱায়
বুঢ়া লুইতেও ব’বলৈ পাহৰি যায়,
মানৱতাৰ প্ৰেমিক-প্ৰেমিকা একেলগে আঁতৰি যায়
আৰু আমাৰ ক্ষুদ্ৰতাই ঢুকি নোপোৱা সেই শূন্যতা
কদাচিত পুৰোৱা নাযায় ।

আৰু যদি কেতিয়াবা মোক জগাই দিয়া
ভৱিষ্যতৰ কোনোবা নৱেম্বৰত,
তেনেহ’লে মোৰ মাতৃভূমিক অতুল সাহস দিয়া,
দিয়া সেই প্ৰেৰণা
যাৰে তেওঁ সপোন দেখিব পাৰে
তেনে এক প্ৰেমৰ সেউজীয়া উপত্যকাৰ
বিশ্বই বুজিব যাক, পৃথিৱীয়ে আদৰিব যাক
যাৰ সপোন ৰচিছিল সুৰ আৰু শব্দত
সেই দুই স্বপ্নদ্ৰষ্টাই ।

প্ৰতিজন মানুহৰ আত্মাই স্পৰ্শ কৰক
প্ৰতিজন চিনাকি আৰু প্ৰতিজন অচিনাকিৰ আত্মা,
হিংসাৰ চুবুৰি গলি শেষ হক
ৰক্তপাতৰ নৈ চিৰদিনলৈ স্তব্ধ হক,
তেওঁলোকে কোৱাৰ দৰে
ইজনে সিজনৰ বাবে প্ৰেমৰ কুটীৰ সাজক ।
হে সময়, হে আকাশ
তেনে এটি ভৱিষ্যৎ যদিহে দ্ৰষ্টব্য তোমাৰ
তেতিয়াহে মোক পুনৰ জগাই দিবা
ভৱিষ্যতৰ কোনোবা নৱেম্বৰত ।

(ভূপেনদা আৰু মামণি বাইদেউৰ স্মৃতিত)

Monday, November 28, 2011

মই অসমীয়া, মই জীৱনৰে অন্য এটি নাম

যিমান গভীৰ নহওক কিয়
মোৰ হৃদয়ৰ অৰ্ধাকাশ,
যিমান বিশাল নহওক কিয়
মোৰ দৃষ্টি অবিনাশ,
তথাপি ক্ষুদ্ৰ মোৰ সত্তা,
মই এটি মুহূৰ্ত মাথোঁ
মহান বিশ্ব-সভ্যতাত ।

মই ক্ষুদ্ৰ, মই তুচ্ছ
মই এক অনুচ্চ মানৱতা !
তথাপি মই অসমীয়া,
মই জীৱনৰ সন্তান;
কামেং সীমান্তৰ পৰা আৰৱ সাগৰ,
অতল সমুদ্ৰৰ পৰা সুউচ্চ হিমালয়,
সকলোতে যি জীৱনৰ জয়গান ।
লুইতৰ পৰা ভল্গালৈ –
মিছিছিপিৰ পৰা নীললৈ
বৈ আছে যি অবিৰত জীৱন-সুৰ,
যি সুৰ-প্ৰৱাহত
টেমছৰ সুৰংগত প্ৰতিধ্বনিত হয়
হোৱাংহোৰ দুখ,
সেই জীৱনৰে সন্তান মই অসমীয়া
যি জীৱন
ইতিহাসে ঢুকি নোপোৱা
নিযুত সভ্যতাৰ স্বপ্নালোক ।
সেয়ে মই অভিমানী,
সেয়ে মই অহংকাৰী,
মই সেয়ে মৃত্যুবিজয়ী ।

মোৰ মৃত্যুৰ সংবাদত
কঁপি নুঠিব পাৰে
চহৰৰ পিছত চহৰ,
দেশৰ পিছত দেশ;
মোৰ অবৰ্তমানত স্থবিৰ নহ’ব পাৰে
হাডছন, ডানিয়ুবৰ সোঁত;
মই আঁতৰি গ’লে ৰৈ নাযাব পাৰে
হাজাৰ গাভৰুৰ লয়লাস নাচ,
লুইতৰ বুকুৰেও নব’ব পাৰে
চকুলোৰ অবিৰত ধাৰ !
তথাপি
মই মৃত্যুবিজয়ী,
জীৱনৰ সীমান্তত আঘাত কৰি
বাৰে বাৰে পৰাজিত যি মৃত্যু,
মোৰ বাবে সেয়া এটি ঘটনা মাত্ৰ ।

মৃত্যুৰ পিছতো মই জীয়াই থাকিম
হেজাৰ অচিনাকিৰ স্বপ্নত,
কনেং গাভৰুৰ মৰমসনা দৃষ্টিত,
হৃদয়বানসকলৰ আলোকময়তাত
আৰু প্ৰেমিক আকুলতাত ।
কাৰণ,
মই অসমীয়া,
মই জীৱনৰে অন্য এটি নাম ।
আৰু সেয়ে মই আশা কৰোঁ
মোৰ মৃত্যুৰ শোভাযাত্ৰা হ’ব
স্বপ্নদ্ৰষ্টাৰ এক মিছিল !
যিসকলে সপোন দেখিছিল
যিসকলে আকাশ ৰচিছিল,
সেইসকলৰ প্ৰতিনিধি জীৱনৰ ৰূপত
মই জীয়াই থাকিম
ভৱিষ্যতৰ সেউজীয়া আশাৰ বুকুত,
তেওঁলোকৰ হাঁহিত,
তেওঁলোকৰ কান্দোনত,
সুখত, দুখত !
আৰু সেয়ে
মই অভিমানী,
সেয়ে মই অহংকাৰী,
মই সেয়ে মৃত্যুবিজয়ী ।
কাৰণ মই অসমীয়া,
মই জীৱনৰে অন্য এটি নাম ।
********************

Thursday, November 17, 2011

অনুৰণন

প্ৰেমৰ সপোনে যেতিয়া হাঁহি হাঁহি ক’লে
আমি হেনো খেদি ফুৰোঁ
উশাহত উতলা হৃদয়,
মই ক’লোঁ মলিন হাঁহিৰে
আমাৰ বাবে প্ৰেম যদি আহে
সি কাঁইটৰ মাজত গোলাপ ফুলাদি ফুলে ।
কাঁইটৰ মাজত উশাহ
অ’ মোৰ প্ৰেমৰ হেঁপাহ !
******************************

আলোছায়া

তৰাবছা আকাশত আলোছায়া
তোমাৰ ফুটুকা-ফুটুকী আঁচলৰ ছাঁ,
হাঁহিৰ মাধুৰীমা !
কজলা চকুযুৰিৰে তথাপি তোমাক
এবুকু বিষাদময়তাত ভাঁহি থকা যেন লাগে ।

ইন্দুনিভাননী
তোমাৰ কৱৰীত গাঁঠি ল’লা কিয়
দুখৰ এপাহি কৰবী ?
গাইছা নেকি বাৰু বিফল প্ৰেমৰ গাঁথা,
অপাংক্তেয় হৈ ৰ’লা নেকি প্ৰেমৰ পদূলিত,
শেৱালি ফুলাৰ গধূলি নিচিনি
ল’লা নেকি বাৰু শৰত বুলি শীতক আদৰি ।

কুঁৱলীৰ জাল ফালি
চাব নোখোজোঁ মই পুৱাৰ বেলি ।
তুমি মোৰ বাবে আলোছায়া,
শুন-নুশুন গানৰ মাজে মাজে
নিয়ৰত তিতি থকা
এডৰা নিঃ‌‌‌শব্দ দূবৰি বনৰ দৰে
গভীৰতা ঢুকি নোপোৱা এটি প্ৰচ্ছায়া ।
********************************

মৰীচিকা

ইয়াত পানী নাই,
অকলে অকলে মৰুৰ বাটত ।
তৃষ্ণাৰ কোনো শেষ নাই
চাহাৰাৰ সীমাৰ শেষত ।
তাৰ পিছতো আছে থৰ,
আছে গোবি
মানুহৰ প্ৰেমৰ অৰণ্যত ।

হয়তো প্ৰেম আছে,
সেয়েহে আছে দুই-এটি
বতাহত ভাঁহি অহা বিষাদ আলাপ ।
তাৰ পিছতো থাকি যাব দ্বিধাৰ আকাশ ।
আমাৰ বাবে তৃষ্ণা আছে,
সেয়ে আছে মৰুৰ আৰ্তনাদ,
কেকটাছৰ আন্ধাৰ
আৰু অপেক্ষাৰ দীঘল বাট,
মৰীচিকা খেদি ফুৰা
লবেজান বাটৰুৱাৰ অতীত-বিলাপ ।

তৃষ্ণা যদি আছে
আমাৰ মনত আছে,
আছে যদি আছে,
তথাপি জীৱনৰ কাৰবালাত
প্ৰেমৰ ওৱেচিছো আছে ।
মৰুৰ পথিক আমি
মৰীচিকাৰ অচিন বাটত,
আমি যে নিচিনো হায়
ওৱেচিছৰ গভীৰ প্ৰকাশ ।

দলে দলে সেয়েহে
জিপছী বাটৰুৱাৰ দল,
থৰ-গোবি নেওচি
চাহাৰাৰ বালিত সমাধি হ’ল ।
মৰুৰ বুকুত খোজবোৰো
বালিৰ ধুমুহাত বুৰ গ’ল;
সিহঁতো ইতিহাস
(প্ৰেম জানো অকল ইতিহাস ?)
সিহঁতৰ স্বপ্ন আৰু স্নেহত উতলা
হৃদয়ৰ আকাশো ইতিহাস ।
ব্যৰ্থ অঘৰীৰ দল,
তথাপি সিহঁতো সাক্ষী
মানুহৰ যুগ যুগ চেতনাৰ যাত্ৰাৰ ।

আমিও যাত্ৰী সেই অমোঘ যাত্ৰাৰ,
আমাৰ বাবে প্ৰেম আছে
স্নেহ আছে
আৰু আছে আশাৰ মৰুদ্যান ।
আমিও যদি নিচিনো সেই
জীৱনৰ বিপুল সম্ভাৰ,
আমিও হ’ম ইতিহাস
লিখি যাব সময়ে
সেই একেই ব্যৰ্থতাৰ এপিটাফ ।

আজি আছে
এই সময় আছে,
জীৱনৰ নিমিলা অঙ্কৰ হিচাপ কৰি
কাইলৈৰ বাবে ৰওঁ কিয়
চিৰজীৱনৰ কাইলৈ,
প্ৰেম আমাৰ বৰ্তমান ।

মৰুদ্যান আছে
সেয়ে মৰীচিকা আছে,
প্ৰেম আছে –
আছে সেয়ে দ্বিধাৰ আকাশ
আৰু বিচ্ছেদৰ অবুজ আৱেগ ।
আমি আছোঁ
সেয়ে সঁচা ।
জীৱনটোতো কেৱল আৰু
যোগ আৰু বিয়োগ নহয় ।
প্ৰেমো মাথোঁ ইতিহাস নহয়
হৰমনৰ জৈৱিক চেতনাৰ ।
*********************

হাই-ৱে

ইপাৰে জীৱন-সিপাৰে মৃত্যু
মাজত অস্তিত্বৰ লেথেৰি নিছিঙা হাই-ৱে,
খলা-বমা আঘাতৰ আগে-পিছে মসৃণ দলিছা,
ধূলিৰে ধূসৰ অন্তহীন পথ
মাজে মাজে এচমকা বিদ্যুৎ সংকেত ।

সোঁ-বাওঁ দুইকাষে সৰু সৰু আলিবাট,
আলি-দোমোজাত ৰৈ যায় সংগ্ৰামৰ ইতিহাস ।
মেহনতী জনতাই খোজে প্ৰতি আগবাঢ়ে,
হাই-ৱেক পিছ পেলাই যাব যেন আলোক-সঞ্চাৰে ।
বিদ্ৰূপৰ হাঁহি মাৰে ইতিহাসে,
সকলোৰে অলক্ষিতে চকুলো টোকে,
ক’ত গৈ শেষ হ’ব হাই-ৱেৰ বুকুত
নিশ্চিহ্ন হোৱাৰ এই অবিৰত অভিযান ।
ক্ষণে ৰুষ্ট, ক্ষণে তুষ্ট
হাই-ৱেৰ অবুজ স্পন্দন,
জীৱন আৰু মৃত্যুৰ মাজৰ দলঙ
তথাপি কেনে সংযোগবিহীন আচৰণ ।
সূৰ্যালোকত অদূৰত জিলিকি উঠে মৰীচিকা
বৃষ্টিমুখৰ সন্ধিয়াৰ অস্পষ্ট পিছল বাট,
ক্লান্ত পথচাৰী, বেদনাত আশাহত প্ৰাণ
সম্মুখত ধূলিৰে ধূসৰ অন্তহীন পথ ।

ইপাৰে জীৱন–সিপাৰে মৃত্যু
মাজত অস্তিত্বৰ লেথেৰি নিছিঙা হাই-ৱে,
হাই-ৱেৰ বুকুত সংগ্ৰামী ইতিহাসে তোলে আলোড়ণ
সৃষ্টিৰ মহিমাৰে উদ্ভাসিত অতুল-অনল ।
********************************

কাঁচঘৰ

জিকি-মিকি ৰাতি
কল-কল গতি,
জীৱিকাৰ সমুদ্ৰত অনিৰুদ্ধ প্ৰীতি,
শৃংখলাবিহীন জীৱনৰ কথোপকথন
বন্দী বিহংগৰ মুক্তিৰ প্ৰয়াস অনলস,
আজি যে এয়া নিৰুদ্ধ প্ৰস্তাৱ ।
ক’ৰবাত হেৰাই যাব খোজে হৃদয়ৰ সমস্ত বাৰ্তালাপ ।
পলাবা ক’লৈ মন-দাপোণৰ গৰাকী,
নিজৰ মাজতেই বন্দী জীৱনৰ সন্তান;
প্ৰাত্যহিক নিসংগতাই
ক্ৰমে নিসংগ কৰি যায় সমস্ত জগৎ,
বা-বতাহ আৰু হা-হুতাহ ।
সংগ ক’ত পাবি দুৰকপলীয়া
জীৱন-জাঁজিৰ পাৰ ভঙা সোঁত,
উটুৱাই লৈ যাব মাণিকী-মধুৰী, সোণালী-সুৱদি,
গঢ়িব খোজা গম্বুজৰ সজা-ভঙাৰ ইতিহাস ।
দূৰ ক’ৰবাত ৰিণি ৰিণি শুনা যাব
ভাঙি যোৱা কাঁচঘৰৰ থুনুক-থুনুক জুনজুননি,
মানুহে সাজিব খুজিছিল মানুহৰ বাবে
জীৱন জয়ৰ মহাৰথ,
তাৰ চকাৰ তলত পিষ্ট হৈ ৰ’ল জীৱনৰ সন্তান ।
ছন্দবিহীন গীতৰ কলি,
জিকি-মিকি ৰাতি
কল-কল গতি,
সংগ ক’ত পাবি
দুৰকপলীয়া নিসংগ
প্ৰতিখন সমুদ্ৰৰ ধ্বনি ।
*******************************

Wednesday, November 16, 2011

সাধুকথা

“পাৰ চৰাই উৰি গ’ল
পালে নদীৰ পাৰ...........”
সাউদৰ পুতেকে নদীৰ বুকুত নাও মেলি
পাৰ চৰাইক মাতিলে –
আহা মোৰ বুকুৰ পঁজাত ৰুণ দিয়াহি ।
পাৰ চৰাই গুচি কমলাকুঁৱৰী হ’ল,
জলকোঁৱৰৰ সপোন ।
সাউদৰ পুতেক বাৰীকোঁৱৰ হ’ল
নাও-নাৱৰীয়া সকলো পানীত বুৰ গ’ল
কমলাকুঁৱৰী জলকোঁৱৰৰ হ’ল
মানুহৰ বাবে, গানৰ বাবে
বাৰীকোঁৱৰ অকলশৰীয়া হ’ল ।
মোৰ পথাৰৰ ধান খাবলৈ নাহিবি
হুৰ হুৰ বটা চৰাই
এতিয়া মই শুনি আছোঁ
চিলনীৰ জীয়েকৰ সাধু,
মাটিলৈ বৈ পৰা চুলিকোছা বগাই
উঠিব খুজিছোঁ আশাৰ চাংঘৰত,
তেজীমলাই ফুল হৈ গাই আছে –
“হাতো নেমেলিবি, ফুলো নিচিঙিবি...........”
****************************

চিৰন্তন

যিদিনা মই শুই থাকিম কফিনৰ কোলাত,
তোমালোকৰ বাবে একোৱেই অস্বাভাৱিক নহ’ব
একোতেই বিচাৰি নাপাবা কিবা উল্লেখনীয় পৰিৱৰ্তন ।
কিন্তু মোৰ বাবে
নোহোৱা হৈ যাব অনুভূতিবোৰ
শামুকৰ গতিৰে যিবিলাকে
এখন সেউজীয়া দলিছাত বগাই ফুৰিছিল ।

হালধীয়া পাতবোৰ সৰি যাওঁতে
মইও দুখৰ বুকুত মুখ গুজি উচুপি উঠিছিলোঁ,
লাহে লাহে নতুনকৈ সেউজীয়া পাত গজিছিল
আৰু মই পাহৰি গৈছিলোঁ
সৰি যোৱা পাতবোৰৰ কাহিনী ।

ঠিক তেনেকৈয়ে
পুনৰাবৃত্তি ঘটিব মোৰ
তোমালোকৰ মাজত
যিদিনা মই শুই থাকিম
কফিনৰ কোলাত
নি:শব্দে নিৰৱে
আৰু
ঠিক এডাল শুকান কাঠৰ দৰে ।
**********************

পথ-সন্ধান

কোনটো ঘৰত টুকুৰিয়ালে খোল খাব
এখন সম্ভাৱনাৰ দুৱাৰ,
কোনটো আলিয়েদি গ’লে পোৱা যাব
কোনোবা অভাৱী কবিৰ বাসস্থান,
ঠিক কোনজন মানুহক খুজিলে
ভোকাতুৰ প্ৰাণ এটিয়ে পাব
দুটা সিকি আৰু তিনিটা টকা
এটা ৰুটীৰ দাম,
এই সকলোবোৰেইতো কোনেও নাজানে !
আৰু কোনেও নাজানে
কোনখন চেলুনত বা কোনটো শৰীৰত
লুকাই থকা নাই এইডছৰ গোন্ধ,
কোনটো চুবুৰি এতিয়াও মজা নাই গোলাপী নিচাত,
এতিয়াও কোনজন ভোকাতুৰ নিবনুৱাই
হাতত তুলি ল’ব নোখোজে নিষিদ্ধ পিষ্টল
বা কোনখন আদালতত এতিয়াও পৰা নাই হত্যা আৰু ধৰ্ষণৰ গোচৰ !
আৰু এইবোৰ একোৱেই নাজানে বাবেইতো
বগা কপৌযুৰি উৰি ফুৰে
দূৰেৰে আৰু ওচৰেৰে
নৈশব্দৰ মাজেৰে কিন্তু সশব্দে,
তেজে ধোৱা দোকমোকালি
আৰু হালধীয়া সন্ধ্যাবেলাৰ দুখবোৰ
নিশাৰ কলিজাত সাঁচি সাঁচি...................
*********************************

মৃতদেহৰ চিনাকি

মৃতদেহবোৰৰ গলিত
মোৰ মৃত্যু হোৱাৰ পিছত
সমাধিস্থলীত এপিটাফ্ খোদিত কৰা
শিল্পীজনক বিচাৰি মই কবৰখানালৈ গৈছিলোঁ,
তাত ঘূৰি ফুৰা মৃতদেহবোৰৰ এটাই
মোক শিল্পীৰ ঠিকনাটো দিছিল ।
কবৰভূমিৰ এচুকত এটা পৰিত্যক্ত গাঁতত
হাতুৰী-বটালি লৈ ব্যস্ত আছিল শিল্পী,
মৃতদেহৰ দৰে জীৰ্ণ-শীৰ্ণ তেওঁৰ হাতভৰি
মৃতদেহৰ দৰেই বীভৎস তেওঁৰ হাঁহি,
আৰু জকজকাই ওলাই থকা কামিহাড় ।

মোক দেখি (নে শুনি) সুধিলে –
মই হিন্দু নে মুছলমান, বৌদ্ধ নে জৈন, শিখ নে খৃষ্টান
নে মই এজন অধৰ্মী নাস্তিক;
মোৰ মৃত্যুৰ আগমুহূৰ্তত মোক
কোৰাণ শুনোৱা হৈছিল নে গীতা,
নে মোৰ বুকুত আঁৰি দিয়া হৈছিল এটা ক্ৰছ !

মই ক’লোঁ – মোৰ চিনাকি,
মই মাত্ৰ এটা গেলিব ধৰা মৃতদেহ ।

ঢেকঢেকাই হাঁহি উঠিল শিল্পী,
কাৰণ সোধাত ক’লে –
মৃতদেহৰ চিনাকি মাথোঁ মৃতদেহ বুলি ক’ব পৰাজন
কেতিয়াও সঁচাকৈয়ে মৃতদেহ হ’ব নোৱাৰে !
নিজকে খেপিয়াই চাই দেখিছিলোঁ
তেতিয়াও মোৰ মৃত্যু হোৱা নাছিল ।
********************************

Saturday, November 12, 2011

হে যাযাবৰ !

তুমি এটি যাযাবৰ,
তুমি কৰা নাছিলা কোনো ঘৰ বিচাৰি হাহাকাৰ
আমাৰ হৃদয়েই তোমাৰ ঘৰ ।
তুমি মাথোঁ এজনেই
তাকেই কৈ গ’ল তোমাৰ কণ্ঠই,
তোমাৰ সুৰে, তোমাৰ গানে
আৰু তোমাৰ অযুত আবেগে ।

নাছিল যদিও তোমাৰ মনত
তুমি অবিহনে আজি আমাৰ মনত হাজাৰ হাহাকাৰ,
জাতিৰ নায়ক তুমি
আমাৰ ক্ষুদ্ৰতাই তোমাৰ আকৰ্ণ স্পৰ্শ নকৰিলে,
মাথোঁ দি গ’লা অলেখ সুৰ, অগণন মহানাদ
যাৰে আমি মহান হ’ব পাৰোঁ ।
তুমি অবিহনে কোন ?

তোমাৰ প্ৰতিটো শব্দই আমাক
প্ৰেৰিত কৰে বিচাৰিবলৈ
মানৱতাৰ হেৰোৱা অৰ্থ,
প্ৰেমৰ আকূল স্পৰ্শ,
মিলনৰ মহাস্ৰোত
আৰু জীৱনৰ অনাবিল আমেজ ।

শিল্পী তুমি তোমাৰ মনৰ
শিল্পী তুমি আমাৰ প্ৰাণৰ
শিল্পী তুমি অসমৰ, ভাৰতৰ
শিল্পী তুমি বিশ্বৰ মানুহৰ ।

হে মহানায়ক,
তোমাক সুঁৱৰিলে আমাৰ বাবে সহজ হ’ব
জীৱনৰ প্ৰতিটো আঘাতৰ সময় ।
লুইতৰ পৰা গংগালৈ
মিছিছিপিৰ পৰা ভল্গালৈ
ৰূপান্তৰৰ যাত্ৰী
আমাৰ বৰ্তমান আৰু ভৱিষ্যতে
তোমাৰ গানত বিচাৰিব
যাযাবৰী প্ৰেমৰ বিশ্বায়িত সুবাস ।

তুমি আমাক মহান কৰি গ’লা,
তোমাক ধন্যবাদ !
হে মহীৰূহ, তোমাক প্ৰণাম !

কলিং-বেল্

পৃথিৱীৰ চুকে-কোণে
অসংখ্য সৰু সৰু
গাঁও আৰু চহৰ,
তাৰে মাজে মাজে
বহুতো ডাঙৰ ডাঙৰ ঘৰ,
ঘৰবোৰত এখনকৈয়ে দুৱাৰ
সকলোবোৰ একেই বহল,
চৌদিশে সেই একেই ইটাৰ দেৱাল,
দুৱাৰৰ কাষত ওলমি থাকে
একোটা কলিং-বেল্ ।
সঘনাই আলহী অহা ঘৰবোৰত
কলিং-বেল্ বেছিকৈ বাজে,
কলিং-বেল্ নথকা দুৱাৰবোৰ অৱশ্যে
প্ৰায়েই খোলা থাকে ।
কাৰেণ্ট নাথাকিলে কলিং-বেলবোৰৰ
কিজানি খুব বেয়া লাগে,
কাৰণ তেতিয়া চিনাকি বা অচিনাকি
কাৰোৱেই স্পৰ্শ সিহঁতৰ গাত নালাগে ।
কাৰেণ্ট নাথাকিলে আলহীবিলাকেও
বৰ অস্বস্ত্বিত ভুগে,
তেওঁলোকে লগাতকৈ বেছিবাৰ
দুৱাৰত টোকৰ মাৰে,
গৃহস্থৰ খং উঠে
বিৰক্তিত দৰ্জা খুলি দিয়ে
আৰু
এটা মিঠা হাঁহি অথবা
বেঁকা ওঁঠেৰে সম্ভাষণ জনায় আলহীক ।
আলহীয়ে চাহ খায়, তামোল খায় ।
যাবৰ সময়ত হ’লে
কলিং-বেলক কোনেও মাত নলগায় ।

কলিং-বেল্ নথকা দুৱাৰবোৰতো
একোটা কলিং-বেল্ লগোৱা ভাল,
কাৰণ আজিকালি
আলহীৰ পৰা ডকাইত হ’বলৈ
বেছিপৰ নালাগে আৰু
ডকাইতে কাহানিও কলিং-বেল্ নবজায়,
লাগিলে সেয়া হওক হৃদয়ৰে দুৱাৰ ।

দুৱাৰৰ কাষত কলিং-বেল্
চিৰদিন ওলমি ৰয়,
সাক্ষী হৈ ৰয়
আলহীবোৰৰ অহা আৰু যোৱাৰ ।
কলিং-বেলে অৱশ্যে হিচাপ নাৰাখে
কোন আছিল চিনাকি
অথবা কোন অচিনাকি ।

Thursday, October 13, 2011

শিশু

ভৰ বাৰিষাৰ আবেলি
যিদিনা ডুব গৈছিল বেলিটো
দিগন্তৰ সিপাৰৰ সীমনাত,
মোৰ বুকুত অনুৰণিত হৈছিল
এটি শিশুৰ হাঁহি ।
সেই শিশুক শিকোৱা নাযায় যুদ্ধৰ বুৰঞ্জী,
সেই শিশুৰ বাবে জৰুৰী নহয়
শৰীৰৰ ভূগোল অথবা ইউক্লীডীয় জ্যামিতি ।

কেতিয়া শেষ হ’ল সেই আবেলি,
কেতিয়া আবৰি আহিল সন্ধিয়াৰ জোনাক,
শাৰীৰিক ভূগোলে কেতিয়া শিকাই গ’ল
যৌৱনৰ আদিপাঠ ।
তাৰ লেখ ৰাখিব খোজা নাছিলোঁ বাবেই
মোৰ বুকুত মাৰ নগ’ল
সেই শিশুৰ হাঁহি ।
আজিও সেই একেই সুৰ
একেই জোনাকত তিতা নিয়ৰৰ দূবৰি,
তথাপিও শিশুৰ দৰেই পৱিত্ৰ সেই হাঁহি ।

সেই শিশু মোৰ বাবে
সেই শিশু পৃথিৱীৰ বাবে
তেনেই অকমানি পোহৰ,
তথাপি শিশুবোৰ
আমাৰ জীৱনৰে পোহৰ ।

কেতিয়াবা ভাব হয়
মৃত হক সেই অনুভূতি
হেৰাই যক সেই শিশুৰ হাঁহি ।
পিছে তেতিয়া
মোৰ বাবে বাকী ৰ’ব কি,
ৰৈ যাব মাথোঁ
জটিল সময়ৰ সংশয় ।

সেয়াও সত্য নহয়,
হৃদয়ৰ শিশু মৃত নহয় কেতিয়াও ।
কদাচিত সেই শিশু
আমাৰ বাবে নিচেই অকণি ।
গৰ্বিনী পৃথিৱী
তথাপি শিলৰ নদী ।

তথাপিও নদী ।
উজাই-ভটীয়াই
ঘূৰি আহে মোৰ বুকুলৈ
সেই শিশুৰ হাঁহি ।
নিজলৈ চালেই গম পাওঁ
সেয়া মোৰ সখী ।
সেয়া মোৰ আঁখী ।
***************

Saturday, October 8, 2011

অন্তহীন

নৈখনৰ এটা সপোন আছিল
আৰু সেই স্বপ্নৰ দুচকুত
কাজল সানি পলাই গৈছিল
এজনী গঙা-চিলনী,
সেই সপোনৰ বুকুতে আছিল
কাৰোবাৰ প্ৰেমৰ
কাৰোবাৰ অভিমানৰ
কাৰোবাৰ হতাশাৰ
কাৰোবাৰ সমগ্ৰ সত্ত্বাৰ
সম্পূৰ্ণ পৰিচয়,
আৰু সিবিলাককে হৃদয়ত সাৱটি
নৈখন বৈ আছে
ব্ৰহ্মান্তৰৰ পৰা চিৰন্তনলৈ ।

এতিয়াও নৈখনে
গৰখীয়া আবেলিবোৰত
আৰু মাছুৱৈ সন্ধিয়াবোৰত
গঙা-চিলনীজনীলৈ অপেক্ষা কৰি থাকে,
উজনিৰ নাৱৰীয়াৰ
ভটীয়নি সোঁতত ভাঁহি যোৱা
চিনাকি চিনাকি অচিনাকি সুৰে
কিজানি কন্দুৱাই পেলায় তাইক
আৰু তাই উভতি আহে
নৈখনৰ বুকুত এৰি থৈ যোৱা
সপোনবোৰ বিচাৰি !

নৈখনৰ নাম বাৰু কি হ’ব পাৰে ?
হয়তো হ’ব পাৰে চাৰিকড়ীয়া
নাইবা দিচাং,
দিখৌ নাইবা ধনশিৰি,
পাগলাদিয়া নাইবা সোঁৱণশিৰি
নাইবা কালদিয়া বা পহুমৰা ।
নৈখন যিখনেই নহওঁক,
প্ৰতিখনৰ বুকুতে লুকাই থাকে
কিছুমান সপোন,
হৃদয়ত জাহ গৈ থাকে
কিছুমান জীয়া ইতিহাস,
প্ৰতিখন নৈয়ে কাৰোবাৰ অপেক্ষাত ৰৈ থাকে
স্বপ্নৰ দুচকুত কাজল সানি
উৰি যোৱা গঙা-চিলনীবোৰৰ অপেক্ষাত ।
**************************

Tuesday, September 27, 2011

তেজ যেতিয়া শৰণাৰ্থী হয়

তেজ তেতিয়া শৰণাৰ্থী হয়
যেতিয়া ধমনীৰ বাহিৰত তেজৰ উপনদী বয়,
সেই নদী বয় কেতিয়াবা ধৰ্মৰ নামত
কেতিয়াবা অৰ্থৰ স্বাৰ্থত,
সন্মানৰ বেদীতো বয় কেতিয়াবা সেই নদী ।
জীৱনৰ অপাৰ চাহাৰাত
সেই নদী দিশহাৰা,
কাৰণ শৰণাৰ্থীৰ ঘৰৰ ঠিকনা নাথাকে ।

ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই
সেই শৰণাৰ্থী তেজে জন্ম দিয়ে
মানৱতাৰ সাগৰত নুশুকোৱা প্ৰতিশোধৰ যাতনা-দ্বীপ,
প্ৰেমৰ আকাশত নবৰষা ঘৃণাৰ কালমেঘ ।
এজাক মানুহে বাৰে বাৰে পাহৰি যায়
সময় সময় খেলি ইতিহাসে দি যোৱা সঘন সকীয়নি,
ধমনীৰ বাহিৰত তেজ সদায় অনাশ্ৰয়ী শৰণাৰ্থী ।

হে মানৱতা,
বাৰে বাৰে বুৰঞ্জী পাহৰি
কবৰ খান্দি ভাল পোৱা
সেইজাক মানু্হক পাৰা যদি শিকোৱা
বিশ্বপ্ৰেমৰ ব্যাকুলতা,
জীৱনৰ বোৱতী নদীযেন
ধমনীৰ অমৃত সেই তেজক
পাৰা যদি বচোৱা শৰণাৰ্থী হোৱাৰ পৰা ।
নহ’লে প্ৰেমৰ আকাশ মচি
মানৱতাৰ সাগৰ শুকাই
জীৱনৰ বাট হেৰুওৱা তেজৰ হিচাপ ল’বলৈ
থাকি যাব মাথোঁ আধাজ্বলা প্ৰলয়ৰ শিখা ।

Friday, September 2, 2011

ধৰ্মৰাজ ! ন্যায় ক’ত

সকলোবোৰ ঘৰেই একে
একেই ইটাৰ দেৱাল ।
(অৱশ্যে কেতিয়াবা বাঁহ আৰু ইকৰাৰে ঘেৰা)
প্রতিখন দুৱাৰেই একে,
বাহিৰলৈ জপোৱা
অথবা ভিতৰলৈ খোলা ।

পকা মজিয়াৰ বালিৰ ঘঁহনিত,
কেঁচা মজিয়াৰ তন্ময়তাত
সূৰ্য কঁপে,
কঁপে নিশাৰ আলোক ।
কংক্ৰীটৰ মহানগৰীত ট্রেফিকৰ চিঞৰ,
জুপুৰীৰ বস্তিত পয়াঁলগা শিশুৰ ক্ৰন্দন,
আৰু গাঁৱলীয়া সন্ধ্যাত
উঁইচিৰিঙাৰ একঘেয়ামি স্বৰ ।

জপাই থোৱা আকাশৰ দুৱাৰ,
তোমাৰ বাবে খোলা থাকিব
অহংকাৰৰ নৰক
পত্নী-কন্যা-পুত্র-পৰিবাৰ ।
ভুকি আছে ভুকি থাকক
জ্বৰীয়া ভোকত গলিৰ কুকুৰ,
সিহঁতৰ বাবে স্বৰ্গৰ দুৱাৰ বন্ধ ।
ক্ষুধাৰ্ত কুকুৰে চিঞৰি থাকে
ন্যায় লাগে, ধৰ্মৰাজ !

এখন ৰুটীৰ মূল্য কিমান,
এশভাগৰ এক টেলকম পাউদাৰৰ দামতকৈ কম !
যক্ষ্মাত মৰে বস্তিৰ সপোন,
মহানগৰীত পানীলগা কাহ,
কাৰ বাবে খোল খাব এপ’ল’ৰ দুৱাৰ,
এইম্ছৰ অপাৰেশ্যন থিয়েটাৰ ?
মাৰ্ক্সবাদ, সাম্যবাদ
উঁয়ে খোৱা দলিল,
জীৱন গঢ়াৰ সপোন নৱকান্তৰ ।

ৰাজফেঁটীৰ বিহ
বস্তিৰ অমৃত ।
জীয়াই থাকে তথাপি জীৱন,
জীৱন নহয় যেন
শব্দৰ কাৰচাজিত জীয়াই থাকে
মগজুৰ কছৰতৰ সমল ।

ন্যায় ক’ত, ধৰ্মৰাজ !!
********************

Wednesday, August 31, 2011

এখন মুকলি চিঠি

আহাচোন আহা সখী
জোনাকতে বহোঁ এদিন
বহুদিন আকাশৰ তৰা লেখা নাই,
বহু ৰাতি পাৰ হ’ল
জীৱিকাৰ খুচুৰা হিচাপ কৰি ।
ৰাতিৰ আকাশে,
আমাৰ চিনাকি আকাশে
কিজানি কান্দিছে উষ্ম আশাৰে,
জোনৰ চকুলোৰে ওফন্দি উঠিছে
ইপাৰৰ লুইত, সিপাৰৰ কাৱেৰী ।

তোমাৰ সময় হ’লে
মোৰো যে সময় হ’ব,
মোৰ সময় হ’লে
তোমাৰো সময় হ’ব,
বাৰিষাৰ তেনে এটি ৰাতিপুৱা
তুমি আৰু ময়ে সখী,
মাইনুৱে ভাইটিয়ে
(বাইদেউজনী বিয়া হৈ গ’ল)
বৰষুণত তিতিম,
কিমানযে ভাল লাগিব
বৰষীত নাপালে মাছ
ভেকুলীকে তুলিম ।
মন গ’লে বাৰু
পথাৰৰ বোকা খচকিম
নহ’লে পাৰত বহি
বালিমাহীৰ নাচোন চাম ।
পৃথিৱীৰ সৰল হাঁহি
বতাহত ভাঁহি আহি
আমাৰ বুকুতো উঠিব বাজি ।

এইবোৰতে আছে সখী
আমাৰ জীৱনৰ ‘ফিল’ছ’ফী’,
মৰমে গধূৰ কৰা
হৃদয়ৰ নিবিড় দাবী ।

বৰ ভাগৰ লাগে নেকি
জীৱনটো বুজি বুজি
নুবুজা ভাৰৰ নেওঁতা মাতি ।

ভাল লাগে শুক্লেশ্বৰ ঘাটৰ সূৰ্যাস্ত,
ভাল লাগে চাই দাৰ্জিলিঙত
একেটা সূৰ্যৰ পুনৰ্জন্ম,
অকলে চাই ভাল লাগেনে
কাষত থাকিলে মৰমৰ আব্দাৰ ।
আত্মাৰ আহাৰ বিচাৰি
আমি ঘূৰি ফুৰোঁ সখী,
এই যাত্রাৰ শেষ নাই,
জীৱনৰ বতৰা বিলাই
উৰি ফুৰে এহাল টুনটুনী ।

আমি বহুতেই শুনা নাপাওঁ
দেখা নাপাওঁ,
পঢ়ি থাকোঁ মাথোঁ
চাইক’ল’জীৰ ওলোটা বুৰঞ্জী ।

সেয়ে সখী আজি
তোমাক মাতিছোঁ,
আহাচোন
জোনাকতে বহোঁ !
গলি গলি যাব জোন,
তোমাৰ দীঘল চুলিৰ মাজত
মুকলি হ’ব জীৱনৰ দৰ্শন,
জপাই থ’ম চাইক’ল’জীৰ পুৰণি বহী ।
*********************************

Saturday, August 6, 2011

দেহ যাৰ শ্ৰমৰ সীমান্ত

পুৱতি নিশাৰ এঙামূৰি ভাঙি
এদিন আমি গৈছিলোঁ
আমাৰ হাড় আৰু মাংসৰ বোজা কঢ়িয়াই
শিল আৰু লোহাৰ বুকুৰে,
সিপাৰে আছিল আমাৰ সৃষ্টিৰ সূৰ্য ।
আমি পাৰ হৈছিলোঁ
এক-দুই-তিনি কৰি
ক্রমাগত একোটা পুৰণি নম্বৰ ।
আমাৰ সংগী
বাটে-ঘাটে এৰি যোৱা
ভঙা-চিঙা এটি-দুটি
তপত ধোঁৱা আৰু নিশাহৰ গোন্ধ সনা
প্রাচীন ষ্টেচন,
একেই গাঁও
সেই একেই নগৰ
যন্ত্রণাগ্রস্ত কিছু খুচুৰা মুহূৰ্তৰ ।

কিয় জীয়াই থাকে এই অনুপাত
জাৰজ বতাহত কিয় ভাঁহি ফুৰে
অস্পৃশ্য আকাংক্ষাৰ ভিৰ,
সমিধান বিচাৰি তাৰ
হাহাকাৰ কৰা নাই আমি
বুঢ়া লুইতৰ বালিৰ শূন্যতাত
অথবা হুগলীৰ পাৰৰ ব্যস্ততাত ।
আমি মাথোঁ পাৰ হওঁ
ঘড়ীবোৰ চাই চাই,
মিনিটৰ কাঁটা বাৰত লাগি
কেতিয়া ঘণ্টাবোৰ মিনিট হয়
আৰু শেষ হয় আমাৰ অপেক্ষাৰ অন্ধকাৰ ।

জৰায়ুৰ আন্ধাৰতো জীয়াই থাকে মানুহ
জীৱন আৰু জীৱিকাৰ তিনিটা উলুটিও মানুহ,
খড়গপুৰৰ খালী বটলত
থক্ থক্ ঠাণ্ডাত
জীৱিকাৰ আকাশ বিচৰা শিশুটিও মানুহ,
আমিতো নোৱাৰোঁ;
সিহঁত মানুহ নহয়, তেনে
আমি কি মানুহ ?
দেহ যাৰ শ্ৰমৰ সীমান্ত
সিহঁতৰ সূৰ্য নাই, তেনে
সূৰ্য কাৰ ? আমাৰ ভৱিষ্যতৰ !!

(ৰচনাকাল: জুন,২০০৩, ৰেলত যেতিয়া প্রথমবাৰৰ বাবে বাংগালোৰলৈ আহিছিলোঁ কিছুমান সপোন সাৱটি)

Sunday, July 24, 2011

পুৰুষ


যুগৰ সন্ধান চলে
মোৰ আত্মাই আত্মাই,
আৰু মোৰ স্নায়ুৰ চেতনাত শুনা পাওঁ
তাৰ অহৰহ গৰ্বৰ ধ্বনি ।
কাৰণ মই যে পুৰুষ,
পৃথিৱীৰ আদিতম সৃষ্টিৰ কীট-বীজ
অংকুৰিত হ’ল মোৰেই প্রাণৰস পাই ।
সেই গৌৰৱতে উটি-ভাঁহি
পাহৰি গ’লোঁ মই
মোৰ সীমাৰ সাগৰ ।
সাগৰৰো সীমা আছে,
তথাপি সজালোঁ নিজকে অনন্ত মহাসাগৰ
মহাদেশ আগুৰি থকা এক লক্ষ্মণ-বলয় ।

পৌৰুষৰ অন্ত হ’ল তাত
জন্ম হ’ল আত্মচেতনাৰ
কাৰণ মই যে পুৰুষ
অসুৰ আৰু মানুহৰ প্রতিভূ স্বৰূ্প ।
সেয়ে মই মনু
কালৰ স্বয়ম্ভূ সংবাদদাতা
অথবা স্তম্ভলেখক ।
সেয়ে মই কংস
ভগ্নীৰ ভ্রূণ নষ্ট কৰা,
কাৰণ মই যে স্বাৰ্থী, মই আৰ্থী ।
প্রেম আৰু কৰুণা পাৰ হৈ
প্রাণৰ অৰ্ঘ্য বিচাৰোঁ
ক্ষণজন্মা বালকৰ কেঁচা ৰক্তত ।
সময়ে শিকাই যায়
যাতনা, আশীৰ্বাদ আৰু
মৃত্যুভয় অথবা ক্ষমতাৰ
কাৰাগাৰৰ গভীৰ আন্ধাৰ ।
মোৰ পিতৃ বন্দী হয় তাত
ঘাতকৰ হাতত প্রাণৰ আহুতি দিওঁ
মোৰ ভ্রাতৃৰ,
সেয়া উগ্রসেন, সেয়া বিম্বিসাৰ
অথবা চাহজাহান ।
কাৰণ মই যে ঘাতক
মই যে জাতক
মই ঔৰংজেৱ, মই অজাতশত্রু ।
কাৰণ মই যে পুৰুষ
অসুৰ আৰু মানুহৰ প্রতিভূ স্বৰূ্প ।

সেয়ে মই ৰাম ।
মই যুধিষ্ঠিৰ ।
মোৰ সন্মানৰ বেদীত
বলি দিওঁ
কত যে সীতা আৰু দ্রৌপদী
অগ্নিৰ বুকুত অথবা ক্রীড়াৰ মঞ্চত ।


পৌৰুষৰ শেষ হয় য’ত
তাতেই আৰম্ভণি নাৰীত্বৰ
তাকেই চাবুক মাৰি
সজালোঁ মোৰ জীৱনৰ যাদুঘৰ,
কাৰণ মই যে দুৰ্বল
মই যে প্রবল
মই এক স্বয়ম্ভূ ক্ষমতা ।
মোৰ অহংকাৰৰ দুৰ্গত
স্বয়ংবন্দী মই ।
স্বেচ্ছা আত্মগোপন ।
তাত চেতনাৰ পোহৰ নাই
আছে যাতনাৰ অন্ধকাৰ ।

তথাপি পুৰুষ মই,
যুগে যুগে এক কাঠিন্যৰ নাম ।
তাত প্রেম আছে,
ভিক্ষা আছে ।
হয়তো তথাপিও আছে
কামনাৰ অত্যুগ্র আহ্বা্ন ।
সেয়ে মই লালায়িত বীৰ্য ।
তথাপি ময়েতো কৃ্ষ্ণ;
কামনাৰ ৰেখ নাই,
প্রেমৰ পৱিত্রতা আছে
আৰু আছে অপেক্ষাৰ দীঘল বাট ।
কাৰণ মই যে পুৰুষ
অসুৰ আৰু মানুহৰ প্রতিভূ স্বৰূ্প ।

যদিও অসংখ্যবাৰ বহুতো নাৰীয়ে পায়
পুৰুষৰ সত্ত্বাৰ অন্ধকাৰ,
যদিও ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই
পুৰুষৰ অহংকাৰে জন্ম দিছে
হেজাৰ মৃত সূৰ্য
যাৰ বাবে কোনো আকাশ নাই;
তথাপি পুৰুষ আছে নাৰীৰ প্রেমৰ,
তথাপি পুৰুষ আছে সীমাহীন কাব্যৰ,
অথবা পুৰুষ আছে আত্মাৰ স্পৰ্শৰ ।
সন্দেহ আছে তাত,
তথাপি সঁচা সেয়ে ।
তেনে নাৰী আছে
সেয়া সঁচা,
সেয়ে তেনে পুৰুষো আছে
দ্বিধাৰ ডাৱৰে তাক নোৱাৰে ঢাকিব ।

আদিম পুৰুষৰ চালাকি
সেয়ে বুজি পালোঁ আজি মই ।
জ্ঞানৰ বিষফল আদমে ঈভৰ কথা মানি খালে,
তাকে কৈ তাহানিৰ আৰু আজিৰ মনুবোৰে
দ্বিতীয় শ্রেণীৰ যাত্রী সজালে
পুৰুষৰ সাধনাৰ সমস্ত চেতনাক ।
পুৰুষে পুৰুষক কৰা অন্যায়ৰ
সেয়ে মই আজি কৰোঁ প্রতিবাদ ।

পুৰুষো মানুহ
যেনে মানৱী নাৰী ।
পুৰুষো দানৱ
যেনে দানৱী নাৰী ।
কিন্তু পুৰুষ দেৱতা নহয়
সমস্ত শঠতাৰ,
নাৰী যেনে দেৱী নহয়
সমস্ত চলনাৰ ।


মই পুৰুষ
সেয়ে মই প্রেমিক ।
মোৰো মন আছে
জীৱনৰ বাটচ’ৰা
প্রেমৰ সেউজীয়াৰে সজোৱাৰ ।
তাৰ মাজতে থাকে
সান্নিধ্য বিচৰাৰ এক জটিল আৱেগ ।
আৰু আছে জীৱনৰ খলাবমা,
কোনো সুৰে গান কৰি নোতোলা
কিছুমান কবিতা ।

ফ্রয়ডক লগ পালে সুধিম,
পুৰুষ হোৱাৰ যন্ত্রণা কিমান ।
সিমানেইনে
সুখৰো অতীত এক নিচা বিচৰাৰ যিমান ।
উত্তৰ নাথাকিব ফ্রয়ডৰো,
কাৰণ মোৰ প্রশ্নও যে
এক নিমিলা উত্তৰ ।

নাৰী আছে,
সেয়ে প্রেম আছে পুৰুষৰ ।
আজি পুৰুষ হৈ
মই গৰ্বেৰে ঘোষণা কৰিছোঁ
আৰু মোৰ জটিল প্রজ্ঞাৰে,
জ্ঞানৰ সমস্ত দুৱাৰ
মুকলি নহ’ব পাৰে আজিও পুৰুষৰ,
তথাপি নাৰী মন যেনে
পুৰুষৰো সেই মন ।
আঁহ ফলা বিচাৰত
পুৰুষে সজালে নিজকে পৰাধীন,
নাৰীত্বৰ অপমানে
পুৰুষক কৰিলে স্বাৰ্থপৰ ।
তাৰ পৰা মুক্তি নাই
সেই সমস্ত মৃত আৰু জীৱিত পুৰুষৰ ।

মই সেয়ে কওঁ
মই যে পুৰুষ,
যন্ত্রণাৰ আদিতম ৰূপ ।
পদে পদে সন্দেহৰ অগণি স্বৰূপ ।
তাৰ পৰা মুক্তি যদি আছে
নাৰীৰ প্রেমত আছে ।
সেই নাৰী দেহাতীত
সেই পুৰুষো কামাতীত ।

তথাপি
জীৱনৰ খুচুৰা হিচাপ কৰি
স্থূলতাৰ মুখা পিন্ধি
সেই পুৰুষ আৰু নাৰী
বিষাদৰ একেখনি নদীৰ
নিমিলা দুটি পাৰ ।
তাত ফ্রয়ড নাই,
আছে চিৰন্তন অপেক্ষা ।
********************

Monday, July 18, 2011

চিঠি

এদিন ৰাতি
সভ্যতাৰ কোনোবা এটা গলিত
এজন প্রিমিটিভে
মাটিৰ তেজেৰে গঢ়িলে চিঞাহী,
আৰু সেই এটা ক্ষণতে
জন্ম হ’ল চিঠিৰ,
বুৰঞ্জীৰ প্রথম দিনৰ স’তে
আজিৰ চিনাকি ।

আৱেগে ৰূপ ল’লে ভাষাৰ
ভাষাত বাঢ়িল কল্পনা,
হৃদয়ৰ কতনা দেশত
বিয়পি পৰিল চিঠি ।
বহুজনে চিঠি লিখি হ’ল কালিদাস,
সেয়াতো চিঠিয়ে আছিল
আজিও চিঠি,
মাথোঁ তাৰ আছে
অন্য বহুতো চিনাকি ।

চিঠিত খবৰ থাকে হৃদয়ৰ
আৰু লিখকৰ মগজুৰ,
চিঠি মানে কবিতা
চিঠি মানে গদ্য
চিঠি মানে ইলিয়াড-অ’ডিচী ।
প্রজন্ম-বিচ্ছিন্নতাৰ মাজত ওলমি ৰোৱা
বহুতো দলঙৰ কাহিনী ।

চিঠিয়ে বিয়পায় খবৰ বুৰঞ্জীৰ
চিঠিয়ে কঢ়িয়ায় খবৰ যুদ্ধৰ, প্রেমৰ ।
ৰাজকুমাৰীয়ে চিঠি লিখে সপোন-কোঁৱৰলৈ,
উল্কাৰ চিঠি আহে নৱ বৰুৱা্লৈ,
এটা যুগে চিঠি লিখে
আগত ভৱিষ্যতলৈ ।
কৃ্ষ্ণ পক্ষৰ পিছত
জোনে চিঠি লিখে আকাশলৈ ।

আইৰ চিঠি আহে
ভাইটিয়ে চিঠি পঢ়ে,
অভিমানত ত্রিৱেণীয়ে চিঠি লিখে,
মাইনুৰ চিঠিত থাকে
মৰমৰ টুকুৰা খবৰ ।
জোনৰ চিঠিয়ে ভৰাই তোলে
আকাশৰ শূণ্যতা,
জীৱিকাৰ মৃত গলিত ওপজে
জীৱনৰ নতুন সন্তান ।

সেয়েহে চিঠি লিখা
সকলোৱে লিখা,
বন্ধুলৈ চিঠি লিখা
চিঠি লিখা নেদেখা আপোনজনলৈ
চিঠি লিখা জীৱনলৈ,
মাথোঁ চিঠি লিখা
এদিন-এবাৰ ।
ওলাই আহা অকণমান
চৰ্ট-মেছেজৰ জাল ফালি
নেটৰ পৃথিৱীৰ পৰা ।
তোমাৰ চিঠিয়ে বিলাব পাৰে
এমুঠি হাঁহি, এধানি আশ্রয় ।

চিঠিবোৰ হ’ব পাৰে মাথোঁ
কাগজৰ আখৰ আৰু
পাঁচ টকাৰ ডাকটিকটৰ খৰচ,
অথবা হ’ব পাৰে
মেটমৰা জীৱন-সম্ভাৰ,
তথাপি সকলো চিঠিতে
স্পৰ্শ থাকে মানুহৰ আত্মাৰ,
আৰু কোনো এখন বিশেষ চিঠিত
লিখা ৰয় মহাকাব্যৰ এখিলা পাত ।

আইলৈ চিঠিঃ ৰবটৰ নগৰীৰ পৰা

বহুদিন হ’ল আই
তোৰ শুৱনি মুখখনি দেখা
আৰু তই ৰন্ধা থেকেৰা টেঙাৰ আঞ্জা খোৱা ।

সপোনবোৰ চকুত লৈ
আহিলোঁ যে ওলাই,
বছৰেকৰ মূৰত ঘৰত যোৱা
মোৰ সৰল গাঁওখনি দেখোন হেৰাই যায় ।

তোৰে শপত,
জীয়াই থাকিবলৈও আমি নৰকলৈ যাওঁ ।
নহ’লে দেউতাৰ পুৰণি চাইকেলখনকে লৈ
বজাৰলৈ গ’লোঁহেঁতেন,
মোনা ভৰাই আনিলোঁহেঁতেন
পালেং শাক আৰু কাৱৈ মাছ !
মাগুৰৰ দাম বৰ বেছি,
মাংস হাই-প্রেছাৰলৈ বেয়া ।

সেয়াই ভাল কিজানি
এতিয়া মাথোঁ উজাগৰ ৰাতি ।
ভাইটিটো থাকক দে,
সিও নহ’লে
তহঁত দুইটা বৰ অকলশৰীয়া হ’বি ।

দাদাটো চাগে’ আছেই
ভেন্সাৰ ক’লেজত চৰকাৰ সলনি হোৱা্লৈ বাট চাই ।
মামালৈনো সদায় কিয় ফোন কৰ,
মইতো ভালেই আছোঁ;
জীৱিকাৰ অন্ধকাৰত জীৱন লেখি ।
তাতকৈ মামীৰে খবৰ ল’বি,
তেওঁ বৰ অসুখী ।

বাইদেউজনী বহুত ডাঙৰ হ’ল,
মই চাকৰি কৰা মানে
তাইৰ বিয়াৰ বয়স হ’ল ।
তাইৰো চাগে’
একেবাৰে ডাঙৰ হৈ যাবলৈ বেয়া লাগে !

ভণ্টিদুজনী ক’লেজত পঢ়ে,
মনৰ অৰ্দ্ধাকাশত কিজানি বহুতো তৰা,
তাহানিৰে সেই ফুটফুটীয়া ফ্রক পিন্ধা ।
গ্রীটিংছ কাৰ্ডৰ মৰমবোৰে
সঠিক ঠিকনা পায়নে নাপায়বা ।

তথাপি তই বৰ বেছি নাভাবিবি আই ।
মই আছোঁদে এই ৰবটৰ নগৰীতে
জীৱনৰ খুচুৰা হিচাপ কৰি ।
এইবাৰতো ছমাহতে যাম ।
ইয়াৰ পিছত এবছৰ বা দুবছৰৰ বিৰতি,
তথাপি তই কঁকালৰ বিষটোৰ
খেয়াল ৰাখিবি ।
(নহ’লে মই বেয়া পাম)
আৰু নাম গাবলৈ নাপাহৰিবি
নিতৌ সন্ধিয়া ।

পুনশ্চঃ দেউতাৰ খংটো নিশ্চয় কমিছে ।
পাৰ কেইযোৰৰ পোৱালি জগিছেনে ?
জন্মদিনটো এইবাৰ ঘৰতে পালিম
তই সকলোকে পায়স খুৱাবি !!

**(ৰচনা তিথিঃ ১২ জুন, ২০০৪)**

Saturday, July 16, 2011

ইণ্টাৰনেট

যন্ত্ৰৰ চকুলো দেখি
মানুহে নেকান্দিলে হায়,
জাতিস্মৰ চেতনাৰ প্রথম আঘাত ।
নিজৰ দুখৰ কথাকে ভাবি
আপোন সৃষ্টিকে পাহৰিলে
অভাৱী মানুহে ।
টোপনি গ’ল সাঁচিপাতৰ ভাষা ।
মমবাতিৰ পোহৰত জোনাক গলা নিশা ।
কাউৰীঠেঙীয়া আখৰবোৰ আজি প্রাচীন হ’ল,
সেই আবেগ তলসৰা শেৱালি হ’ল ।
যন্ত্ৰৰ বুকুত আশ্রয় ল’লে দায়িত্ববোধৰ সপোন ।

তাকে দেখি
যন্ত্ৰইও দুখত হাঁহিলে ।
সীমিত সত্ত্বা তাৰ
তথাপি মহান ।
তাৰ বুকুতে আশ্রয় ল’লে দুৰ্বল মানুহে ।

ইণ্টাৰনেট স্বপ্ন দেখি
নিকট চহৰ আজি দূৰৰ গাঁও,
আকাশ মাথোঁ এটি মাউছৰ নিগনি-দৌৰ ।
তাৰ মাজতো সত্য আছে
প্রকাশ যে তাৰ সুন্দৰ ।
অতীত মাথোঁ এক দূৰণিৰ ছাঁ
সেই ধাৰণা যে ভুল,
যন্ত্ৰইও তোমাক সোঁৱৰাব বাৰে বাৰে ।

আমাৰ মাজৰ ব্যৱধান
বাঢ়িল নে কমিল,
তাৰ লেখ ৰাখিব কোনে ।
ইণ্টাৰনেটত স্তব্ধ হৈ ৰয় পুঁজিবাদী কোৰ্হাল,
হেজাৰ মৃত সভ্যতাৰ মৰা-পচা গোন্ধ ।
প্রস্তৰ যুগ শেষ হ’ল সেই তাহানিতে
তাৰ হাড়ত গজিল ডেম-ডেউকা ।
কিহৰ স্বপ্ন দেখি
অবোধ সন্তানে যন্ত্র-যুগৰ জন্ম দিলে ?
সেই সপোনো হেৰাই গ’ল,
ইণ্টাৰনেট মাথোঁ বিতৃষ্ণা হৈয়ে ৰ’ল
পণ্য গোপনীয়তা দিনৰ প্রকাশ হ’ল ।
অৱসাদগ্রস্ত হেজাৰ চহৰ
সেই ঢৌত উটি-ভাঁহি গ’ল ।
তথাপি সাগৰ জানো শুকাল
মানুহৰ স্বপ্ন অথবা দুঃস্বপ্নৰ ।

যুগে যুগে বিচাৰিব
ৰূপান্তৰৰ যাত্রী মানুহে
সেই গতিৰ অহংকাৰ ।
কেতিয়া লুকাই পৰে
কেতিয়া হেৰাই যায়
তাতে
কাৰ কি আহে-যায়,
মাথোঁ গতিয়ে সত্য,
আমাৰ জীৱনৰ দৰে
এক অভাৱী-অমৰ সত্য ।

Tuesday, June 14, 2011

মহানগৰ

পৃথিৱীৰ প্রথম প্রেমৰ
বুৰঞ্জীৰ প্রথম যুঁজৰ
স্বাক্ষৰ এই মহানগৰ,
সভ্যতাৰ শেষ স্বপ্ন মানুহৰ ।

যুঁজি যুঁজি হাৰি গ’ল কত ইতিহাস
অজানা হৈ ৰ’ল কত যে সাথঁৰ ।
তথাপি সেই একেই সংগ্রাম
সেয়াই সভ্যতা, সেয়াই যুঁজৰ
কল্পনাৰ এভাৰেষ্ট যুগ-যুগান্তৰৰ ।

শূন্যতে ওলমি
শূন্যতে মৰহি গ’ল
কত বেবিলন,
কিমান স্বপ্ন দিগ্বিজয়ী আলেকজেণ্ডাৰৰ ।
ঈৰ্ষাৰ জুইত জাহ গ’ল
কত সোণালী লঙ্কা,
ঈৰ্ষা শেষ নহ’ল তথাপি মানুহৰ ।

সাজি গ’ল বাৰে বাৰে
সেই একেই মহানগৰ,
সভ্যতাৰ শেষ বিন্দু
কল্পনাৰ শেষ সীমা
গগনচুম্বী অট্টালিকা
যন্ত্রণাগ্রস্ত হেজাৰজনৰ ।
লাগিলে সেয়া হওঁক এঘাৰ ছেপ্টেম্বৰ
অথবা ছাব্বিশ নবেম্বৰ ।

হৰপ্পা-মহেঞ্জাদাৰোৰ স্বপ্ন
কলিতেই মৰহি গ’ল,
বাগদাদ-কাবুলত শেষ হ’ল সেই ইতিহাস,
মহানগৰ হ’ল কাউৰী-শগুণৰ আহাৰ ।

স্বপ্ন শেষ হ’ল এজাক মানুহৰ
বোবা হৈ ৰ’ল আশা
পঙ্গু হৈ ৰ’ল আমাৰ প্রাণৰ নগৰ ।

নিজৰ ঘামকে
নিজেই সাৱটি
দুৰ্গন্ধত লেটি লৈ থাকিল
মানুহৰ যন্ত্রণাৰ সাঁথৰ,
বন্ধ কোঠাত ব্যস্ত হাহাকাৰ
মহানগৰ নামৰ এক ব্যৰ্থ সাঁথৰ ।

ব্যস্ত হ’ল ইয়াত জীৱিকা
ব্যস্ত হ’ল এলান্ধু-ক’লীয়া মনৰ ডাৱৰ,
জীৱিকাই কবৰ হ’ল সৰু সৰু স্বপ্নৰ ।

তেনেহ’লে
ক’ত পৰি ৰ’ল
আমাৰ মহানগৰ।
সভ্যতাৰ শেষ স্বপ্ন
কল্পনাৰ এভাৰেষ্ট
আজিৰ মানুহৰ
আৰু অযুত যুগৰ ।

Monday, June 6, 2011

দেওবাৰ

প্রাত্যহিকতা শেষ হ’লে
দৈনন্দিন খুচুৰা খবৰবোৰ
বতাহত জাহ গ’লে
ঘূৰি আহে আমাৰ হেঁপাহৰ দেওবাৰ
খুলি দিয়ে সৰু সৰু হাঁহিৰ দুৱাৰ ।

জীৱিকাৰ মৃত গলিৰ পৰা উঠি আহে
সেই এটাই মাথোঁ শান্তি
এটাই মাথোঁ তৃপ্তি
আমাৰ হেজাৰ স্বপ্নক প্লাৱিত কৰা ।

সময়ৰ অগা-ডেৱাত
জীৱনৰ ধামখূমীয়াত
হেৰাই যদি যায়সেই দেওবাৰ,
বিৰক্তিত শুকাই যদি যায়
সমস্ত হাঁহিৰ থুনপাক,
কাৰ স’তে উমলিম আমি
কাক ক’ম মন খুলি
কুঁৱলীৰ ধোঁৱাৰে ধূসৰ চাকনৈয়া ।

সেয়েহে জীৱনত
সেয়েহে জীৱিকাৰ অভাৱী সমুদ্রত
প্রয়োজন আছে
এটি-দুটি মিঠা দেওবাৰ
আমাৰ হেজাৰ স্বপ্নক প্লাৱিত কৰা ।

Thursday, June 2, 2011

হৃত দিগন্ত – লুপ্ত আকাশ

ৰাতিৰ নিঃশব্দতাই কাঢ়ি নিয়ে প্রেম
অতীত-বিলাপত হেৰাই যায় প্রেম,
স্থূল দুটি আঙুৰৰ কলিত শেষ হয় মিলন-আলাপ ।
আৰু আমি আক্ষেপ কৰোঁ,
প্রেমৰ সময় নাই ।
আমাৰ কাণত অহৰহ বাজে
আমাৰ আভিজাত্যৰ বিননি,
আমাৰ সময় শেষ হয়
জীৱনৰ নিমিলা অংকৰ হিচাপ কৰি ।

স্থবিৰ আমাৰ প্রজ্ঞাই কাঢ়ি নিয়ে
সৰল নিৰল শৰালি আৱেগ,
আমি মাথোঁ পৃথিৱীক দেখুৱাও
অবুজ ব্যস্ততাৰ অজানিত খেল ।
আৰু আমি আক্ষেপ কৰোঁ,
আবেলিৰ ৰামধেনু আবেলিতে হেৰায়
আমাৰ দেখোন চাবৰ সময় নাই,
ভাগৰুৱা মগজুৰ আহৰি যে নাই ।

তথাপিও আমাক প্রেম লাগে
কংক্রীটৰ অৰণ্যত সান্নিধ্যৰ জটিলতা,
তাত আমাৰ জ্ঞানৰ পোহৰ নাই
আছে মগজুৰ আন্ধাৰ,
জীৱন জীৱন লগা সময়ৰ অভাৱত
উপত্যকাৰ সেউজীয়াই আমাৰ হৃদয় নভৰায়
দুই ওঁঠে মাথোঁ পাটীগণিতৰ নেওঁতা আওঁৰায় ।

আৰু আমি আক্ষেপ কৰোঁ
মাথোঁ আক্ষেপ কৰোঁ
সপোনপুৰত জোনাক নাই,
আমাৰ অখ্যাত দিগবলয় মৃত্যুৱেও মহান কৰি নাযায় ।

Sunday, May 29, 2011

প্রেমহীনতা

সপোন নদীৰ ঘাটতে

তুমি আছিলা মোৰ কাষতে,

তুমি অবিহনে আজি

প্রেম হ’ল একাদশী,

হৃদয়ৰ সাঁচিপাতত লিখা

মনৰ বাতৰিবোৰ

গ’ল যে উৱলি ।


লহিওৱা বেলিয়ে সন্ধিয়াৰ পৃথিৱীক

নিয়ৰৰ চুমা যাছি

গ’ল যে আঁতৰি,

তৰাৰ দেশতে জোনবাই

অকলে থাকে উজলি,

তুমি অবিহনে আজি

প্রেম হ’ল একাদশী ।


পুঁৱতি নিশাৰ সপোন ভাঙি

কাঁচিয়লি ৰ’দৰ জিলিকনি সানি

ক’ৰবাৰ পৰা তুমি যদি আহা

অ’ মোৰ অনামী প্রিয়া,

উৱলি যোৱা সাঁচিপাততে

আকৌ এবাৰ লিখিম

হৃদয়ৰ বতৰা ।

লোড্-শ্বেডিং

এদিন আমি জোনাকত বহি

কথা পতাৰ কথা আছিল,

সহজ মৃত্যুৰ বিষয়ে

জীৱিকাৰ মৃত নগৰীৰ

ব্যস্ত এক প্রান্তৰত ।


আমাৰ বাৰ্তালাপ আগবাঢ়িলে

বিষয় হ’ব অসংখ্য অখ্যাত গাঁও আৰু চহৰ

যিবোৰৰ ঠিকনা থাকে হৃদয়ত,

আৰু আমি নেদেখা বহুতো অৰণ্য

কংক্রীটৰ অথবা পাইন গছৰ ।


এদিন আমি সময় উলিয়ালোঁ,

হৃদয়ৰ উত্তাপে বোলাই যাব

নিৰ্লিপ্ত অৱবাহিকা,

আমি কথা পাতিম

বহুত কথা পাতিম ।

আৰু যেন বাকী নৰয় একো ।


এক দুই তিনি চাৰি ছেকেণ্ড............

সময় বাগৰিল,

আমাৰ বাবে আকাশ মুকলি নহ’ল

আমি জোনাক বিচাৰি নাপালোঁ,

আমাৰ বাবে থাকিল মাথোঁ

নিয়ন উজ্জ্বল গধূলিৰ কৃত্রিমতা ।


আমাৰ বিষয় সলনি হ’ল,

আমি কথা পাতিলোঁ

টকা-পইচা আৰু

সন্মানীয় জীৱিকাৰ বিষয়ে,

তোমাৰ পোছাক আৰু

মোৰ চুলিৰ বিষয়ে,

মোৰ নুবুজা কবিতা

আৰু অহংকাৰী চৰিত্রৰ বিষয়ে ।


শেষত

তোমাৰ মোৰ ওপৰত অভিমান হ’ল !

তুমি আক্ষেপ কৰিলা,

আমাৰ পতাই নহ’ল

পাতিব লগা বহুতো কথা ।

আমি মাথোঁ শেষ কৰিলোঁ

অনৰ্থক সময়-খৰছৰ কছৰৎ ।


ভাবিছোঁ

আকৌ এদিন সময় উলিয়াব লাগিব ।

আকৌ এদিন বিচাৰিব লাগিব জোনাক

আৰু মুকলি আকাশ

লোড্-শ্বেডিঙৰ সময়ত ।


হয়তো, তাৰ পিছত

আকৌ এদিন............................... ।

Friday, May 27, 2011

বিষয় : নাৰী

সৰু্তে পৰীৰ সাধু শুনি
পখিলাৰ দৰে নাচি ফুৰা ছোৱালী এজনী
বেদান্ত দৰ্শনৰ কৱলত পৰি
নিৰুদ্দেশ হৈছিল কাৰাৱালাত ।

দৰা-কইনা খেল খেলোঁতে খেলোঁতে
তাই পৰ্যনমিত হৈছিল এটা পুতলালৈ,
আৰু
ভাল ৰিজাল্ট কৰা ভাল ছোৱালী সজাই
স্বৰ্গৰ দৈত্য অথবা
নৰকৰ দেৱতাৰ বাবে
তাইক প্রস্তুত কৰা হৈছিল ।
(স্বামীসে স্বৰ্গ, স্বামীসে পৰম ধৰ্ম)

বাৰ বছৰ বয়সত
চয়তানে তাইৰ গাত বাহ লৈছিল,
ঈশ্বৰৰ অভিশাপ
এইবাৰ তাই পৰিৱৰ্তিত হ’ল এটা চেক্স-পুতলালৈ ।
(মাইকত ভাঁহি আহে যৌৱনৰ অবুজ বিননি)

হাজাৰ বছৰীয়া হজৰতে
মেদিনাৰ কবৰৰ পৰা উঠি আহি
তাইক পিন্ধাই দিলে অপ্রেমৰ বোৰ্খা,
লালায়িত যাতে নহয়
‘ভগৱান ইন্দ্র’ অথবা ‘প্রজাপিতা ব্রহ্মা’ ।

এইবোৰ কথা তাইক শিকোৱা হ’ল
নতুন চলনাৰে,
অবিজ্ঞানৰ নৱ নৱ ব্যাখ্যাৰে,
দেৱতাৰ অভিশাপত (?)
জন্মা নাৰীৰ প্রতিশ্রুতিৰে ।

এদিন মৰা সাগৰৰ পৰা উঠি আহিল
এটা পোক ক্রমবিকাশৰ বুৰঞ্জীৰে,
আহি ছোৱালীজনীক শিকাবলৈ ল’লে
মানুহ হোৱাৰ বিজ্ঞান ।
নাৰীৰ পৰা মানুহ
পুৰুষৰ পৰা মানুহ ।

তাইৰ কৃষ্ণ হেৰাই গ’ল
পুৰাতন কৃষ্ণ,
ঈশ্বৰৰ মুখা পিন্ধি
মানুহ হ’বলৈ পাহৰা কৃষ্ণ ।

লাহে লাহে মানুহ হ’বলৈ ধৰা সেই নাৰীৰ মাজত
হাহাকাৰ কৰি উঠিল
ইতিহাসৰ পাতে পাতে লাঞ্চিতা
হাজাৰে হাজাৰে শতৰূপা, বৃন্দা,
জুবেইদা, আয়েছা, দ্রৌপদী আৰু সীতা ।

সেই হাহাকাৰৰ পৰা মুক্তি যদি আছে
জীৱনৰ বুৰঞ্জী পঠনত আছে
মানুহৰ প্রেমত আছে,
আৰু আছে মগজুৰ দেহজ আত্মাত ।
পাৰ হৈ বেদনাৰ সমুদ্র-প্রপাত,
শেষ কৰি অসাম্যৰ মন্ত্রোচ্চাৰ
তেনে নাৰীয়ে শিকাব পাৰে মানুহক
জীৱনৰ আদি পাঠ ।
তছলিমা নাছৰিন তো্মাক ধন্যবাদ !!

মৃত মহাকাব্য

পৃথিৱীৰ আজি আয়ুস কিমান ?
কিমান যুগৰ ইতিহাস ?
লিপিবদ্ধ হ’ল কিমান
মৃত মহাকাব্যৰ পাণ্ডুলিপি ?
সৃষ্টিৰ পাতনিৰ সেই আদিম নাৰী
আদিম সেই জননী পৃথিৱীৰ,
সীতাৰ পুনৰ্জন্ম হয় অশোক বনত ।

ৰেল ষ্টেচনৰ পৰা জীৰ্ণ ফুটপাথ
সেমেকা গলিৰ পৰা জটায়ুৰ বন্দৰ,
সেই প্রান্তৰলৈ বিস্তীৰ্ণ-বিশাল
আমাৰ মহাকাব্য ।
আমাৰ অৰ্জুন নপুংসক বৃহন্নলা
আমাৰ পূৰ্বজ অন্ধ ধৃতৰাষ্ট্র ।
আমাৰ ৰামচন্দ্রই নপঢ়ে ডিভাইন কমেডী
ফুটপাথত ধৰ্ষিতা হয় ৰজস্বলা দ্রৌপদী ।
আমাৰ কৃষ্ণ নাই ।
জীৱিকাই কবৰ দিয়া ভীষ্ম পিতামহ
ৰাতিৰ গছৰ দৰে স্থানু ।
স্থানু এই নিশাৰ অৰণ্যত
আমাৰ সভ্যতাৰ ভৱিষ্যৎ
মহেঞ্জাদাৰোৰ জঁকা ।
আমাৰ প্রতিটো সন্তা্নৰ বাবে আছে
ট্রেজিক কৰ্ণৰ জন্ম যাতনা ।

শূন্যতাৰ এই পাণ্ডুলিপি
শূন্যৰে পূৰোৱাৰ পুৰণি খেল,
ক’লা-বগা দুই-এটি আঁক-বাঁক জীৱন-প্রেমৰ ।
তাৰ মাজতে থাকে
মৃত মহাকাব্যৰ একোটা জীৱিত অধ্যায় ।
জন্ম হয় আমাৰ মাতৃ টেৰেজাৰ,
জন্ম হয় মেৰীৰ সন্তান,
সিদ্ধাৰ্থৰো জন্ম হয় এই আলিদোমোজাত ।
জীৱন আৰু প্রেমৰ বাবে
মহাযুদ্ধই জন্ম দিয়ে নাইটিংগেলক ।
উন্নাসিক গৱেষকে প্রশ্ন কৰে
সঁচাকৈয়ে জানো ঊনৈশ সাতচল্লিছ মহাত্মাৰ দান
নে এয়া ভাৰতৰ অভিশাপ ?
মানুহক কোনে কিমান ভাল পালে
ইতিহাসে কেতিয়া কাক ভুল বুলি ক’লে
তাৰ লেখ ৰাখি লাভ নাই,
মহাকাব্যৰ পাতে পাতে লিখা আছে
পৃথিৱীৰ বাবে প্রেমৰ অহংকাৰ ।

আমাৰ সান্ত্বনা নাই
আত্মাৰ প্রশান্তি নাই, ব্যাসদেৱ
তোমাৰো সান্ত্বনা নাই ।
কাব্যৰ কোনো শেষ নাই
যন্ত্রনাৰ একো ভাষা নাই,
মৃত পাণ্ডুলিপিকো কুটে ৰূপালী পোকে ।
তথাপি জানো শেষ আছে ? শেষ নাই
এই নিথৰ চাহাৰাৰ আদিগন্ত শূন্যতাৰ ।
আমাৰ গতিৰ শেষ নাই । নৱকান্ত,
আমাৰ যাত্রাৰ সীমা নাই ।
আমাৰ হাড়ত গজা বনেও
সম্ভেদ দিব এক নতুন পৃথিৱীৰ ।
যদি সি হয় দুৰ্যোধন
কোনোবা কৃষ্ণই আহি ঢাকি দিব
চেতনা গান্ধাৰীৰ
প্রতিজ্ঞা ৰক্ষাৰ বাবে দুৰ্বল অৰ্জুনৰ (?)

মৃত সভ্যতাৰ জঁকাৰ পৰা জন্ম হয়
বেহেলাবাদক আইনষ্টাইন আৰু
বিশ্ব-সংহতিৰ প্রেমিক নিউটনৰ ।
মট’নিউৰন আৰু ক্লেদাক্ত দেহেৰে জন্মে হকিং
আমাৰ প্রাৰম্ভৰ হকিং ।
শূন্য এটি আঘাতত হঠাতে জাগে সময়,
আমাৰ প্রাণৰ সময়
আৰু এই জগতৰ ।

গতিৰ বিকল্প নাই,
জীৱনীৰ দাম নাই
আছে জীৱনৰ
মহানাদ মুহূৰ্তৰ সেই অসীম ঘনত্বত ।
জীৱনীৰ অন্ত হয় য’ত
তাতেই পাতনি মহাকাব্যৰ,
মৃত হ’ব পাৰে
তথাপি জাগে সময়
দুটি-এটি বিফল মুহূৰ্তৰ
পোহৰ যদিও লক্ষ্য আন্ধাৰৰ ।

খিৰিকি কাষৰ দুৱাৰত
টক্ টক্ শব্দ কৰি
অ’ভাৰ-কোট পিন্ধি
ৰৈ থাকে ব্রহ্মা, মুখাৰে সৈতে
আমাৰ চিৰদিনৰ ব্রহ্মা ।

সখী

নিশাৰ জোনাকে পুৱাৰ নিয়ৰক
মুনি-চুনি বেলিয়ে সন্ধিয়াৰ জোনাকক
সখী বুলি ক’লে,
পৃথিৱীয়ে হাঁহি মাৰি আকাশলৈ চালে,
সেই আকাশ বিশাল আকাশ
সেই জোনাক নিবিৰ জোনাক
আমাৰ মৰমে গঢ়া সৰল বিশ্বাস ।

তাৰ পিছত,
সেই একেই গভীৰ আশা
জোনাক গলি গলি নিজম পৰা নিশা ।

আমি সখী কি সুৰে
আমি সখী কি সুখে
পৃথিৱী গঢ়িম কোৱা ?
স্থবিৰ সূৰ্য আমাৰ
ভাঙি চিঙি য’ক,
আমাৰ আকাশ শৰা্লি আকাশ হ’ক ।

আজি যদি আঁউসীৰ অতৃপ্তি আছে
কাইলৈ প্রতিপদৰ পোহৰ আছে
তাৰ পিছতো এআকাশ জোনাক আছে ।
আন্ধাৰ থাকিব পাৰে,
তথাপি আমাৰ পৃথিৱী আমাৰেই
আমাৰ আকাশো আমাৰ ।

আমি সখী যি সুৰে গঢ়িম
তাতেই আমাৰ শান্তি হ’ব,
তাৰ বাবে যদি আহে দূৰণিত চাকনৈয়া
তাৰ বাবে যদি উঠে জোৱাৰৰ অচিন সাগৰ,
তাত আমাৰ কি দোষ আছে কোৱা ?
আমি মাথোঁ জানো এটাই সত্য
আমাৰ জীৱনে ৰিঙিয়াই কয় সেই অকণি সত্য ,
আমাৰ হৃদয় সেই সখীৰেই হেঁপাহৰ কণমানি ঘৰ


আমাৰ আকাশত সেই এটাই চন্দ্রমাৰ পোহৰ ।

বিষাদ

কোনেও উমঘাম নোপোৱাকৈ
ধূলিয়ৰি পছোৱা এজাকে
ফাগুণ অহাৰ বতৰা দি গ’ল,
লঠঙা শিমলুজোপাৰ ওপৰত
ওপঙি আছিল অকলশৰীয়া জোনটো !

প্রেম

জীৱনৰ যতি,
য’ত ঠিয় হৈ
ঘূৰি চাওঁ আমি
এৰি অহা অনেক
দিন আৰু ৰাতি !!

অসুখ

সিদিনা বতাহ আছিল গধূৰ,
উশাহত শেৱা্লি ফুলাৰ গোন্ধ,
উজাগৰী কো্ঠালিত বিয়পি গৈছিল এটি নিৰৱ সুৰ
...সিদিনা বতাহ আছিল গধূৰ
মাটিৰ কলিজাত দুখৰ আবুৰ,
নিশাহত পোৰা মাটিৰ গোন্ধ
সিদিনা বতাহ আছিল গধূৰ,
উশাহত শেৱা্লি ফুলাৰ গোন্ধ

শব্দম

বহুদিন বিৰতিৰ পিছত
জুই একুৰা জ্বলিব ধৰিছে
গুমগুমাই থকা আঙঠাৰ পৰা
সিহঁতৰ বুকুৰ ভিতৰত;
কোনো আন্দোলনৰ ভুৱা শ্লোগান নহয়
নহয় কোনো শোষকৰ চতুৰালি,
বালিমাহীৰ দুখেৰে নোওৱা
জোনাকৰ গধূলিবোৰত আৰু
তমসাচ্ছন্ন অমানিশাৰ দুৰ্যোগতো
উদাত্ত কণ্ঠে নিগৰি বৈছে
সিহঁতৰ হৃদয়ৰ সমগ্র জ্বালামুখী ।
দূৰৈত গুৰুম্ গুৰুম্ হিলৈৰ নিনাদ ভেদি
নদীয়ে-বতাহে, পথাৰে-পাহাৰে
আকাশ কঁপাই বিয়পি পৰিছে
শব্দৰ সৈতে একাত্ম হৈ পৰা
এমুঠি স্বপ্নাবেশীৰ হৃদয়-ধ্বনি ।

কমলা-বিমলা-ৰমলাকুঁৱৰী
তহঁতৰ বাবে আজি
দুঃসময়ৰ বুকু ফালি ওলাই আহিছে
বহুকেইজন বাৰীকোঁৱৰ,
সপোনৰ দেশৰ পৰা লৈ আহিছে এমুঠি শব্দ,
তহঁতক শিকাই দিব প্রতিবাদৰ ভাষা ।
অসমীয়া আজি জাতি মৃত, কোনে কয় !
দেখুৱাই দিবি শকতি অসমীয়াৰ
কাৰণ, তহঁত যে বিপ্লৱী-তহঁত যে তাণ্ডৱী।
এই জুই জ্বলিছে
শব্দিল আলি-কেঁকুৰিত,
আমি জ্বলাম এই জুই নৱ শতিকাত
শদিয়াৰ পৰা ধুবুৰীলৈ
উজনিৰ পৰা নামনিলৈ ।
হাদিৰাচকী এইবাৰ শৰাইঘাট হ’ব,
সকলোতে উৰিব অসমীয়াৰ বিজয় পতাকা;
জাগি উঠ অসমীয়া ডেকা
জাগি উঠ অসমীয়া গাভৰু
তহঁত আজি নৱযুগৰ যুঁজাৰু,
ৰৈ নাযাবি-হাৰি নাযাবি
তহঁত যে আজীৱন বিপ্লৱী;
লক্ষ্যত যদিহে থাক অবিচল
আকৌ আমি সমস্বৰে গাম
“আমি অসমীয়া, নহওঁ দুখীয়া............”

ৰঙা তেজেৰে, বন্দুকৰ নলীৰে
অসমী আইৰ বুকু বিদাৰি লিখা বুৰঞ্জী সলাই
আহ, লিখোঁ আমি নতুন যুগত
নতুন মৰমৰ নতুন প্রেমৰ শব্দময় ইতিহাস ।
পাণবজাৰৰ অশ্লীল বতাহজাক ঠেলি পঠিয়াই
সাগৰিকাৰ বাবে বোৱাই আনিব লাগিব
এজাক নতুন বতাহ,
জীপাল পথাৰত ফুটাই তুলিব লাগিব
মোৰ দেশৰ মাটিৰ গান ।

শুনিছ, শুনিবি, শুনিবই লাগিব তহঁতে,
নৱ শতিকাৰ গৰ্ভত আমি ধাৰণ কৰাম
শব্দেৰে গঢ়া মানৱ্তাৰ অমোঘ বীৰ্য্য,
পুনৰ জী উঠিব অসমীয়াৰ জীয়া ইতিহাস,
হিংসা গলি গলি
জিলিকি উঠিব ভাৰতৰ পূব আকাশত


এক আলোকময় নৱ প্রভাত ।

তেজ লগা ভোগালি

পুৰণি কবিতাৰ শাৰী এটি গুণগুণাই
মেজিৰ উমত বহি আছিল আজন্ম কবি
মৃত্যুশীতল পুহৰ
পোৰা মঙহৰ সোৱাদ লৈ
ভোগালি আহিছে
লাৰু-পিঠা,মাহ-কাৰৈৰ পেটেণ্ট কৰিবলৈ
এইবাৰ বাৰু আহিব নেকি
কোনোবা বিদেশী বণিক ?

ম’হ যুঁজ, কণী যুঁজ দেখোন কেতিয়াবাই অস্পৃশ্য
এইবাৰৰ ভোগালিত
পৰমাণুৰ যুঁজ এখন পতাই ভাল
হাজাৰ হওঁক তেতিয়া
সকলোৱে শুই থাকিব শেষৰ উশাহ লৈ,
কোনোৱে দুখৰ নৈত উটিবলৈ
জীয়াই নাথাকিব
গুপ্তহত্যা-গণহত্যাৰ পিছত
বুকু শুদা হোৱা মাতৃৰ দৰে
সেওঁতা উকা হোৱা বোৱাৰীবোৰৰ দৰে
আৰু বাটে-ঘাটে অনাথ হোৱা শিশুবোৰৰ দৰে

মেজিৰ জুইত জীৱনৰ উম বিচাৰি আহত কবি
হিংসাৰ চুবুৰিত আজি বিদ্রোহী কবি !
ভোগালিক ভোগ কৰিবলৈ কচাইবোৰৰ সংখ্যা বাঢ়িছে
বঢ়া নাই মানুহৰ সংখ্যা,
কবিৰ কলমত সেয়েই হয়তো ইমান নিৰাশা
সময়ৰ তেজ লগা ভোগালিত


(গোষ্ঠীগত সংঘৰ্ষত নিহত সকলৰ স্মৃতিত)

বৰ্ষা

চিকমিক বিজুলী
মেঘবোৰ উদুলি-মুদুলি,
আকাশে মাদল বায়,
পথাৰ সেউজীয়া
ৰোৱণী উৰণীয়া,
প্রকৃ্তি গাভৰু হয়।

উতনুৱা মেঘবোৰে
ৰাংঢালী বৰষাক
বেছিকৈ জোকালে
লুইতখন বলিয়া হয়,
মানুহৰ পাতকত
বৰষাও পাতকী,
ৰজাঘৰৰ পদূলিৰে
ৰাইজৰ চকুলো বয়।

হালোৱা ককাইটিৰ
হিয়াৰে পানচৈ
কাঁচিয়লি ধাননি
লুইতত বুৰ গ’ল,

চৌদিশৰ বতাহত
‘ৰিফিউজী’ৰ হাহাকাৰ,
খালৈটোৰ ভিতৰত
ৰূপোৱালি পুঠিজাকৰ
ফুৰ্ফুৰীয়া গোন্ধটো
ক’ত যে হেৰাই গ’ল!

প্রেমিকৰ পদূলিত
আশাহত গধূ্লি,
কবিৰো ভাষাবোৰ
পাৰ ভাঙি উপচি
ৰাজপথে উটুৱাই নিলে।

বৰতাৰে চেওৱা চালত
ঝিপ ঝিপ বাৰিষাৰ
সুমধুৰ ঝংকাৰ
শুনিবলৈ নোপোৱা,
তামীঘৰাৰ শিবিৰত
ভোকাতুৰ কান্দোনৰ
গুঞ্জৰ ভাঁহি ৰয়।

মানুহেই যেতিয়া
নাভাবি অকণো
আপো্ন ধৰণীক
শতুৰু শালিছে,
বৰষাৰো সিহঁতলে
নালাগে এধানি ব্যথা।

এনেকৈ থাকিলে
সুদূৰৰ গৰাহত
লুইতৰ বুকুত
জাহ যাব অসম
জাহ যাবি অসমীয়া,
ইতিহাসৰ পাত
লুটিয়াই চাবলৈ
ৰৈ যাব আধাজ্বলা প্রলয়ৰ শিখা।

সাৰাংশ

সময়ক এদিন কাণে কাণে ক’ম
আমাৰ মৃত্যুৱে ঈথাৰত চিন নাৰাখিব
আমাৰ প্রেমত টোপনিৰ হিম নগলিব
তথাপি আমাৰ খেদ নাথাকিব
আমিও আছিলোঁ প্রেমিক পৃথিৱী-প্রিয়াৰ

স্থবিৰ সূৰ্য যাৰ গতিৰ আশা নাই
তাৰ কোনো দাবী নাই
তাৰ বাবে স্থিতিৰ সন্ধানো নাই
জিকমিক কৰি জ্বলে ক’ৰবাত
এটি-দুটি প্রাণৰ জোনাকী,
তাতেই সিহঁতৰ সান্ত্বনা
জীৱনত যুঁজাৰ যাতনা নাই
আমি যে নহ’লোঁ আত্মীয়
সেই মূঢ়তাৰ
কপালত লাগি অহা ঘামৰ টোপাল
মৃত্যু সহজ আমাৰ জীৱনৰ দৰে,
তথাপি জানো সহজ আমাৰ জীৱন ?
সেই জটিলতাৰে অংশ আমি
তাৰ কোনো সাৰাংশ নাই

উত্তৰৰ দুৱাৰত অচিনাকি প্রাণ
আমি আলিদোমোজাৰ কবি,
আমি জুৰাছিক
আমি যুযুৎসু
আমি আজন্ম নচিকেতা
আমাৰ কবিতা
আত্মৰত নাৰ্চিচাছৰ
গ্লানিৰে কৰুণ নহয়
ইযে আমাৰ জীৱনৰ কাব্য
দুটি পাৰ এক কৰা
সুৰবালা নদী বয়
পৃথিৱীৰ প্রথম প্রেমৰ
আমাৰ প্রেমৰ বন্দৰ
জোৱাৰৰ গতিৰে মহান
দূৰ এটি বীথোভেন
অতিক্ৰমী জ্ঞানৰ প্রতীচ্য পাৰ
পান কৰি হেমলক
আমাৰ যন্ত্রণাক কৰেহি মধুৰ
আমাৰ সভ্যতাক দিয়েহি খবৰ
ক্ষুদ্র কোনো তৰংগ-প্রান্তৰ

আমাৰ যাত্ৰাৰ সাৰাংশ নাই
সাৰাংশ নাই জোৱাৰৰ
থাকিব নোৱাৰে কঠিন কাব্যৰ;
থাকে মাথোঁ স্থবিৰ প্রজ্ঞা
আৰু মৃত মানুহৰ