Sunday, July 24, 2011

পুৰুষ


যুগৰ সন্ধান চলে
মোৰ আত্মাই আত্মাই,
আৰু মোৰ স্নায়ুৰ চেতনাত শুনা পাওঁ
তাৰ অহৰহ গৰ্বৰ ধ্বনি ।
কাৰণ মই যে পুৰুষ,
পৃথিৱীৰ আদিতম সৃষ্টিৰ কীট-বীজ
অংকুৰিত হ’ল মোৰেই প্রাণৰস পাই ।
সেই গৌৰৱতে উটি-ভাঁহি
পাহৰি গ’লোঁ মই
মোৰ সীমাৰ সাগৰ ।
সাগৰৰো সীমা আছে,
তথাপি সজালোঁ নিজকে অনন্ত মহাসাগৰ
মহাদেশ আগুৰি থকা এক লক্ষ্মণ-বলয় ।

পৌৰুষৰ অন্ত হ’ল তাত
জন্ম হ’ল আত্মচেতনাৰ
কাৰণ মই যে পুৰুষ
অসুৰ আৰু মানুহৰ প্রতিভূ স্বৰূ্প ।
সেয়ে মই মনু
কালৰ স্বয়ম্ভূ সংবাদদাতা
অথবা স্তম্ভলেখক ।
সেয়ে মই কংস
ভগ্নীৰ ভ্রূণ নষ্ট কৰা,
কাৰণ মই যে স্বাৰ্থী, মই আৰ্থী ।
প্রেম আৰু কৰুণা পাৰ হৈ
প্রাণৰ অৰ্ঘ্য বিচাৰোঁ
ক্ষণজন্মা বালকৰ কেঁচা ৰক্তত ।
সময়ে শিকাই যায়
যাতনা, আশীৰ্বাদ আৰু
মৃত্যুভয় অথবা ক্ষমতাৰ
কাৰাগাৰৰ গভীৰ আন্ধাৰ ।
মোৰ পিতৃ বন্দী হয় তাত
ঘাতকৰ হাতত প্রাণৰ আহুতি দিওঁ
মোৰ ভ্রাতৃৰ,
সেয়া উগ্রসেন, সেয়া বিম্বিসাৰ
অথবা চাহজাহান ।
কাৰণ মই যে ঘাতক
মই যে জাতক
মই ঔৰংজেৱ, মই অজাতশত্রু ।
কাৰণ মই যে পুৰুষ
অসুৰ আৰু মানুহৰ প্রতিভূ স্বৰূ্প ।

সেয়ে মই ৰাম ।
মই যুধিষ্ঠিৰ ।
মোৰ সন্মানৰ বেদীত
বলি দিওঁ
কত যে সীতা আৰু দ্রৌপদী
অগ্নিৰ বুকুত অথবা ক্রীড়াৰ মঞ্চত ।


পৌৰুষৰ শেষ হয় য’ত
তাতেই আৰম্ভণি নাৰীত্বৰ
তাকেই চাবুক মাৰি
সজালোঁ মোৰ জীৱনৰ যাদুঘৰ,
কাৰণ মই যে দুৰ্বল
মই যে প্রবল
মই এক স্বয়ম্ভূ ক্ষমতা ।
মোৰ অহংকাৰৰ দুৰ্গত
স্বয়ংবন্দী মই ।
স্বেচ্ছা আত্মগোপন ।
তাত চেতনাৰ পোহৰ নাই
আছে যাতনাৰ অন্ধকাৰ ।

তথাপি পুৰুষ মই,
যুগে যুগে এক কাঠিন্যৰ নাম ।
তাত প্রেম আছে,
ভিক্ষা আছে ।
হয়তো তথাপিও আছে
কামনাৰ অত্যুগ্র আহ্বা্ন ।
সেয়ে মই লালায়িত বীৰ্য ।
তথাপি ময়েতো কৃ্ষ্ণ;
কামনাৰ ৰেখ নাই,
প্রেমৰ পৱিত্রতা আছে
আৰু আছে অপেক্ষাৰ দীঘল বাট ।
কাৰণ মই যে পুৰুষ
অসুৰ আৰু মানুহৰ প্রতিভূ স্বৰূ্প ।

যদিও অসংখ্যবাৰ বহুতো নাৰীয়ে পায়
পুৰুষৰ সত্ত্বাৰ অন্ধকাৰ,
যদিও ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই
পুৰুষৰ অহংকাৰে জন্ম দিছে
হেজাৰ মৃত সূৰ্য
যাৰ বাবে কোনো আকাশ নাই;
তথাপি পুৰুষ আছে নাৰীৰ প্রেমৰ,
তথাপি পুৰুষ আছে সীমাহীন কাব্যৰ,
অথবা পুৰুষ আছে আত্মাৰ স্পৰ্শৰ ।
সন্দেহ আছে তাত,
তথাপি সঁচা সেয়ে ।
তেনে নাৰী আছে
সেয়া সঁচা,
সেয়ে তেনে পুৰুষো আছে
দ্বিধাৰ ডাৱৰে তাক নোৱাৰে ঢাকিব ।

আদিম পুৰুষৰ চালাকি
সেয়ে বুজি পালোঁ আজি মই ।
জ্ঞানৰ বিষফল আদমে ঈভৰ কথা মানি খালে,
তাকে কৈ তাহানিৰ আৰু আজিৰ মনুবোৰে
দ্বিতীয় শ্রেণীৰ যাত্রী সজালে
পুৰুষৰ সাধনাৰ সমস্ত চেতনাক ।
পুৰুষে পুৰুষক কৰা অন্যায়ৰ
সেয়ে মই আজি কৰোঁ প্রতিবাদ ।

পুৰুষো মানুহ
যেনে মানৱী নাৰী ।
পুৰুষো দানৱ
যেনে দানৱী নাৰী ।
কিন্তু পুৰুষ দেৱতা নহয়
সমস্ত শঠতাৰ,
নাৰী যেনে দেৱী নহয়
সমস্ত চলনাৰ ।


মই পুৰুষ
সেয়ে মই প্রেমিক ।
মোৰো মন আছে
জীৱনৰ বাটচ’ৰা
প্রেমৰ সেউজীয়াৰে সজোৱাৰ ।
তাৰ মাজতে থাকে
সান্নিধ্য বিচৰাৰ এক জটিল আৱেগ ।
আৰু আছে জীৱনৰ খলাবমা,
কোনো সুৰে গান কৰি নোতোলা
কিছুমান কবিতা ।

ফ্রয়ডক লগ পালে সুধিম,
পুৰুষ হোৱাৰ যন্ত্রণা কিমান ।
সিমানেইনে
সুখৰো অতীত এক নিচা বিচৰাৰ যিমান ।
উত্তৰ নাথাকিব ফ্রয়ডৰো,
কাৰণ মোৰ প্রশ্নও যে
এক নিমিলা উত্তৰ ।

নাৰী আছে,
সেয়ে প্রেম আছে পুৰুষৰ ।
আজি পুৰুষ হৈ
মই গৰ্বেৰে ঘোষণা কৰিছোঁ
আৰু মোৰ জটিল প্রজ্ঞাৰে,
জ্ঞানৰ সমস্ত দুৱাৰ
মুকলি নহ’ব পাৰে আজিও পুৰুষৰ,
তথাপি নাৰী মন যেনে
পুৰুষৰো সেই মন ।
আঁহ ফলা বিচাৰত
পুৰুষে সজালে নিজকে পৰাধীন,
নাৰীত্বৰ অপমানে
পুৰুষক কৰিলে স্বাৰ্থপৰ ।
তাৰ পৰা মুক্তি নাই
সেই সমস্ত মৃত আৰু জীৱিত পুৰুষৰ ।

মই সেয়ে কওঁ
মই যে পুৰুষ,
যন্ত্রণাৰ আদিতম ৰূপ ।
পদে পদে সন্দেহৰ অগণি স্বৰূপ ।
তাৰ পৰা মুক্তি যদি আছে
নাৰীৰ প্রেমত আছে ।
সেই নাৰী দেহাতীত
সেই পুৰুষো কামাতীত ।

তথাপি
জীৱনৰ খুচুৰা হিচাপ কৰি
স্থূলতাৰ মুখা পিন্ধি
সেই পুৰুষ আৰু নাৰী
বিষাদৰ একেখনি নদীৰ
নিমিলা দুটি পাৰ ।
তাত ফ্রয়ড নাই,
আছে চিৰন্তন অপেক্ষা ।
********************

Monday, July 18, 2011

চিঠি

এদিন ৰাতি
সভ্যতাৰ কোনোবা এটা গলিত
এজন প্রিমিটিভে
মাটিৰ তেজেৰে গঢ়িলে চিঞাহী,
আৰু সেই এটা ক্ষণতে
জন্ম হ’ল চিঠিৰ,
বুৰঞ্জীৰ প্রথম দিনৰ স’তে
আজিৰ চিনাকি ।

আৱেগে ৰূপ ল’লে ভাষাৰ
ভাষাত বাঢ়িল কল্পনা,
হৃদয়ৰ কতনা দেশত
বিয়পি পৰিল চিঠি ।
বহুজনে চিঠি লিখি হ’ল কালিদাস,
সেয়াতো চিঠিয়ে আছিল
আজিও চিঠি,
মাথোঁ তাৰ আছে
অন্য বহুতো চিনাকি ।

চিঠিত খবৰ থাকে হৃদয়ৰ
আৰু লিখকৰ মগজুৰ,
চিঠি মানে কবিতা
চিঠি মানে গদ্য
চিঠি মানে ইলিয়াড-অ’ডিচী ।
প্রজন্ম-বিচ্ছিন্নতাৰ মাজত ওলমি ৰোৱা
বহুতো দলঙৰ কাহিনী ।

চিঠিয়ে বিয়পায় খবৰ বুৰঞ্জীৰ
চিঠিয়ে কঢ়িয়ায় খবৰ যুদ্ধৰ, প্রেমৰ ।
ৰাজকুমাৰীয়ে চিঠি লিখে সপোন-কোঁৱৰলৈ,
উল্কাৰ চিঠি আহে নৱ বৰুৱা্লৈ,
এটা যুগে চিঠি লিখে
আগত ভৱিষ্যতলৈ ।
কৃ্ষ্ণ পক্ষৰ পিছত
জোনে চিঠি লিখে আকাশলৈ ।

আইৰ চিঠি আহে
ভাইটিয়ে চিঠি পঢ়ে,
অভিমানত ত্রিৱেণীয়ে চিঠি লিখে,
মাইনুৰ চিঠিত থাকে
মৰমৰ টুকুৰা খবৰ ।
জোনৰ চিঠিয়ে ভৰাই তোলে
আকাশৰ শূণ্যতা,
জীৱিকাৰ মৃত গলিত ওপজে
জীৱনৰ নতুন সন্তান ।

সেয়েহে চিঠি লিখা
সকলোৱে লিখা,
বন্ধুলৈ চিঠি লিখা
চিঠি লিখা নেদেখা আপোনজনলৈ
চিঠি লিখা জীৱনলৈ,
মাথোঁ চিঠি লিখা
এদিন-এবাৰ ।
ওলাই আহা অকণমান
চৰ্ট-মেছেজৰ জাল ফালি
নেটৰ পৃথিৱীৰ পৰা ।
তোমাৰ চিঠিয়ে বিলাব পাৰে
এমুঠি হাঁহি, এধানি আশ্রয় ।

চিঠিবোৰ হ’ব পাৰে মাথোঁ
কাগজৰ আখৰ আৰু
পাঁচ টকাৰ ডাকটিকটৰ খৰচ,
অথবা হ’ব পাৰে
মেটমৰা জীৱন-সম্ভাৰ,
তথাপি সকলো চিঠিতে
স্পৰ্শ থাকে মানুহৰ আত্মাৰ,
আৰু কোনো এখন বিশেষ চিঠিত
লিখা ৰয় মহাকাব্যৰ এখিলা পাত ।

আইলৈ চিঠিঃ ৰবটৰ নগৰীৰ পৰা

বহুদিন হ’ল আই
তোৰ শুৱনি মুখখনি দেখা
আৰু তই ৰন্ধা থেকেৰা টেঙাৰ আঞ্জা খোৱা ।

সপোনবোৰ চকুত লৈ
আহিলোঁ যে ওলাই,
বছৰেকৰ মূৰত ঘৰত যোৱা
মোৰ সৰল গাঁওখনি দেখোন হেৰাই যায় ।

তোৰে শপত,
জীয়াই থাকিবলৈও আমি নৰকলৈ যাওঁ ।
নহ’লে দেউতাৰ পুৰণি চাইকেলখনকে লৈ
বজাৰলৈ গ’লোঁহেঁতেন,
মোনা ভৰাই আনিলোঁহেঁতেন
পালেং শাক আৰু কাৱৈ মাছ !
মাগুৰৰ দাম বৰ বেছি,
মাংস হাই-প্রেছাৰলৈ বেয়া ।

সেয়াই ভাল কিজানি
এতিয়া মাথোঁ উজাগৰ ৰাতি ।
ভাইটিটো থাকক দে,
সিও নহ’লে
তহঁত দুইটা বৰ অকলশৰীয়া হ’বি ।

দাদাটো চাগে’ আছেই
ভেন্সাৰ ক’লেজত চৰকাৰ সলনি হোৱা্লৈ বাট চাই ।
মামালৈনো সদায় কিয় ফোন কৰ,
মইতো ভালেই আছোঁ;
জীৱিকাৰ অন্ধকাৰত জীৱন লেখি ।
তাতকৈ মামীৰে খবৰ ল’বি,
তেওঁ বৰ অসুখী ।

বাইদেউজনী বহুত ডাঙৰ হ’ল,
মই চাকৰি কৰা মানে
তাইৰ বিয়াৰ বয়স হ’ল ।
তাইৰো চাগে’
একেবাৰে ডাঙৰ হৈ যাবলৈ বেয়া লাগে !

ভণ্টিদুজনী ক’লেজত পঢ়ে,
মনৰ অৰ্দ্ধাকাশত কিজানি বহুতো তৰা,
তাহানিৰে সেই ফুটফুটীয়া ফ্রক পিন্ধা ।
গ্রীটিংছ কাৰ্ডৰ মৰমবোৰে
সঠিক ঠিকনা পায়নে নাপায়বা ।

তথাপি তই বৰ বেছি নাভাবিবি আই ।
মই আছোঁদে এই ৰবটৰ নগৰীতে
জীৱনৰ খুচুৰা হিচাপ কৰি ।
এইবাৰতো ছমাহতে যাম ।
ইয়াৰ পিছত এবছৰ বা দুবছৰৰ বিৰতি,
তথাপি তই কঁকালৰ বিষটোৰ
খেয়াল ৰাখিবি ।
(নহ’লে মই বেয়া পাম)
আৰু নাম গাবলৈ নাপাহৰিবি
নিতৌ সন্ধিয়া ।

পুনশ্চঃ দেউতাৰ খংটো নিশ্চয় কমিছে ।
পাৰ কেইযোৰৰ পোৱালি জগিছেনে ?
জন্মদিনটো এইবাৰ ঘৰতে পালিম
তই সকলোকে পায়স খুৱাবি !!

**(ৰচনা তিথিঃ ১২ জুন, ২০০৪)**

Saturday, July 16, 2011

ইণ্টাৰনেট

যন্ত্ৰৰ চকুলো দেখি
মানুহে নেকান্দিলে হায়,
জাতিস্মৰ চেতনাৰ প্রথম আঘাত ।
নিজৰ দুখৰ কথাকে ভাবি
আপোন সৃষ্টিকে পাহৰিলে
অভাৱী মানুহে ।
টোপনি গ’ল সাঁচিপাতৰ ভাষা ।
মমবাতিৰ পোহৰত জোনাক গলা নিশা ।
কাউৰীঠেঙীয়া আখৰবোৰ আজি প্রাচীন হ’ল,
সেই আবেগ তলসৰা শেৱালি হ’ল ।
যন্ত্ৰৰ বুকুত আশ্রয় ল’লে দায়িত্ববোধৰ সপোন ।

তাকে দেখি
যন্ত্ৰইও দুখত হাঁহিলে ।
সীমিত সত্ত্বা তাৰ
তথাপি মহান ।
তাৰ বুকুতে আশ্রয় ল’লে দুৰ্বল মানুহে ।

ইণ্টাৰনেট স্বপ্ন দেখি
নিকট চহৰ আজি দূৰৰ গাঁও,
আকাশ মাথোঁ এটি মাউছৰ নিগনি-দৌৰ ।
তাৰ মাজতো সত্য আছে
প্রকাশ যে তাৰ সুন্দৰ ।
অতীত মাথোঁ এক দূৰণিৰ ছাঁ
সেই ধাৰণা যে ভুল,
যন্ত্ৰইও তোমাক সোঁৱৰাব বাৰে বাৰে ।

আমাৰ মাজৰ ব্যৱধান
বাঢ়িল নে কমিল,
তাৰ লেখ ৰাখিব কোনে ।
ইণ্টাৰনেটত স্তব্ধ হৈ ৰয় পুঁজিবাদী কোৰ্হাল,
হেজাৰ মৃত সভ্যতাৰ মৰা-পচা গোন্ধ ।
প্রস্তৰ যুগ শেষ হ’ল সেই তাহানিতে
তাৰ হাড়ত গজিল ডেম-ডেউকা ।
কিহৰ স্বপ্ন দেখি
অবোধ সন্তানে যন্ত্র-যুগৰ জন্ম দিলে ?
সেই সপোনো হেৰাই গ’ল,
ইণ্টাৰনেট মাথোঁ বিতৃষ্ণা হৈয়ে ৰ’ল
পণ্য গোপনীয়তা দিনৰ প্রকাশ হ’ল ।
অৱসাদগ্রস্ত হেজাৰ চহৰ
সেই ঢৌত উটি-ভাঁহি গ’ল ।
তথাপি সাগৰ জানো শুকাল
মানুহৰ স্বপ্ন অথবা দুঃস্বপ্নৰ ।

যুগে যুগে বিচাৰিব
ৰূপান্তৰৰ যাত্রী মানুহে
সেই গতিৰ অহংকাৰ ।
কেতিয়া লুকাই পৰে
কেতিয়া হেৰাই যায়
তাতে
কাৰ কি আহে-যায়,
মাথোঁ গতিয়ে সত্য,
আমাৰ জীৱনৰ দৰে
এক অভাৱী-অমৰ সত্য ।