Monday, July 18, 2011

আইলৈ চিঠিঃ ৰবটৰ নগৰীৰ পৰা

বহুদিন হ’ল আই
তোৰ শুৱনি মুখখনি দেখা
আৰু তই ৰন্ধা থেকেৰা টেঙাৰ আঞ্জা খোৱা ।

সপোনবোৰ চকুত লৈ
আহিলোঁ যে ওলাই,
বছৰেকৰ মূৰত ঘৰত যোৱা
মোৰ সৰল গাঁওখনি দেখোন হেৰাই যায় ।

তোৰে শপত,
জীয়াই থাকিবলৈও আমি নৰকলৈ যাওঁ ।
নহ’লে দেউতাৰ পুৰণি চাইকেলখনকে লৈ
বজাৰলৈ গ’লোঁহেঁতেন,
মোনা ভৰাই আনিলোঁহেঁতেন
পালেং শাক আৰু কাৱৈ মাছ !
মাগুৰৰ দাম বৰ বেছি,
মাংস হাই-প্রেছাৰলৈ বেয়া ।

সেয়াই ভাল কিজানি
এতিয়া মাথোঁ উজাগৰ ৰাতি ।
ভাইটিটো থাকক দে,
সিও নহ’লে
তহঁত দুইটা বৰ অকলশৰীয়া হ’বি ।

দাদাটো চাগে’ আছেই
ভেন্সাৰ ক’লেজত চৰকাৰ সলনি হোৱা্লৈ বাট চাই ।
মামালৈনো সদায় কিয় ফোন কৰ,
মইতো ভালেই আছোঁ;
জীৱিকাৰ অন্ধকাৰত জীৱন লেখি ।
তাতকৈ মামীৰে খবৰ ল’বি,
তেওঁ বৰ অসুখী ।

বাইদেউজনী বহুত ডাঙৰ হ’ল,
মই চাকৰি কৰা মানে
তাইৰ বিয়াৰ বয়স হ’ল ।
তাইৰো চাগে’
একেবাৰে ডাঙৰ হৈ যাবলৈ বেয়া লাগে !

ভণ্টিদুজনী ক’লেজত পঢ়ে,
মনৰ অৰ্দ্ধাকাশত কিজানি বহুতো তৰা,
তাহানিৰে সেই ফুটফুটীয়া ফ্রক পিন্ধা ।
গ্রীটিংছ কাৰ্ডৰ মৰমবোৰে
সঠিক ঠিকনা পায়নে নাপায়বা ।

তথাপি তই বৰ বেছি নাভাবিবি আই ।
মই আছোঁদে এই ৰবটৰ নগৰীতে
জীৱনৰ খুচুৰা হিচাপ কৰি ।
এইবাৰতো ছমাহতে যাম ।
ইয়াৰ পিছত এবছৰ বা দুবছৰৰ বিৰতি,
তথাপি তই কঁকালৰ বিষটোৰ
খেয়াল ৰাখিবি ।
(নহ’লে মই বেয়া পাম)
আৰু নাম গাবলৈ নাপাহৰিবি
নিতৌ সন্ধিয়া ।

পুনশ্চঃ দেউতাৰ খংটো নিশ্চয় কমিছে ।
পাৰ কেইযোৰৰ পোৱালি জগিছেনে ?
জন্মদিনটো এইবাৰ ঘৰতে পালিম
তই সকলোকে পায়স খুৱাবি !!

**(ৰচনা তিথিঃ ১২ জুন, ২০০৪)**

No comments:

Post a Comment