Thursday, July 4, 2019

পঁইতাচোৰাৰ ঈশ্বৰপ্ৰাপ্তি

ৰাজধানীলৈ গৈ থকা ৰেলগাড়ীৰ শৌচালয়ৰ চুকবোৰত
ইফাল-সিফাল কৰি থকা পঁইতাচোৰাবোৰৰ মাজত
এদিন এটা খবৰ বিয়পি পৰিল,
মানুহৰ আছে হেনো দেশে দেশে বহুতো ঈশ্বৰ
যিবোৰে নিশ্চিত কৰে মৰা মানুহৰ স্বৰ্গ নাইবা নৰকত পদাৰ্পণ৷

সৌ সিদিনাহে পৃথিৱীত জন্ম লাভ কৰা
মানুহে পালে নিজৰ নিজৰ বহুতো ঈশ্বৰ,
আৰু অনাদি কালৰে পৰা পৃথিৱীৰ সমস্ত দুৰ্ঘটনাই
আজিলৈকে নিশ্চিহ্ন কৰিব নোৱাৰা
আমি পঁইতাচোৰাবোৰে নাপালোঁ এটাও ঈশ্বৰ৷
"ইয়াৰ প্ৰতিবাদ হওক", সমস্বৰে
আটাহ পাৰি উঠিল এজাক পঁইতাচোৰা৷
ৰেলগাড়ীৰ ডবাই ডবাই গুঞ্জিবলৈ ল’লে সেই চিঞৰ,
ঈশ্বৰপিয়াসী বুভুক্ষু পঁইতাচোৰাবোৰে
পৃথিৱীৰ প্ৰতিটো আস্থানতে বিক্ষোভৰ জুই জ্বলাই দিলে৷
পিছে কোনেও সিহঁতক পাত্তাই নিদিলে,
মানুহৰ সমাজত পঁইতাচোৰাৰ বিপ্লৱ যেন অৰণ্য-ৰোদন৷

সেই সময়তে ৰেলগাড়ীৰ বাতানুকূল ডবাৰ শৌচালয়ৰ চুকত
বাস কৰা কেইটামান পঁইতাচোৰাই ভাবি উলিয়ালে
বিক্ষোভৰ এটা অভিনৱ উপায়,
পৃথিৱীৰ প্ৰতিখন মহানগৰ আৰু সকলো সৰু-বৰ চহৰৰ
নৰ্দমা পৰিষ্কাৰ কৰিবলৈ যোৱা
বনুৱা মানুহবোৰক আক্ৰমণ কৰিলে
নলাৰ পৰা ওলোৱা হেজাৰ-বিজাৰ পঁইতাচোৰাই৷
মানুহৰ বনুৱাবোৰ নিৰুপায়ত পৰিল,
সদায় সহযোগিতা কৰা পঁইতাচোৰাবোৰ আজি বিদ্ৰোহী,
সিহঁতৰ কামোৰত বহুতো বনুৱা হ’ল ধৰাশায়ী৷
মৰিও নমৰে পঁইতাচোৰা, এটা মাৰিলে চাৰিটা ওলায়৷
বনুৱাবোৰে কাম এৰিলে,
মানুহৰ সমাজত নৰ্দমাৰ দুৰ্গন্ধই লগালে হাহাকাৰ৷

উপায়ান্তৰ নাপাই মানুহৰ সমাজে
পঁইতাচোৰাবোৰৰ লগত কৰিলে চুক্তিনামা,
আজিৰ পৰা পঁইতাচোৰাবিলাকৰো থাকিব ঈশ্বৰ৷
নীলা তেজৰ, ৰঙা দেহৰ ঈশ্বৰ এটা পাই
পঁইতাচোৰাবোৰ লাহে লাহে শান্ত হ’ল৷
পিছে ঈশ্বৰ এটা পোৱাৰ লগে লগে
এই প্ৰাচীন পঁইতাচোৰাবোৰৰ বিৱৰ্তন আৰম্ভ হ’ল,
আৰু চাই থাকোঁতে চাই থাকোঁতে,
এহেজাৰমান বছৰৰ ভিতৰত
দুটা এটা নাস্তিক পঁইতাচোৰাত বাদে
বাকী সকলো পঁইতাচোৰা ক্ৰমশঃ মানুহলৈ ৰূপান্তৰিত হ’ল৷

অৱশিষ্ট এই দুই তিনিটা পঁইতাচোৰাক সিহঁতৰ মানুহ স্বজনেে
মৰিয়াই মৰিয়াই পাহাৰৰ ওপৰৰ পৰা সাগৰলৈ দলিয়াই দিলে৷
মৰিবলৈ ধৰা পৃথিৱীৰ শেষ পঁইতাচোৰাটো
পাহাৰৰ যুঁৱলিৰে চুঁচৰি গৈ
সাগৰতলীত পোত গৈ থকা অলেখ নিযুত বছৰ পুৰণি
এটা ডাইন’ছৰৰ জীৱাশ্মৰ কাষত হামকুৰি খাই পৰিল,
মৰাৰ আগে আগে সেহাই সেহাই পঁইতাচোৰাটোৱে
ডাইন’ছৰৰ জীৱাশ্মটোৰ কাণত ফুচফুচাই সুধিলে,
"হেৰা, তোমালোকৰ ঈশ্বৰ আছিলনে"?
সুধিয়েই পঁইতাচোৰাৰ শেষ প্ৰতিনিধিটো মৰি থাকিল,
আৰু ডাইন’ছৰৰ প্ৰাগৈতিহাসিক জীৱাশ্মটো
ঈশ্বৰৰ নাম শুনি লাহে লাহে সাৰ পাই উঠিল !

ভোগালিত জাতীয়তাবাদ

মাহ বাগৰে, বছৰ আহে
আৰু প্ৰতিটো মাঘতে যদি
আপোনাৰ পো আৰু নাতিয়ে বাচি লয়
কেৱল পিৎজা নাইবা লুচী,
তিলপিঠা, ভকা পিঠা, চুঙা পিঠা দেখিলেই
নাক-মুখ কোঁচাই কয়
মই এইবোৰ নেখাওঁ পাই !
আপুনি হ'লেই যেনিবা জাতীয়তাবাদী,
তাত ভৱিষ্যতৰ অসমৰ একো লাভ নাই ৷
মনত ৰাখিব ফাইভ ষ্টাৰৰ ক'ৰ্প'ৰেট মীটিঙতো
তামিল এজনে সপ্তাহত এবাৰ হ'লেও বিচাৰে
ইডি-আপম, ডোচা নাইবা ইডলী।

পঢ়িলেই যেনিবা ইংলিছ মিডিয়ামত,
আপোনাৰ পো আৰু নাতিয়ে যদি ঘৰতো নকয়
এষাৰো অসমীয়া, বড়ো, কাৰ্বি ইত্যাদি,
আপুনি লাগিলে হওক দুৰ্ঘোৰ বিপ্লৱী,
তথাপি ভাষা গ'ল, ভাষা গ'ল বুলি
চিঞৰি একো লাভ নাই,
আপোনাৰ মাতৃভাষা ক'বলৈ নাহে
থাইলেণ্ড, ডেনমাৰ্ক বা ভিয়েটনামৰ পৰা কোনো আলহী।

হ'লেই যেনিবা মাইকেল জেকছনৰ ভক্ত,
আপুনি যদি সময়ে নাপালে
শুনাবলৈ আপোনাৰ পো আৰু নাতিক
বৰগীত, বনগীত, জিকিৰ নাইবা জাৰী,
সিহঁতৰ বাবে যদি জ্যোতি-বিষ্ণু-ভূপেন
মাথোঁ দেৱালত আঁৰি থোৱা একোখন ছবি,
তাৰ পিছত অসমৰ সুৰ গ'ল,
গীত নাই বুলি কিয় কৰে হাহাকাৰ ?
নিজৰ ঘৰতে প্ৰতিদিনে আপুনি দি আছে অসমক কবৰ,
আৰু সময় পালেই চুবুৰীয়াৰ ঘৰত গৈ বিচাৰে জাতিৰ খবৰ।

আপুনি দিবাস্বপ্ন দেখে যে কেবল মাটিয়ে বচাব জাতি,
আপুনি আজিও নাজানে মাটিৰ একো জাতি নাই,
জাতিৰ আচলতে একো ধৰ্মও নাই ৷
জাতি থাকে ভাষাত
জাতি থাকে খাদ্যত
জাতি থাকে থলুৱা সুৰত,
বাঙালীৰ সন্তানে সঁৰিয়হ দিয়া মাছৰ জোল নেৰে
লাগিলে থাকক তেওঁলোক নিউয়ৰ্কত।

সেয়েহে কওঁ প্ৰতিজন অসমীয়া
এই ভোগালিতে নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰক
নতুন জাতীয়তাবাদ ৷
ভোগালিত গাবলৈ এৰক ৰঙালিৰ ৰাগ,
কঙালীত খবৰ লওক কৃষক জনতাৰ ৷
পিছফালৰ মাটিডৰা যদিহে ছন পৰি আছে,
চুবুৰীয়াই ঠেলি ঠেলি বাঁহ ৰুৱাৰ আগতেই
আধিয়া দি হ'লেও সিঁচক এমুঠি আশাৰ কঠীয়া
কুকিং ক্লাছলৈ গৈ হ'লেও শিকক দুই এপদ পিঠা-পনা ৷
জী, পো আৰু নাতিক কওক
সিহঁতৰো আছে ভাষা সুকীয়া
বিশ্বৰ কোনো প্ৰান্ততে কোৱাত নাই লাজ,
হৃদয়ৰ প্ৰতিটো সুৰেই সুৱদী সুৰীয়া
তাত নথকাই ভাল ব্যৱসায়িক হিচাপ-নিকাচ ৷

লা টোমেটিনা



খেলিলোঁৱে যেনিবা ফাগুনত বিলাহীৰে ফাঁকু,
আগষ্টৰ স্পেইনৰ লা টোমেটিনা
লেই যেনিবা মোৰ গুৱাহাটীত মাৰ্চতে উন্মনা,
তাত তোৰ কি আহে কি যায় ?
মই ভাল পাওঁ মেগেলানক,
তেৱেঁইতো আধুনিক পৃথিৱীৰ প্ৰথম নাবিক
আৰু মই বিশ্ব নাগৰিক,
তই হলি ক্ষুদ্ৰ অসমীয়া।


তোৰ ঢেকেৰী বাপেৰ
লেই যেনিবা মোৰ আধুনিক পাপেৰ,
বিদেশীয়ে পুতিলেই যেনিবা অসমৰ ভেটি
তাত মোৰ কি আহে কি যায়,
মই গৈ বিচাৰিম চুকাফাৰ আজোককাকৰ দেশ
কোৰিয়াভিয়েটনাম অথবা থাইলেণ্ডৰ মাটি
মই পৃথিৱীৰ ভূমিপুত্ৰ মই বিশ্ব নাগৰিক,
তই হলি ক্ষুদ্ৰ অসমীয়া।


হেৰালেই যেনিবা তোৰ আই বা পিতাৰ ভাষা
গোলকীয় জুইত জাহেই গল যেনিবা ক-ফলাঅ-ফলা,
কান্দি থাক্ তই কান্দিব খোজ
চিঞৰি থাক্ তই চিঞৰিব খোজ,
মোক নিচুকাবলৈ আছেই দেখোন আংকল স্যেম্
চিৰ সেউজ এবিচিদি চিৰ যুগমীয়া।
বিশাল বিশ্বৰ মই বিশ্ব নাগৰিক
আৰু তই হলি ক্ষুদ্ৰ অসমীয়া ।


নাজানিলোঁৱেই যেনিবা কোন আছিল শংকৰ-মাধৱ
পাহৰিলোঁৱেই যেনিবা তোৰ লক্ষ্মী-জ্যোতি-বিষ্ণু-ভূপেনক,
সেইবোৰটো নাই বিশ্ব-বাণিজ্যৰ পাঠ্যক্ৰমত,
মোৰ বাবে যথেষ্ট লেডী গগা আৰু একন।
লোঁৱেই যেনিবা গোলকীয় সোঁতত সময়ৰ শৰণাৰ্থী
সামৰ্থ্যৰ মাপকাঠিত কেলেহুৱা পৰাশ্ৰয়ী,
তথাপি মই বিশ্ব নাগৰিক
আৰু তই মাথোঁ ক্ষুদ্ৰ অসমীয়া।