Thursday, October 13, 2011

শিশু

ভৰ বাৰিষাৰ আবেলি
যিদিনা ডুব গৈছিল বেলিটো
দিগন্তৰ সিপাৰৰ সীমনাত,
মোৰ বুকুত অনুৰণিত হৈছিল
এটি শিশুৰ হাঁহি ।
সেই শিশুক শিকোৱা নাযায় যুদ্ধৰ বুৰঞ্জী,
সেই শিশুৰ বাবে জৰুৰী নহয়
শৰীৰৰ ভূগোল অথবা ইউক্লীডীয় জ্যামিতি ।

কেতিয়া শেষ হ’ল সেই আবেলি,
কেতিয়া আবৰি আহিল সন্ধিয়াৰ জোনাক,
শাৰীৰিক ভূগোলে কেতিয়া শিকাই গ’ল
যৌৱনৰ আদিপাঠ ।
তাৰ লেখ ৰাখিব খোজা নাছিলোঁ বাবেই
মোৰ বুকুত মাৰ নগ’ল
সেই শিশুৰ হাঁহি ।
আজিও সেই একেই সুৰ
একেই জোনাকত তিতা নিয়ৰৰ দূবৰি,
তথাপিও শিশুৰ দৰেই পৱিত্ৰ সেই হাঁহি ।

সেই শিশু মোৰ বাবে
সেই শিশু পৃথিৱীৰ বাবে
তেনেই অকমানি পোহৰ,
তথাপি শিশুবোৰ
আমাৰ জীৱনৰে পোহৰ ।

কেতিয়াবা ভাব হয়
মৃত হক সেই অনুভূতি
হেৰাই যক সেই শিশুৰ হাঁহি ।
পিছে তেতিয়া
মোৰ বাবে বাকী ৰ’ব কি,
ৰৈ যাব মাথোঁ
জটিল সময়ৰ সংশয় ।

সেয়াও সত্য নহয়,
হৃদয়ৰ শিশু মৃত নহয় কেতিয়াও ।
কদাচিত সেই শিশু
আমাৰ বাবে নিচেই অকণি ।
গৰ্বিনী পৃথিৱী
তথাপি শিলৰ নদী ।

তথাপিও নদী ।
উজাই-ভটীয়াই
ঘূৰি আহে মোৰ বুকুলৈ
সেই শিশুৰ হাঁহি ।
নিজলৈ চালেই গম পাওঁ
সেয়া মোৰ সখী ।
সেয়া মোৰ আঁখী ।
***************

Saturday, October 8, 2011

অন্তহীন

নৈখনৰ এটা সপোন আছিল
আৰু সেই স্বপ্নৰ দুচকুত
কাজল সানি পলাই গৈছিল
এজনী গঙা-চিলনী,
সেই সপোনৰ বুকুতে আছিল
কাৰোবাৰ প্ৰেমৰ
কাৰোবাৰ অভিমানৰ
কাৰোবাৰ হতাশাৰ
কাৰোবাৰ সমগ্ৰ সত্ত্বাৰ
সম্পূৰ্ণ পৰিচয়,
আৰু সিবিলাককে হৃদয়ত সাৱটি
নৈখন বৈ আছে
ব্ৰহ্মান্তৰৰ পৰা চিৰন্তনলৈ ।

এতিয়াও নৈখনে
গৰখীয়া আবেলিবোৰত
আৰু মাছুৱৈ সন্ধিয়াবোৰত
গঙা-চিলনীজনীলৈ অপেক্ষা কৰি থাকে,
উজনিৰ নাৱৰীয়াৰ
ভটীয়নি সোঁতত ভাঁহি যোৱা
চিনাকি চিনাকি অচিনাকি সুৰে
কিজানি কন্দুৱাই পেলায় তাইক
আৰু তাই উভতি আহে
নৈখনৰ বুকুত এৰি থৈ যোৱা
সপোনবোৰ বিচাৰি !

নৈখনৰ নাম বাৰু কি হ’ব পাৰে ?
হয়তো হ’ব পাৰে চাৰিকড়ীয়া
নাইবা দিচাং,
দিখৌ নাইবা ধনশিৰি,
পাগলাদিয়া নাইবা সোঁৱণশিৰি
নাইবা কালদিয়া বা পহুমৰা ।
নৈখন যিখনেই নহওঁক,
প্ৰতিখনৰ বুকুতে লুকাই থাকে
কিছুমান সপোন,
হৃদয়ত জাহ গৈ থাকে
কিছুমান জীয়া ইতিহাস,
প্ৰতিখন নৈয়ে কাৰোবাৰ অপেক্ষাত ৰৈ থাকে
স্বপ্নৰ দুচকুত কাজল সানি
উৰি যোৱা গঙা-চিলনীবোৰৰ অপেক্ষাত ।
**************************