Friday, December 23, 2011

জোনাকৰ সাধু শুনা আইতাৰ চোতাল

এপাৰ্টমেণ্টৰ শূন্যতাত অবিন্যস্ত চুলিৰে
উজাগৰী নিশাত ৰঙা পৰা দুচকুৰে
ভিডিও গে’মত মহাকাশ বিচাৰি হাহাকাৰ কৰা
ব্যস্ত আধুনিক শিশুটিক দেখি
মই কেতিয়াবা উভতি যাওঁ
জোনাকৰ সাধু শুনা আইতাৰ চোতাললৈ ।
শুকুলা ঘোঁৰাত উৰি যোৱা ৰাজকুমাৰৰ সপোন দেখা
মইনাই মোক যেন কাণে কাণে আকৌ কৈ যায়
আমাৰ মনৰ টেলিভিশ্যনৰ কথা,
কেনেকৈ বাঘ আৰু হৰিণাই লুকা-ভাকু খেলি
বহল কৰিছিল আমাৰ মনৰ আফ্ৰিকা ।

তাহানি আমাৰ গাল আৰু চোলাত
আইতাৰ তামোলৰ পিকেৰে ৰঙা পৰা চুমা ।
আইয়ে গালি পৰা নাছিল
সোধা নাছিল কেনেকৈ হ’ল লেতেৰা,
পিকৰ চুমাৰ মৰম আইয়ে ভালকৈ বুজিছিল
কাৰণ ধনৰ অভাৱে মনৰ দৰদ কমোৱা নাছিল,
আমাৰ তেতিয়া ৱাশ্বিং মেচিনো নাছিল !

আইতা আছিল আমাৰ মনৰ টেলিভিশ্যন
মহাভাৰত-ৰামায়ণ, বেউলা-হৰিশ্চন্দ্ৰৰ
নতুন নতুন এপিস্য’দে ভিৰ কৰিছিল
গৰমৰ সন্ধিয়া আমাৰ মনৰ স্ক্ৰীণত ।
আৰু শীতৰ আবেলিত চোতালৰ এমূৰত
আইতাৰ ধেমালিয়ে আৰু বেছি ৰঙা কৰা
জুইকুৰা যেন আছিল
আমাৰ কাৰ্টুন নেটৱৰ্কৰ আখৰা,
বান্দৰ-শিয়াল, কাউৰী-টিপচিৰ অলেখ অজস্ৰ খেলা ।

এপাৰ্টমেণ্টৰ শূন্যতাত অবিন্যস্ত চুলিৰে
আংকল চিপছ্ চোবাই
“ৰোদ্যিজ্” হোৱাৰ সপোন দেখা এই শিশুটোক
আমি নিদিওঁ আমাৰ শৈশৱৰ বতৰা,
তাৰ বাবে শৈশৱ মানে চুইমিং পুলৰ কম্পিটিশ্যন,
জনাই-নজনাই নাচি থকা হিপ-হপৰ ফেশ্যন ।
ককা আৰু আইতা তাৰ বাবে এসপ্তাহৰ হ’লীড্যে ছীজ্যন ।

তাৰ বাবে আইতাৰ চোতালৰ জোনাক
নিৰ্বাসিত হ’ল নিয়ন-উজ্জ্বল কৃত্ৰিমতাত,
আৰু সেই শিশুৱে যুৱক হৈ
যদিহে বিচাৰে জীৱনৰ অৰ্থ
কেৱল গোলাপী নিচাত আৰু অভিজাত অভিধাত,
আমি দোষ দিওঁ আধুনিক নিশাৰ শব্দময় নিৰৱতাক ।

No comments:

Post a Comment