Sunday, May 29, 2011

লোড্-শ্বেডিং

এদিন আমি জোনাকত বহি

কথা পতাৰ কথা আছিল,

সহজ মৃত্যুৰ বিষয়ে

জীৱিকাৰ মৃত নগৰীৰ

ব্যস্ত এক প্রান্তৰত ।


আমাৰ বাৰ্তালাপ আগবাঢ়িলে

বিষয় হ’ব অসংখ্য অখ্যাত গাঁও আৰু চহৰ

যিবোৰৰ ঠিকনা থাকে হৃদয়ত,

আৰু আমি নেদেখা বহুতো অৰণ্য

কংক্রীটৰ অথবা পাইন গছৰ ।


এদিন আমি সময় উলিয়ালোঁ,

হৃদয়ৰ উত্তাপে বোলাই যাব

নিৰ্লিপ্ত অৱবাহিকা,

আমি কথা পাতিম

বহুত কথা পাতিম ।

আৰু যেন বাকী নৰয় একো ।


এক দুই তিনি চাৰি ছেকেণ্ড............

সময় বাগৰিল,

আমাৰ বাবে আকাশ মুকলি নহ’ল

আমি জোনাক বিচাৰি নাপালোঁ,

আমাৰ বাবে থাকিল মাথোঁ

নিয়ন উজ্জ্বল গধূলিৰ কৃত্রিমতা ।


আমাৰ বিষয় সলনি হ’ল,

আমি কথা পাতিলোঁ

টকা-পইচা আৰু

সন্মানীয় জীৱিকাৰ বিষয়ে,

তোমাৰ পোছাক আৰু

মোৰ চুলিৰ বিষয়ে,

মোৰ নুবুজা কবিতা

আৰু অহংকাৰী চৰিত্রৰ বিষয়ে ।


শেষত

তোমাৰ মোৰ ওপৰত অভিমান হ’ল !

তুমি আক্ষেপ কৰিলা,

আমাৰ পতাই নহ’ল

পাতিব লগা বহুতো কথা ।

আমি মাথোঁ শেষ কৰিলোঁ

অনৰ্থক সময়-খৰছৰ কছৰৎ ।


ভাবিছোঁ

আকৌ এদিন সময় উলিয়াব লাগিব ।

আকৌ এদিন বিচাৰিব লাগিব জোনাক

আৰু মুকলি আকাশ

লোড্-শ্বেডিঙৰ সময়ত ।


হয়তো, তাৰ পিছত

আকৌ এদিন............................... ।

No comments:

Post a Comment