Tuesday, June 14, 2011

মহানগৰ

পৃথিৱীৰ প্রথম প্রেমৰ
বুৰঞ্জীৰ প্রথম যুঁজৰ
স্বাক্ষৰ এই মহানগৰ,
সভ্যতাৰ শেষ স্বপ্ন মানুহৰ ।

যুঁজি যুঁজি হাৰি গ’ল কত ইতিহাস
অজানা হৈ ৰ’ল কত যে সাথঁৰ ।
তথাপি সেই একেই সংগ্রাম
সেয়াই সভ্যতা, সেয়াই যুঁজৰ
কল্পনাৰ এভাৰেষ্ট যুগ-যুগান্তৰৰ ।

শূন্যতে ওলমি
শূন্যতে মৰহি গ’ল
কত বেবিলন,
কিমান স্বপ্ন দিগ্বিজয়ী আলেকজেণ্ডাৰৰ ।
ঈৰ্ষাৰ জুইত জাহ গ’ল
কত সোণালী লঙ্কা,
ঈৰ্ষা শেষ নহ’ল তথাপি মানুহৰ ।

সাজি গ’ল বাৰে বাৰে
সেই একেই মহানগৰ,
সভ্যতাৰ শেষ বিন্দু
কল্পনাৰ শেষ সীমা
গগনচুম্বী অট্টালিকা
যন্ত্রণাগ্রস্ত হেজাৰজনৰ ।
লাগিলে সেয়া হওঁক এঘাৰ ছেপ্টেম্বৰ
অথবা ছাব্বিশ নবেম্বৰ ।

হৰপ্পা-মহেঞ্জাদাৰোৰ স্বপ্ন
কলিতেই মৰহি গ’ল,
বাগদাদ-কাবুলত শেষ হ’ল সেই ইতিহাস,
মহানগৰ হ’ল কাউৰী-শগুণৰ আহাৰ ।

স্বপ্ন শেষ হ’ল এজাক মানুহৰ
বোবা হৈ ৰ’ল আশা
পঙ্গু হৈ ৰ’ল আমাৰ প্রাণৰ নগৰ ।

নিজৰ ঘামকে
নিজেই সাৱটি
দুৰ্গন্ধত লেটি লৈ থাকিল
মানুহৰ যন্ত্রণাৰ সাঁথৰ,
বন্ধ কোঠাত ব্যস্ত হাহাকাৰ
মহানগৰ নামৰ এক ব্যৰ্থ সাঁথৰ ।

ব্যস্ত হ’ল ইয়াত জীৱিকা
ব্যস্ত হ’ল এলান্ধু-ক’লীয়া মনৰ ডাৱৰ,
জীৱিকাই কবৰ হ’ল সৰু সৰু স্বপ্নৰ ।

তেনেহ’লে
ক’ত পৰি ৰ’ল
আমাৰ মহানগৰ।
সভ্যতাৰ শেষ স্বপ্ন
কল্পনাৰ এভাৰেষ্ট
আজিৰ মানুহৰ
আৰু অযুত যুগৰ ।

No comments:

Post a Comment