Monday, November 28, 2011

মই অসমীয়া, মই জীৱনৰে অন্য এটি নাম

যিমান গভীৰ নহওক কিয়
মোৰ হৃদয়ৰ অৰ্ধাকাশ,
যিমান বিশাল নহওক কিয়
মোৰ দৃষ্টি অবিনাশ,
তথাপি ক্ষুদ্ৰ মোৰ সত্তা,
মই এটি মুহূৰ্ত মাথোঁ
মহান বিশ্ব-সভ্যতাত ।

মই ক্ষুদ্ৰ, মই তুচ্ছ
মই এক অনুচ্চ মানৱতা !
তথাপি মই অসমীয়া,
মই জীৱনৰ সন্তান;
কামেং সীমান্তৰ পৰা আৰৱ সাগৰ,
অতল সমুদ্ৰৰ পৰা সুউচ্চ হিমালয়,
সকলোতে যি জীৱনৰ জয়গান ।
লুইতৰ পৰা ভল্গালৈ –
মিছিছিপিৰ পৰা নীললৈ
বৈ আছে যি অবিৰত জীৱন-সুৰ,
যি সুৰ-প্ৰৱাহত
টেমছৰ সুৰংগত প্ৰতিধ্বনিত হয়
হোৱাংহোৰ দুখ,
সেই জীৱনৰে সন্তান মই অসমীয়া
যি জীৱন
ইতিহাসে ঢুকি নোপোৱা
নিযুত সভ্যতাৰ স্বপ্নালোক ।
সেয়ে মই অভিমানী,
সেয়ে মই অহংকাৰী,
মই সেয়ে মৃত্যুবিজয়ী ।

মোৰ মৃত্যুৰ সংবাদত
কঁপি নুঠিব পাৰে
চহৰৰ পিছত চহৰ,
দেশৰ পিছত দেশ;
মোৰ অবৰ্তমানত স্থবিৰ নহ’ব পাৰে
হাডছন, ডানিয়ুবৰ সোঁত;
মই আঁতৰি গ’লে ৰৈ নাযাব পাৰে
হাজাৰ গাভৰুৰ লয়লাস নাচ,
লুইতৰ বুকুৰেও নব’ব পাৰে
চকুলোৰ অবিৰত ধাৰ !
তথাপি
মই মৃত্যুবিজয়ী,
জীৱনৰ সীমান্তত আঘাত কৰি
বাৰে বাৰে পৰাজিত যি মৃত্যু,
মোৰ বাবে সেয়া এটি ঘটনা মাত্ৰ ।

মৃত্যুৰ পিছতো মই জীয়াই থাকিম
হেজাৰ অচিনাকিৰ স্বপ্নত,
কনেং গাভৰুৰ মৰমসনা দৃষ্টিত,
হৃদয়বানসকলৰ আলোকময়তাত
আৰু প্ৰেমিক আকুলতাত ।
কাৰণ,
মই অসমীয়া,
মই জীৱনৰে অন্য এটি নাম ।
আৰু সেয়ে মই আশা কৰোঁ
মোৰ মৃত্যুৰ শোভাযাত্ৰা হ’ব
স্বপ্নদ্ৰষ্টাৰ এক মিছিল !
যিসকলে সপোন দেখিছিল
যিসকলে আকাশ ৰচিছিল,
সেইসকলৰ প্ৰতিনিধি জীৱনৰ ৰূপত
মই জীয়াই থাকিম
ভৱিষ্যতৰ সেউজীয়া আশাৰ বুকুত,
তেওঁলোকৰ হাঁহিত,
তেওঁলোকৰ কান্দোনত,
সুখত, দুখত !
আৰু সেয়ে
মই অভিমানী,
সেয়ে মই অহংকাৰী,
মই সেয়ে মৃত্যুবিজয়ী ।
কাৰণ মই অসমীয়া,
মই জীৱনৰে অন্য এটি নাম ।
********************

No comments:

Post a Comment