ভৰ বাৰিষাৰ আবেলি
যিদিনা ডুব গৈছিল বেলিটো
দিগন্তৰ সিপাৰৰ সীমনাত,
মোৰ বুকুত অনুৰণিত হৈছিল
এটি শিশুৰ হাঁহি ।
সেই শিশুক শিকোৱা নাযায় যুদ্ধৰ বুৰঞ্জী,
সেই শিশুৰ বাবে জৰুৰী নহয়
শৰীৰৰ ভূগোল অথবা ইউক্লীডীয় জ্যামিতি ।
কেতিয়া শেষ হ’ল সেই আবেলি,
কেতিয়া আবৰি আহিল সন্ধিয়াৰ জোনাক,
শাৰীৰিক ভূগোলে কেতিয়া শিকাই গ’ল
যৌৱনৰ আদিপাঠ ।
তাৰ লেখ ৰাখিব খোজা নাছিলোঁ বাবেই
মোৰ বুকুত মাৰ নগ’ল
সেই শিশুৰ হাঁহি ।
আজিও সেই একেই সুৰ
একেই জোনাকত তিতা নিয়ৰৰ দূবৰি,
তথাপিও শিশুৰ দৰেই পৱিত্ৰ সেই হাঁহি ।
সেই শিশু মোৰ বাবে
সেই শিশু পৃথিৱীৰ বাবে
তেনেই অকমানি পোহৰ,
তথাপি শিশুবোৰ
আমাৰ জীৱনৰে পোহৰ ।
কেতিয়াবা ভাব হয়
মৃত হক সেই অনুভূতি
হেৰাই যক সেই শিশুৰ হাঁহি ।
পিছে তেতিয়া
মোৰ বাবে বাকী ৰ’ব কি,
ৰৈ যাব মাথোঁ
জটিল সময়ৰ সংশয় ।
সেয়াও সত্য নহয়,
হৃদয়ৰ শিশু মৃত নহয় কেতিয়াও ।
কদাচিত সেই শিশু
আমাৰ বাবে নিচেই অকণি ।
গৰ্বিনী পৃথিৱী
তথাপি শিলৰ নদী ।
তথাপিও নদী ।
উজাই-ভটীয়াই
ঘূৰি আহে মোৰ বুকুলৈ
সেই শিশুৰ হাঁহি ।
নিজলৈ চালেই গম পাওঁ
সেয়া মোৰ সখী ।
সেয়া মোৰ আঁখী ।
***************
মোৰ প্রেম পৃথিৱীৰ প্রতি, মানুহৰ প্রতি (লিখকৰ দ্বাৰা সৰ্বস্বত্ত্ব সংৰক্ষিত)
Thursday, October 13, 2011
Saturday, October 8, 2011
অন্তহীন
নৈখনৰ এটা সপোন আছিল
আৰু সেই স্বপ্নৰ দুচকুত
কাজল সানি পলাই গৈছিল
এজনী গঙা-চিলনী,
সেই সপোনৰ বুকুতে আছিল
কাৰোবাৰ প্ৰেমৰ
কাৰোবাৰ অভিমানৰ
কাৰোবাৰ হতাশাৰ
কাৰোবাৰ সমগ্ৰ সত্ত্বাৰ
সম্পূৰ্ণ পৰিচয়,
আৰু সিবিলাককে হৃদয়ত সাৱটি
নৈখন বৈ আছে
ব্ৰহ্মান্তৰৰ পৰা চিৰন্তনলৈ ।
এতিয়াও নৈখনে
গৰখীয়া আবেলিবোৰত
আৰু মাছুৱৈ সন্ধিয়াবোৰত
গঙা-চিলনীজনীলৈ অপেক্ষা কৰি থাকে,
উজনিৰ নাৱৰীয়াৰ
ভটীয়নি সোঁতত ভাঁহি যোৱা
চিনাকি চিনাকি অচিনাকি সুৰে
কিজানি কন্দুৱাই পেলায় তাইক
আৰু তাই উভতি আহে
নৈখনৰ বুকুত এৰি থৈ যোৱা
সপোনবোৰ বিচাৰি !
নৈখনৰ নাম বাৰু কি হ’ব পাৰে ?
হয়তো হ’ব পাৰে চাৰিকড়ীয়া
নাইবা দিচাং,
দিখৌ নাইবা ধনশিৰি,
পাগলাদিয়া নাইবা সোঁৱণশিৰি
নাইবা কালদিয়া বা পহুমৰা ।
নৈখন যিখনেই নহওঁক,
প্ৰতিখনৰ বুকুতে লুকাই থাকে
কিছুমান সপোন,
হৃদয়ত জাহ গৈ থাকে
কিছুমান জীয়া ইতিহাস,
প্ৰতিখন নৈয়ে কাৰোবাৰ অপেক্ষাত ৰৈ থাকে
স্বপ্নৰ দুচকুত কাজল সানি
উৰি যোৱা গঙা-চিলনীবোৰৰ অপেক্ষাত ।
**************************
আৰু সেই স্বপ্নৰ দুচকুত
কাজল সানি পলাই গৈছিল
এজনী গঙা-চিলনী,
সেই সপোনৰ বুকুতে আছিল
কাৰোবাৰ প্ৰেমৰ
কাৰোবাৰ অভিমানৰ
কাৰোবাৰ হতাশাৰ
কাৰোবাৰ সমগ্ৰ সত্ত্বাৰ
সম্পূৰ্ণ পৰিচয়,
আৰু সিবিলাককে হৃদয়ত সাৱটি
নৈখন বৈ আছে
ব্ৰহ্মান্তৰৰ পৰা চিৰন্তনলৈ ।
এতিয়াও নৈখনে
গৰখীয়া আবেলিবোৰত
আৰু মাছুৱৈ সন্ধিয়াবোৰত
গঙা-চিলনীজনীলৈ অপেক্ষা কৰি থাকে,
উজনিৰ নাৱৰীয়াৰ
ভটীয়নি সোঁতত ভাঁহি যোৱা
চিনাকি চিনাকি অচিনাকি সুৰে
কিজানি কন্দুৱাই পেলায় তাইক
আৰু তাই উভতি আহে
নৈখনৰ বুকুত এৰি থৈ যোৱা
সপোনবোৰ বিচাৰি !
নৈখনৰ নাম বাৰু কি হ’ব পাৰে ?
হয়তো হ’ব পাৰে চাৰিকড়ীয়া
নাইবা দিচাং,
দিখৌ নাইবা ধনশিৰি,
পাগলাদিয়া নাইবা সোঁৱণশিৰি
নাইবা কালদিয়া বা পহুমৰা ।
নৈখন যিখনেই নহওঁক,
প্ৰতিখনৰ বুকুতে লুকাই থাকে
কিছুমান সপোন,
হৃদয়ত জাহ গৈ থাকে
কিছুমান জীয়া ইতিহাস,
প্ৰতিখন নৈয়ে কাৰোবাৰ অপেক্ষাত ৰৈ থাকে
স্বপ্নৰ দুচকুত কাজল সানি
উৰি যোৱা গঙা-চিলনীবোৰৰ অপেক্ষাত ।
**************************
Tuesday, September 27, 2011
তেজ যেতিয়া শৰণাৰ্থী হয়
তেজ তেতিয়া শৰণাৰ্থী হয়
যেতিয়া ধমনীৰ বাহিৰত তেজৰ উপনদী বয়,
সেই নদী বয় কেতিয়াবা ধৰ্মৰ নামত
কেতিয়াবা অৰ্থৰ স্বাৰ্থত,
সন্মানৰ বেদীতো বয় কেতিয়াবা সেই নদী ।
জীৱনৰ অপাৰ চাহাৰাত
সেই নদী দিশহাৰা,
কাৰণ শৰণাৰ্থীৰ ঘৰৰ ঠিকনা নাথাকে ।
ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই
সেই শৰণাৰ্থী তেজে জন্ম দিয়ে
মানৱতাৰ সাগৰত নুশুকোৱা প্ৰতিশোধৰ যাতনা-দ্বীপ,
প্ৰেমৰ আকাশত নবৰষা ঘৃণাৰ কালমেঘ ।
এজাক মানুহে বাৰে বাৰে পাহৰি যায়
সময় সময় খেলি ইতিহাসে দি যোৱা সঘন সকীয়নি,
ধমনীৰ বাহিৰত তেজ সদায় অনাশ্ৰয়ী শৰণাৰ্থী ।
হে মানৱতা,
বাৰে বাৰে বুৰঞ্জী পাহৰি
কবৰ খান্দি ভাল পোৱা
সেইজাক মানু্হক পাৰা যদি শিকোৱা
বিশ্বপ্ৰেমৰ ব্যাকুলতা,
জীৱনৰ বোৱতী নদীযেন
ধমনীৰ অমৃত সেই তেজক
পাৰা যদি বচোৱা শৰণাৰ্থী হোৱাৰ পৰা ।
নহ’লে প্ৰেমৰ আকাশ মচি
মানৱতাৰ সাগৰ শুকাই
জীৱনৰ বাট হেৰুওৱা তেজৰ হিচাপ ল’বলৈ
থাকি যাব মাথোঁ আধাজ্বলা প্ৰলয়ৰ শিখা ।
যেতিয়া ধমনীৰ বাহিৰত তেজৰ উপনদী বয়,
সেই নদী বয় কেতিয়াবা ধৰ্মৰ নামত
কেতিয়াবা অৰ্থৰ স্বাৰ্থত,
সন্মানৰ বেদীতো বয় কেতিয়াবা সেই নদী ।
জীৱনৰ অপাৰ চাহাৰাত
সেই নদী দিশহাৰা,
কাৰণ শৰণাৰ্থীৰ ঘৰৰ ঠিকনা নাথাকে ।
ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই
সেই শৰণাৰ্থী তেজে জন্ম দিয়ে
মানৱতাৰ সাগৰত নুশুকোৱা প্ৰতিশোধৰ যাতনা-দ্বীপ,
প্ৰেমৰ আকাশত নবৰষা ঘৃণাৰ কালমেঘ ।
এজাক মানুহে বাৰে বাৰে পাহৰি যায়
সময় সময় খেলি ইতিহাসে দি যোৱা সঘন সকীয়নি,
ধমনীৰ বাহিৰত তেজ সদায় অনাশ্ৰয়ী শৰণাৰ্থী ।
হে মানৱতা,
বাৰে বাৰে বুৰঞ্জী পাহৰি
কবৰ খান্দি ভাল পোৱা
সেইজাক মানু্হক পাৰা যদি শিকোৱা
বিশ্বপ্ৰেমৰ ব্যাকুলতা,
জীৱনৰ বোৱতী নদীযেন
ধমনীৰ অমৃত সেই তেজক
পাৰা যদি বচোৱা শৰণাৰ্থী হোৱাৰ পৰা ।
নহ’লে প্ৰেমৰ আকাশ মচি
মানৱতাৰ সাগৰ শুকাই
জীৱনৰ বাট হেৰুওৱা তেজৰ হিচাপ ল’বলৈ
থাকি যাব মাথোঁ আধাজ্বলা প্ৰলয়ৰ শিখা ।
Friday, September 2, 2011
ধৰ্মৰাজ ! ন্যায় ক’ত
সকলোবোৰ ঘৰেই একে
একেই ইটাৰ দেৱাল ।
(অৱশ্যে কেতিয়াবা বাঁহ আৰু ইকৰাৰে ঘেৰা)
প্রতিখন দুৱাৰেই একে,
বাহিৰলৈ জপোৱা
অথবা ভিতৰলৈ খোলা ।
পকা মজিয়াৰ বালিৰ ঘঁহনিত,
কেঁচা মজিয়াৰ তন্ময়তাত
সূৰ্য কঁপে,
কঁপে নিশাৰ আলোক ।
কংক্ৰীটৰ মহানগৰীত ট্রেফিকৰ চিঞৰ,
জুপুৰীৰ বস্তিত পয়াঁলগা শিশুৰ ক্ৰন্দন,
আৰু গাঁৱলীয়া সন্ধ্যাত
উঁইচিৰিঙাৰ একঘেয়ামি স্বৰ ।
জপাই থোৱা আকাশৰ দুৱাৰ,
তোমাৰ বাবে খোলা থাকিব
অহংকাৰৰ নৰক
পত্নী-কন্যা-পুত্র-পৰিবাৰ ।
ভুকি আছে ভুকি থাকক
জ্বৰীয়া ভোকত গলিৰ কুকুৰ,
সিহঁতৰ বাবে স্বৰ্গৰ দুৱাৰ বন্ধ ।
ক্ষুধাৰ্ত কুকুৰে চিঞৰি থাকে
ন্যায় লাগে, ধৰ্মৰাজ !
এখন ৰুটীৰ মূল্য কিমান,
এশভাগৰ এক টেলকম পাউদাৰৰ দামতকৈ কম !
যক্ষ্মাত মৰে বস্তিৰ সপোন,
মহানগৰীত পানীলগা কাহ,
কাৰ বাবে খোল খাব এপ’ল’ৰ দুৱাৰ,
এইম্ছৰ অপাৰেশ্যন থিয়েটাৰ ?
মাৰ্ক্সবাদ, সাম্যবাদ
উঁয়ে খোৱা দলিল,
জীৱন গঢ়াৰ সপোন নৱকান্তৰ ।
ৰাজফেঁটীৰ বিহ
বস্তিৰ অমৃত ।
জীয়াই থাকে তথাপি জীৱন,
জীৱন নহয় যেন
শব্দৰ কাৰচাজিত জীয়াই থাকে
মগজুৰ কছৰতৰ সমল ।
ন্যায় ক’ত, ধৰ্মৰাজ !!
********************
একেই ইটাৰ দেৱাল ।
(অৱশ্যে কেতিয়াবা বাঁহ আৰু ইকৰাৰে ঘেৰা)
প্রতিখন দুৱাৰেই একে,
বাহিৰলৈ জপোৱা
অথবা ভিতৰলৈ খোলা ।
পকা মজিয়াৰ বালিৰ ঘঁহনিত,
কেঁচা মজিয়াৰ তন্ময়তাত
সূৰ্য কঁপে,
কঁপে নিশাৰ আলোক ।
কংক্ৰীটৰ মহানগৰীত ট্রেফিকৰ চিঞৰ,
জুপুৰীৰ বস্তিত পয়াঁলগা শিশুৰ ক্ৰন্দন,
আৰু গাঁৱলীয়া সন্ধ্যাত
উঁইচিৰিঙাৰ একঘেয়ামি স্বৰ ।
জপাই থোৱা আকাশৰ দুৱাৰ,
তোমাৰ বাবে খোলা থাকিব
অহংকাৰৰ নৰক
পত্নী-কন্যা-পুত্র-পৰিবাৰ ।
ভুকি আছে ভুকি থাকক
জ্বৰীয়া ভোকত গলিৰ কুকুৰ,
সিহঁতৰ বাবে স্বৰ্গৰ দুৱাৰ বন্ধ ।
ক্ষুধাৰ্ত কুকুৰে চিঞৰি থাকে
ন্যায় লাগে, ধৰ্মৰাজ !
এখন ৰুটীৰ মূল্য কিমান,
এশভাগৰ এক টেলকম পাউদাৰৰ দামতকৈ কম !
যক্ষ্মাত মৰে বস্তিৰ সপোন,
মহানগৰীত পানীলগা কাহ,
কাৰ বাবে খোল খাব এপ’ল’ৰ দুৱাৰ,
এইম্ছৰ অপাৰেশ্যন থিয়েটাৰ ?
মাৰ্ক্সবাদ, সাম্যবাদ
উঁয়ে খোৱা দলিল,
জীৱন গঢ়াৰ সপোন নৱকান্তৰ ।
ৰাজফেঁটীৰ বিহ
বস্তিৰ অমৃত ।
জীয়াই থাকে তথাপি জীৱন,
জীৱন নহয় যেন
শব্দৰ কাৰচাজিত জীয়াই থাকে
মগজুৰ কছৰতৰ সমল ।
ন্যায় ক’ত, ধৰ্মৰাজ !!
********************
Wednesday, August 31, 2011
এখন মুকলি চিঠি
আহাচোন আহা সখী
জোনাকতে বহোঁ এদিন
বহুদিন আকাশৰ তৰা লেখা নাই,
বহু ৰাতি পাৰ হ’ল
জীৱিকাৰ খুচুৰা হিচাপ কৰি ।
ৰাতিৰ আকাশে,
আমাৰ চিনাকি আকাশে
কিজানি কান্দিছে উষ্ম আশাৰে,
জোনৰ চকুলোৰে ওফন্দি উঠিছে
ইপাৰৰ লুইত, সিপাৰৰ কাৱেৰী ।
তোমাৰ সময় হ’লে
মোৰো যে সময় হ’ব,
মোৰ সময় হ’লে
তোমাৰো সময় হ’ব,
বাৰিষাৰ তেনে এটি ৰাতিপুৱা
তুমি আৰু ময়ে সখী,
মাইনুৱে ভাইটিয়ে
(বাইদেউজনী বিয়া হৈ গ’ল)
বৰষুণত তিতিম,
কিমানযে ভাল লাগিব
বৰষীত নাপালে মাছ
ভেকুলীকে তুলিম ।
মন গ’লে বাৰু
পথাৰৰ বোকা খচকিম
নহ’লে পাৰত বহি
বালিমাহীৰ নাচোন চাম ।
পৃথিৱীৰ সৰল হাঁহি
বতাহত ভাঁহি আহি
আমাৰ বুকুতো উঠিব বাজি ।
এইবোৰতে আছে সখী
আমাৰ জীৱনৰ ‘ফিল’ছ’ফী’,
মৰমে গধূৰ কৰা
হৃদয়ৰ নিবিড় দাবী ।
বৰ ভাগৰ লাগে নেকি
জীৱনটো বুজি বুজি
নুবুজা ভাৰৰ নেওঁতা মাতি ।
ভাল লাগে শুক্লেশ্বৰ ঘাটৰ সূৰ্যাস্ত,
ভাল লাগে চাই দাৰ্জিলিঙত
একেটা সূৰ্যৰ পুনৰ্জন্ম,
অকলে চাই ভাল লাগেনে
কাষত থাকিলে মৰমৰ আব্দাৰ ।
আত্মাৰ আহাৰ বিচাৰি
আমি ঘূৰি ফুৰোঁ সখী,
এই যাত্রাৰ শেষ নাই,
জীৱনৰ বতৰা বিলাই
উৰি ফুৰে এহাল টুনটুনী ।
আমি বহুতেই শুনা নাপাওঁ
দেখা নাপাওঁ,
পঢ়ি থাকোঁ মাথোঁ
চাইক’ল’জীৰ ওলোটা বুৰঞ্জী ।
সেয়ে সখী আজি
তোমাক মাতিছোঁ,
আহাচোন
জোনাকতে বহোঁ !
গলি গলি যাব জোন,
তোমাৰ দীঘল চুলিৰ মাজত
মুকলি হ’ব জীৱনৰ দৰ্শন,
জপাই থ’ম চাইক’ল’জীৰ পুৰণি বহী ।
*********************************
জোনাকতে বহোঁ এদিন
বহুদিন আকাশৰ তৰা লেখা নাই,
বহু ৰাতি পাৰ হ’ল
জীৱিকাৰ খুচুৰা হিচাপ কৰি ।
ৰাতিৰ আকাশে,
আমাৰ চিনাকি আকাশে
কিজানি কান্দিছে উষ্ম আশাৰে,
জোনৰ চকুলোৰে ওফন্দি উঠিছে
ইপাৰৰ লুইত, সিপাৰৰ কাৱেৰী ।
তোমাৰ সময় হ’লে
মোৰো যে সময় হ’ব,
মোৰ সময় হ’লে
তোমাৰো সময় হ’ব,
বাৰিষাৰ তেনে এটি ৰাতিপুৱা
তুমি আৰু ময়ে সখী,
মাইনুৱে ভাইটিয়ে
(বাইদেউজনী বিয়া হৈ গ’ল)
বৰষুণত তিতিম,
কিমানযে ভাল লাগিব
বৰষীত নাপালে মাছ
ভেকুলীকে তুলিম ।
মন গ’লে বাৰু
পথাৰৰ বোকা খচকিম
নহ’লে পাৰত বহি
বালিমাহীৰ নাচোন চাম ।
পৃথিৱীৰ সৰল হাঁহি
বতাহত ভাঁহি আহি
আমাৰ বুকুতো উঠিব বাজি ।
এইবোৰতে আছে সখী
আমাৰ জীৱনৰ ‘ফিল’ছ’ফী’,
মৰমে গধূৰ কৰা
হৃদয়ৰ নিবিড় দাবী ।
বৰ ভাগৰ লাগে নেকি
জীৱনটো বুজি বুজি
নুবুজা ভাৰৰ নেওঁতা মাতি ।
ভাল লাগে শুক্লেশ্বৰ ঘাটৰ সূৰ্যাস্ত,
ভাল লাগে চাই দাৰ্জিলিঙত
একেটা সূৰ্যৰ পুনৰ্জন্ম,
অকলে চাই ভাল লাগেনে
কাষত থাকিলে মৰমৰ আব্দাৰ ।
আত্মাৰ আহাৰ বিচাৰি
আমি ঘূৰি ফুৰোঁ সখী,
এই যাত্রাৰ শেষ নাই,
জীৱনৰ বতৰা বিলাই
উৰি ফুৰে এহাল টুনটুনী ।
আমি বহুতেই শুনা নাপাওঁ
দেখা নাপাওঁ,
পঢ়ি থাকোঁ মাথোঁ
চাইক’ল’জীৰ ওলোটা বুৰঞ্জী ।
সেয়ে সখী আজি
তোমাক মাতিছোঁ,
আহাচোন
জোনাকতে বহোঁ !
গলি গলি যাব জোন,
তোমাৰ দীঘল চুলিৰ মাজত
মুকলি হ’ব জীৱনৰ দৰ্শন,
জপাই থ’ম চাইক’ল’জীৰ পুৰণি বহী ।
*********************************
Saturday, August 6, 2011
দেহ যাৰ শ্ৰমৰ সীমান্ত
পুৱতি নিশাৰ এঙামূৰি ভাঙি
এদিন আমি গৈছিলোঁ
আমাৰ হাড় আৰু মাংসৰ বোজা কঢ়িয়াই
শিল আৰু লোহাৰ বুকুৰে,
সিপাৰে আছিল আমাৰ সৃষ্টিৰ সূৰ্য ।
আমি পাৰ হৈছিলোঁ
এক-দুই-তিনি কৰি
ক্রমাগত একোটা পুৰণি নম্বৰ ।
আমাৰ সংগী
বাটে-ঘাটে এৰি যোৱা
ভঙা-চিঙা এটি-দুটি
তপত ধোঁৱা আৰু নিশাহৰ গোন্ধ সনা
প্রাচীন ষ্টেচন,
একেই গাঁও
সেই একেই নগৰ
যন্ত্রণাগ্রস্ত কিছু খুচুৰা মুহূৰ্তৰ ।
কিয় জীয়াই থাকে এই অনুপাত
জাৰজ বতাহত কিয় ভাঁহি ফুৰে
অস্পৃশ্য আকাংক্ষাৰ ভিৰ,
সমিধান বিচাৰি তাৰ
হাহাকাৰ কৰা নাই আমি
বুঢ়া লুইতৰ বালিৰ শূন্যতাত
অথবা হুগলীৰ পাৰৰ ব্যস্ততাত ।
আমি মাথোঁ পাৰ হওঁ
ঘড়ীবোৰ চাই চাই,
মিনিটৰ কাঁটা বাৰত লাগি
কেতিয়া ঘণ্টাবোৰ মিনিট হয়
আৰু শেষ হয় আমাৰ অপেক্ষাৰ অন্ধকাৰ ।
জৰায়ুৰ আন্ধাৰতো জীয়াই থাকে মানুহ
জীৱন আৰু জীৱিকাৰ তিনিটা উলুটিও মানুহ,
খড়গপুৰৰ খালী বটলত
থক্ থক্ ঠাণ্ডাত
জীৱিকাৰ আকাশ বিচৰা শিশুটিও মানুহ,
আমিতো নোৱাৰোঁ;
সিহঁত মানুহ নহয়, তেনে
আমি কি মানুহ ?
দেহ যাৰ শ্ৰমৰ সীমান্ত
সিহঁতৰ সূৰ্য নাই, তেনে
সূৰ্য কাৰ ? আমাৰ ভৱিষ্যতৰ !!
(ৰচনাকাল: জুন,২০০৩, ৰেলত যেতিয়া প্রথমবাৰৰ বাবে বাংগালোৰলৈ আহিছিলোঁ কিছুমান সপোন সাৱটি)
এদিন আমি গৈছিলোঁ
আমাৰ হাড় আৰু মাংসৰ বোজা কঢ়িয়াই
শিল আৰু লোহাৰ বুকুৰে,
সিপাৰে আছিল আমাৰ সৃষ্টিৰ সূৰ্য ।
আমি পাৰ হৈছিলোঁ
এক-দুই-তিনি কৰি
ক্রমাগত একোটা পুৰণি নম্বৰ ।
আমাৰ সংগী
বাটে-ঘাটে এৰি যোৱা
ভঙা-চিঙা এটি-দুটি
তপত ধোঁৱা আৰু নিশাহৰ গোন্ধ সনা
প্রাচীন ষ্টেচন,
একেই গাঁও
সেই একেই নগৰ
যন্ত্রণাগ্রস্ত কিছু খুচুৰা মুহূৰ্তৰ ।
কিয় জীয়াই থাকে এই অনুপাত
জাৰজ বতাহত কিয় ভাঁহি ফুৰে
অস্পৃশ্য আকাংক্ষাৰ ভিৰ,
সমিধান বিচাৰি তাৰ
হাহাকাৰ কৰা নাই আমি
বুঢ়া লুইতৰ বালিৰ শূন্যতাত
অথবা হুগলীৰ পাৰৰ ব্যস্ততাত ।
আমি মাথোঁ পাৰ হওঁ
ঘড়ীবোৰ চাই চাই,
মিনিটৰ কাঁটা বাৰত লাগি
কেতিয়া ঘণ্টাবোৰ মিনিট হয়
আৰু শেষ হয় আমাৰ অপেক্ষাৰ অন্ধকাৰ ।
জৰায়ুৰ আন্ধাৰতো জীয়াই থাকে মানুহ
জীৱন আৰু জীৱিকাৰ তিনিটা উলুটিও মানুহ,
খড়গপুৰৰ খালী বটলত
থক্ থক্ ঠাণ্ডাত
জীৱিকাৰ আকাশ বিচৰা শিশুটিও মানুহ,
আমিতো নোৱাৰোঁ;
সিহঁত মানুহ নহয়, তেনে
আমি কি মানুহ ?
দেহ যাৰ শ্ৰমৰ সীমান্ত
সিহঁতৰ সূৰ্য নাই, তেনে
সূৰ্য কাৰ ? আমাৰ ভৱিষ্যতৰ !!
(ৰচনাকাল: জুন,২০০৩, ৰেলত যেতিয়া প্রথমবাৰৰ বাবে বাংগালোৰলৈ আহিছিলোঁ কিছুমান সপোন সাৱটি)
Sunday, July 24, 2011
পুৰুষ
১
যুগৰ সন্ধান চলে
মোৰ আত্মাই আত্মাই,
আৰু মোৰ স্নায়ুৰ চেতনাত শুনা পাওঁ
তাৰ অহৰহ গৰ্বৰ ধ্বনি ।
কাৰণ মই যে পুৰুষ,
পৃথিৱীৰ আদিতম সৃষ্টিৰ কীট-বীজ
অংকুৰিত হ’ল মোৰেই প্রাণৰস পাই ।
সেই গৌৰৱতে উটি-ভাঁহি
পাহৰি গ’লোঁ মই
মোৰ সীমাৰ সাগৰ ।
সাগৰৰো সীমা আছে,
তথাপি সজালোঁ নিজকে অনন্ত মহাসাগৰ
মহাদেশ আগুৰি থকা এক লক্ষ্মণ-বলয় ।
পৌৰুষৰ অন্ত হ’ল তাত
জন্ম হ’ল আত্মচেতনাৰ
কাৰণ মই যে পুৰুষ
অসুৰ আৰু মানুহৰ প্রতিভূ স্বৰূ্প ।
সেয়ে মই মনু
কালৰ স্বয়ম্ভূ সংবাদদাতা
অথবা স্তম্ভলেখক ।
সেয়ে মই কংস
ভগ্নীৰ ভ্রূণ নষ্ট কৰা,
কাৰণ মই যে স্বাৰ্থী, মই আৰ্থী ।
প্রেম আৰু কৰুণা পাৰ হৈ
প্রাণৰ অৰ্ঘ্য বিচাৰোঁ
ক্ষণজন্মা বালকৰ কেঁচা ৰক্তত ।
সময়ে শিকাই যায়
যাতনা, আশীৰ্বাদ আৰু
মৃত্যুভয় অথবা ক্ষমতাৰ
কাৰাগাৰৰ গভীৰ আন্ধাৰ ।
মোৰ পিতৃ বন্দী হয় তাত
ঘাতকৰ হাতত প্রাণৰ আহুতি দিওঁ
মোৰ ভ্রাতৃৰ,
সেয়া উগ্রসেন, সেয়া বিম্বিসাৰ
অথবা চাহজাহান ।
কাৰণ মই যে ঘাতক
মই যে জাতক
মই ঔৰংজেৱ, মই অজাতশত্রু ।
কাৰণ মই যে পুৰুষ
অসুৰ আৰু মানুহৰ প্রতিভূ স্বৰূ্প ।
সেয়ে মই ৰাম ।
মই যুধিষ্ঠিৰ ।
মোৰ সন্মানৰ বেদীত
বলি দিওঁ
কত যে সীতা আৰু দ্রৌপদী
অগ্নিৰ বুকুত অথবা ক্রীড়াৰ মঞ্চত ।
২
পৌৰুষৰ শেষ হয় য’ত
তাতেই আৰম্ভণি নাৰীত্বৰ
তাকেই চাবুক মাৰি
সজালোঁ মোৰ জীৱনৰ যাদুঘৰ,
কাৰণ মই যে দুৰ্বল
মই যে প্রবল
মই এক স্বয়ম্ভূ ক্ষমতা ।
মোৰ অহংকাৰৰ দুৰ্গত
স্বয়ংবন্দী মই ।
স্বেচ্ছা আত্মগোপন ।
তাত চেতনাৰ পোহৰ নাই
আছে যাতনাৰ অন্ধকাৰ ।
তথাপি পুৰুষ মই,
যুগে যুগে এক কাঠিন্যৰ নাম ।
তাত প্রেম আছে,
ভিক্ষা আছে ।
হয়তো তথাপিও আছে
কামনাৰ অত্যুগ্র আহ্বা্ন ।
সেয়ে মই লালায়িত বীৰ্য ।
তথাপি ময়েতো কৃ্ষ্ণ;
কামনাৰ ৰেখ নাই,
প্রেমৰ পৱিত্রতা আছে
আৰু আছে অপেক্ষাৰ দীঘল বাট ।
কাৰণ মই যে পুৰুষ
অসুৰ আৰু মানুহৰ প্রতিভূ স্বৰূ্প ।
যদিও অসংখ্যবাৰ বহুতো নাৰীয়ে পায়
পুৰুষৰ সত্ত্বাৰ অন্ধকাৰ,
যদিও ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই
পুৰুষৰ অহংকাৰে জন্ম দিছে
হেজাৰ মৃত সূৰ্য
যাৰ বাবে কোনো আকাশ নাই;
তথাপি পুৰুষ আছে নাৰীৰ প্রেমৰ,
তথাপি পুৰুষ আছে সীমাহীন কাব্যৰ,
অথবা পুৰুষ আছে আত্মাৰ স্পৰ্শৰ ।
সন্দেহ আছে তাত,
তথাপি সঁচা সেয়ে ।
তেনে নাৰী আছে
সেয়া সঁচা,
সেয়ে তেনে পুৰুষো আছে
দ্বিধাৰ ডাৱৰে তাক নোৱাৰে ঢাকিব ।
আদিম পুৰুষৰ চালাকি
সেয়ে বুজি পালোঁ আজি মই ।
জ্ঞানৰ বিষফল আদমে ঈভৰ কথা মানি খালে,
তাকে কৈ তাহানিৰ আৰু আজিৰ মনুবোৰে
দ্বিতীয় শ্রেণীৰ যাত্রী সজালে
পুৰুষৰ সাধনাৰ সমস্ত চেতনাক ।
পুৰুষে পুৰুষক কৰা অন্যায়ৰ
সেয়ে মই আজি কৰোঁ প্রতিবাদ ।
পুৰুষো মানুহ
যেনে মানৱী নাৰী ।
পুৰুষো দানৱ
যেনে দানৱী নাৰী ।
কিন্তু পুৰুষ দেৱতা নহয়
সমস্ত শঠতাৰ,
নাৰী যেনে দেৱী নহয়
সমস্ত চলনাৰ ।
৩
মই পুৰুষ
সেয়ে মই প্রেমিক ।
মোৰো মন আছে
জীৱনৰ বাটচ’ৰা
প্রেমৰ সেউজীয়াৰে সজোৱাৰ ।
তাৰ মাজতে থাকে
সান্নিধ্য বিচৰাৰ এক জটিল আৱেগ ।
আৰু আছে জীৱনৰ খলাবমা,
কোনো সুৰে গান কৰি নোতোলা
কিছুমান কবিতা ।
ফ্রয়ডক লগ পালে সুধিম,
পুৰুষ হোৱাৰ যন্ত্রণা কিমান ।
সিমানেইনে
সুখৰো অতীত এক নিচা বিচৰাৰ যিমান ।
উত্তৰ নাথাকিব ফ্রয়ডৰো,
কাৰণ মোৰ প্রশ্নও যে
এক নিমিলা উত্তৰ ।
নাৰী আছে,
সেয়ে প্রেম আছে পুৰুষৰ ।
আজি পুৰুষ হৈ
মই গৰ্বেৰে ঘোষণা কৰিছোঁ
আৰু মোৰ জটিল প্রজ্ঞাৰে,
জ্ঞানৰ সমস্ত দুৱাৰ
মুকলি নহ’ব পাৰে আজিও পুৰুষৰ,
তথাপি নাৰী মন যেনে
পুৰুষৰো সেই মন ।
আঁহ ফলা বিচাৰত
পুৰুষে সজালে নিজকে পৰাধীন,
নাৰীত্বৰ অপমানে
পুৰুষক কৰিলে স্বাৰ্থপৰ ।
তাৰ পৰা মুক্তি নাই
সেই সমস্ত মৃত আৰু জীৱিত পুৰুষৰ ।
মই সেয়ে কওঁ
মই যে পুৰুষ,
যন্ত্রণাৰ আদিতম ৰূপ ।
পদে পদে সন্দেহৰ অগণি স্বৰূপ ।
তাৰ পৰা মুক্তি যদি আছে
নাৰীৰ প্রেমত আছে ।
সেই নাৰী দেহাতীত
সেই পুৰুষো কামাতীত ।
তথাপি
জীৱনৰ খুচুৰা হিচাপ কৰি
স্থূলতাৰ মুখা পিন্ধি
সেই পুৰুষ আৰু নাৰী
বিষাদৰ একেখনি নদীৰ
নিমিলা দুটি পাৰ ।
তাত ফ্রয়ড নাই,
আছে চিৰন্তন অপেক্ষা ।
********************
যুগৰ সন্ধান চলে
মোৰ আত্মাই আত্মাই,
আৰু মোৰ স্নায়ুৰ চেতনাত শুনা পাওঁ
তাৰ অহৰহ গৰ্বৰ ধ্বনি ।
কাৰণ মই যে পুৰুষ,
পৃথিৱীৰ আদিতম সৃষ্টিৰ কীট-বীজ
অংকুৰিত হ’ল মোৰেই প্রাণৰস পাই ।
সেই গৌৰৱতে উটি-ভাঁহি
পাহৰি গ’লোঁ মই
মোৰ সীমাৰ সাগৰ ।
সাগৰৰো সীমা আছে,
তথাপি সজালোঁ নিজকে অনন্ত মহাসাগৰ
মহাদেশ আগুৰি থকা এক লক্ষ্মণ-বলয় ।
পৌৰুষৰ অন্ত হ’ল তাত
জন্ম হ’ল আত্মচেতনাৰ
কাৰণ মই যে পুৰুষ
অসুৰ আৰু মানুহৰ প্রতিভূ স্বৰূ্প ।
সেয়ে মই মনু
কালৰ স্বয়ম্ভূ সংবাদদাতা
অথবা স্তম্ভলেখক ।
সেয়ে মই কংস
ভগ্নীৰ ভ্রূণ নষ্ট কৰা,
কাৰণ মই যে স্বাৰ্থী, মই আৰ্থী ।
প্রেম আৰু কৰুণা পাৰ হৈ
প্রাণৰ অৰ্ঘ্য বিচাৰোঁ
ক্ষণজন্মা বালকৰ কেঁচা ৰক্তত ।
সময়ে শিকাই যায়
যাতনা, আশীৰ্বাদ আৰু
মৃত্যুভয় অথবা ক্ষমতাৰ
কাৰাগাৰৰ গভীৰ আন্ধাৰ ।
মোৰ পিতৃ বন্দী হয় তাত
ঘাতকৰ হাতত প্রাণৰ আহুতি দিওঁ
মোৰ ভ্রাতৃৰ,
সেয়া উগ্রসেন, সেয়া বিম্বিসাৰ
অথবা চাহজাহান ।
কাৰণ মই যে ঘাতক
মই যে জাতক
মই ঔৰংজেৱ, মই অজাতশত্রু ।
কাৰণ মই যে পুৰুষ
অসুৰ আৰু মানুহৰ প্রতিভূ স্বৰূ্প ।
সেয়ে মই ৰাম ।
মই যুধিষ্ঠিৰ ।
মোৰ সন্মানৰ বেদীত
বলি দিওঁ
কত যে সীতা আৰু দ্রৌপদী
অগ্নিৰ বুকুত অথবা ক্রীড়াৰ মঞ্চত ।
২
পৌৰুষৰ শেষ হয় য’ত
তাতেই আৰম্ভণি নাৰীত্বৰ
তাকেই চাবুক মাৰি
সজালোঁ মোৰ জীৱনৰ যাদুঘৰ,
কাৰণ মই যে দুৰ্বল
মই যে প্রবল
মই এক স্বয়ম্ভূ ক্ষমতা ।
মোৰ অহংকাৰৰ দুৰ্গত
স্বয়ংবন্দী মই ।
স্বেচ্ছা আত্মগোপন ।
তাত চেতনাৰ পোহৰ নাই
আছে যাতনাৰ অন্ধকাৰ ।
তথাপি পুৰুষ মই,
যুগে যুগে এক কাঠিন্যৰ নাম ।
তাত প্রেম আছে,
ভিক্ষা আছে ।
হয়তো তথাপিও আছে
কামনাৰ অত্যুগ্র আহ্বা্ন ।
সেয়ে মই লালায়িত বীৰ্য ।
তথাপি ময়েতো কৃ্ষ্ণ;
কামনাৰ ৰেখ নাই,
প্রেমৰ পৱিত্রতা আছে
আৰু আছে অপেক্ষাৰ দীঘল বাট ।
কাৰণ মই যে পুৰুষ
অসুৰ আৰু মানুহৰ প্রতিভূ স্বৰূ্প ।
যদিও অসংখ্যবাৰ বহুতো নাৰীয়ে পায়
পুৰুষৰ সত্ত্বাৰ অন্ধকাৰ,
যদিও ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই
পুৰুষৰ অহংকাৰে জন্ম দিছে
হেজাৰ মৃত সূৰ্য
যাৰ বাবে কোনো আকাশ নাই;
তথাপি পুৰুষ আছে নাৰীৰ প্রেমৰ,
তথাপি পুৰুষ আছে সীমাহীন কাব্যৰ,
অথবা পুৰুষ আছে আত্মাৰ স্পৰ্শৰ ।
সন্দেহ আছে তাত,
তথাপি সঁচা সেয়ে ।
তেনে নাৰী আছে
সেয়া সঁচা,
সেয়ে তেনে পুৰুষো আছে
দ্বিধাৰ ডাৱৰে তাক নোৱাৰে ঢাকিব ।
আদিম পুৰুষৰ চালাকি
সেয়ে বুজি পালোঁ আজি মই ।
জ্ঞানৰ বিষফল আদমে ঈভৰ কথা মানি খালে,
তাকে কৈ তাহানিৰ আৰু আজিৰ মনুবোৰে
দ্বিতীয় শ্রেণীৰ যাত্রী সজালে
পুৰুষৰ সাধনাৰ সমস্ত চেতনাক ।
পুৰুষে পুৰুষক কৰা অন্যায়ৰ
সেয়ে মই আজি কৰোঁ প্রতিবাদ ।
পুৰুষো মানুহ
যেনে মানৱী নাৰী ।
পুৰুষো দানৱ
যেনে দানৱী নাৰী ।
কিন্তু পুৰুষ দেৱতা নহয়
সমস্ত শঠতাৰ,
নাৰী যেনে দেৱী নহয়
সমস্ত চলনাৰ ।
৩
মই পুৰুষ
সেয়ে মই প্রেমিক ।
মোৰো মন আছে
জীৱনৰ বাটচ’ৰা
প্রেমৰ সেউজীয়াৰে সজোৱাৰ ।
তাৰ মাজতে থাকে
সান্নিধ্য বিচৰাৰ এক জটিল আৱেগ ।
আৰু আছে জীৱনৰ খলাবমা,
কোনো সুৰে গান কৰি নোতোলা
কিছুমান কবিতা ।
ফ্রয়ডক লগ পালে সুধিম,
পুৰুষ হোৱাৰ যন্ত্রণা কিমান ।
সিমানেইনে
সুখৰো অতীত এক নিচা বিচৰাৰ যিমান ।
উত্তৰ নাথাকিব ফ্রয়ডৰো,
কাৰণ মোৰ প্রশ্নও যে
এক নিমিলা উত্তৰ ।
নাৰী আছে,
সেয়ে প্রেম আছে পুৰুষৰ ।
আজি পুৰুষ হৈ
মই গৰ্বেৰে ঘোষণা কৰিছোঁ
আৰু মোৰ জটিল প্রজ্ঞাৰে,
জ্ঞানৰ সমস্ত দুৱাৰ
মুকলি নহ’ব পাৰে আজিও পুৰুষৰ,
তথাপি নাৰী মন যেনে
পুৰুষৰো সেই মন ।
আঁহ ফলা বিচাৰত
পুৰুষে সজালে নিজকে পৰাধীন,
নাৰীত্বৰ অপমানে
পুৰুষক কৰিলে স্বাৰ্থপৰ ।
তাৰ পৰা মুক্তি নাই
সেই সমস্ত মৃত আৰু জীৱিত পুৰুষৰ ।
মই সেয়ে কওঁ
মই যে পুৰুষ,
যন্ত্রণাৰ আদিতম ৰূপ ।
পদে পদে সন্দেহৰ অগণি স্বৰূপ ।
তাৰ পৰা মুক্তি যদি আছে
নাৰীৰ প্রেমত আছে ।
সেই নাৰী দেহাতীত
সেই পুৰুষো কামাতীত ।
তথাপি
জীৱনৰ খুচুৰা হিচাপ কৰি
স্থূলতাৰ মুখা পিন্ধি
সেই পুৰুষ আৰু নাৰী
বিষাদৰ একেখনি নদীৰ
নিমিলা দুটি পাৰ ।
তাত ফ্রয়ড নাই,
আছে চিৰন্তন অপেক্ষা ।
********************
Subscribe to:
Posts (Atom)