Saturday, November 12, 2011

কলিং-বেল্

পৃথিৱীৰ চুকে-কোণে
অসংখ্য সৰু সৰু
গাঁও আৰু চহৰ,
তাৰে মাজে মাজে
বহুতো ডাঙৰ ডাঙৰ ঘৰ,
ঘৰবোৰত এখনকৈয়ে দুৱাৰ
সকলোবোৰ একেই বহল,
চৌদিশে সেই একেই ইটাৰ দেৱাল,
দুৱাৰৰ কাষত ওলমি থাকে
একোটা কলিং-বেল্ ।
সঘনাই আলহী অহা ঘৰবোৰত
কলিং-বেল্ বেছিকৈ বাজে,
কলিং-বেল্ নথকা দুৱাৰবোৰ অৱশ্যে
প্ৰায়েই খোলা থাকে ।
কাৰেণ্ট নাথাকিলে কলিং-বেলবোৰৰ
কিজানি খুব বেয়া লাগে,
কাৰণ তেতিয়া চিনাকি বা অচিনাকি
কাৰোৱেই স্পৰ্শ সিহঁতৰ গাত নালাগে ।
কাৰেণ্ট নাথাকিলে আলহীবিলাকেও
বৰ অস্বস্ত্বিত ভুগে,
তেওঁলোকে লগাতকৈ বেছিবাৰ
দুৱাৰত টোকৰ মাৰে,
গৃহস্থৰ খং উঠে
বিৰক্তিত দৰ্জা খুলি দিয়ে
আৰু
এটা মিঠা হাঁহি অথবা
বেঁকা ওঁঠেৰে সম্ভাষণ জনায় আলহীক ।
আলহীয়ে চাহ খায়, তামোল খায় ।
যাবৰ সময়ত হ’লে
কলিং-বেলক কোনেও মাত নলগায় ।

কলিং-বেল্ নথকা দুৱাৰবোৰতো
একোটা কলিং-বেল্ লগোৱা ভাল,
কাৰণ আজিকালি
আলহীৰ পৰা ডকাইত হ’বলৈ
বেছিপৰ নালাগে আৰু
ডকাইতে কাহানিও কলিং-বেল্ নবজায়,
লাগিলে সেয়া হওক হৃদয়ৰে দুৱাৰ ।

দুৱাৰৰ কাষত কলিং-বেল্
চিৰদিন ওলমি ৰয়,
সাক্ষী হৈ ৰয়
আলহীবোৰৰ অহা আৰু যোৱাৰ ।
কলিং-বেলে অৱশ্যে হিচাপ নাৰাখে
কোন আছিল চিনাকি
অথবা কোন অচিনাকি ।

Thursday, October 13, 2011

শিশু

ভৰ বাৰিষাৰ আবেলি
যিদিনা ডুব গৈছিল বেলিটো
দিগন্তৰ সিপাৰৰ সীমনাত,
মোৰ বুকুত অনুৰণিত হৈছিল
এটি শিশুৰ হাঁহি ।
সেই শিশুক শিকোৱা নাযায় যুদ্ধৰ বুৰঞ্জী,
সেই শিশুৰ বাবে জৰুৰী নহয়
শৰীৰৰ ভূগোল অথবা ইউক্লীডীয় জ্যামিতি ।

কেতিয়া শেষ হ’ল সেই আবেলি,
কেতিয়া আবৰি আহিল সন্ধিয়াৰ জোনাক,
শাৰীৰিক ভূগোলে কেতিয়া শিকাই গ’ল
যৌৱনৰ আদিপাঠ ।
তাৰ লেখ ৰাখিব খোজা নাছিলোঁ বাবেই
মোৰ বুকুত মাৰ নগ’ল
সেই শিশুৰ হাঁহি ।
আজিও সেই একেই সুৰ
একেই জোনাকত তিতা নিয়ৰৰ দূবৰি,
তথাপিও শিশুৰ দৰেই পৱিত্ৰ সেই হাঁহি ।

সেই শিশু মোৰ বাবে
সেই শিশু পৃথিৱীৰ বাবে
তেনেই অকমানি পোহৰ,
তথাপি শিশুবোৰ
আমাৰ জীৱনৰে পোহৰ ।

কেতিয়াবা ভাব হয়
মৃত হক সেই অনুভূতি
হেৰাই যক সেই শিশুৰ হাঁহি ।
পিছে তেতিয়া
মোৰ বাবে বাকী ৰ’ব কি,
ৰৈ যাব মাথোঁ
জটিল সময়ৰ সংশয় ।

সেয়াও সত্য নহয়,
হৃদয়ৰ শিশু মৃত নহয় কেতিয়াও ।
কদাচিত সেই শিশু
আমাৰ বাবে নিচেই অকণি ।
গৰ্বিনী পৃথিৱী
তথাপি শিলৰ নদী ।

তথাপিও নদী ।
উজাই-ভটীয়াই
ঘূৰি আহে মোৰ বুকুলৈ
সেই শিশুৰ হাঁহি ।
নিজলৈ চালেই গম পাওঁ
সেয়া মোৰ সখী ।
সেয়া মোৰ আঁখী ।
***************

Saturday, October 8, 2011

অন্তহীন

নৈখনৰ এটা সপোন আছিল
আৰু সেই স্বপ্নৰ দুচকুত
কাজল সানি পলাই গৈছিল
এজনী গঙা-চিলনী,
সেই সপোনৰ বুকুতে আছিল
কাৰোবাৰ প্ৰেমৰ
কাৰোবাৰ অভিমানৰ
কাৰোবাৰ হতাশাৰ
কাৰোবাৰ সমগ্ৰ সত্ত্বাৰ
সম্পূৰ্ণ পৰিচয়,
আৰু সিবিলাককে হৃদয়ত সাৱটি
নৈখন বৈ আছে
ব্ৰহ্মান্তৰৰ পৰা চিৰন্তনলৈ ।

এতিয়াও নৈখনে
গৰখীয়া আবেলিবোৰত
আৰু মাছুৱৈ সন্ধিয়াবোৰত
গঙা-চিলনীজনীলৈ অপেক্ষা কৰি থাকে,
উজনিৰ নাৱৰীয়াৰ
ভটীয়নি সোঁতত ভাঁহি যোৱা
চিনাকি চিনাকি অচিনাকি সুৰে
কিজানি কন্দুৱাই পেলায় তাইক
আৰু তাই উভতি আহে
নৈখনৰ বুকুত এৰি থৈ যোৱা
সপোনবোৰ বিচাৰি !

নৈখনৰ নাম বাৰু কি হ’ব পাৰে ?
হয়তো হ’ব পাৰে চাৰিকড়ীয়া
নাইবা দিচাং,
দিখৌ নাইবা ধনশিৰি,
পাগলাদিয়া নাইবা সোঁৱণশিৰি
নাইবা কালদিয়া বা পহুমৰা ।
নৈখন যিখনেই নহওঁক,
প্ৰতিখনৰ বুকুতে লুকাই থাকে
কিছুমান সপোন,
হৃদয়ত জাহ গৈ থাকে
কিছুমান জীয়া ইতিহাস,
প্ৰতিখন নৈয়ে কাৰোবাৰ অপেক্ষাত ৰৈ থাকে
স্বপ্নৰ দুচকুত কাজল সানি
উৰি যোৱা গঙা-চিলনীবোৰৰ অপেক্ষাত ।
**************************

Tuesday, September 27, 2011

তেজ যেতিয়া শৰণাৰ্থী হয়

তেজ তেতিয়া শৰণাৰ্থী হয়
যেতিয়া ধমনীৰ বাহিৰত তেজৰ উপনদী বয়,
সেই নদী বয় কেতিয়াবা ধৰ্মৰ নামত
কেতিয়াবা অৰ্থৰ স্বাৰ্থত,
সন্মানৰ বেদীতো বয় কেতিয়াবা সেই নদী ।
জীৱনৰ অপাৰ চাহাৰাত
সেই নদী দিশহাৰা,
কাৰণ শৰণাৰ্থীৰ ঘৰৰ ঠিকনা নাথাকে ।

ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই
সেই শৰণাৰ্থী তেজে জন্ম দিয়ে
মানৱতাৰ সাগৰত নুশুকোৱা প্ৰতিশোধৰ যাতনা-দ্বীপ,
প্ৰেমৰ আকাশত নবৰষা ঘৃণাৰ কালমেঘ ।
এজাক মানুহে বাৰে বাৰে পাহৰি যায়
সময় সময় খেলি ইতিহাসে দি যোৱা সঘন সকীয়নি,
ধমনীৰ বাহিৰত তেজ সদায় অনাশ্ৰয়ী শৰণাৰ্থী ।

হে মানৱতা,
বাৰে বাৰে বুৰঞ্জী পাহৰি
কবৰ খান্দি ভাল পোৱা
সেইজাক মানু্হক পাৰা যদি শিকোৱা
বিশ্বপ্ৰেমৰ ব্যাকুলতা,
জীৱনৰ বোৱতী নদীযেন
ধমনীৰ অমৃত সেই তেজক
পাৰা যদি বচোৱা শৰণাৰ্থী হোৱাৰ পৰা ।
নহ’লে প্ৰেমৰ আকাশ মচি
মানৱতাৰ সাগৰ শুকাই
জীৱনৰ বাট হেৰুওৱা তেজৰ হিচাপ ল’বলৈ
থাকি যাব মাথোঁ আধাজ্বলা প্ৰলয়ৰ শিখা ।

Friday, September 2, 2011

ধৰ্মৰাজ ! ন্যায় ক’ত

সকলোবোৰ ঘৰেই একে
একেই ইটাৰ দেৱাল ।
(অৱশ্যে কেতিয়াবা বাঁহ আৰু ইকৰাৰে ঘেৰা)
প্রতিখন দুৱাৰেই একে,
বাহিৰলৈ জপোৱা
অথবা ভিতৰলৈ খোলা ।

পকা মজিয়াৰ বালিৰ ঘঁহনিত,
কেঁচা মজিয়াৰ তন্ময়তাত
সূৰ্য কঁপে,
কঁপে নিশাৰ আলোক ।
কংক্ৰীটৰ মহানগৰীত ট্রেফিকৰ চিঞৰ,
জুপুৰীৰ বস্তিত পয়াঁলগা শিশুৰ ক্ৰন্দন,
আৰু গাঁৱলীয়া সন্ধ্যাত
উঁইচিৰিঙাৰ একঘেয়ামি স্বৰ ।

জপাই থোৱা আকাশৰ দুৱাৰ,
তোমাৰ বাবে খোলা থাকিব
অহংকাৰৰ নৰক
পত্নী-কন্যা-পুত্র-পৰিবাৰ ।
ভুকি আছে ভুকি থাকক
জ্বৰীয়া ভোকত গলিৰ কুকুৰ,
সিহঁতৰ বাবে স্বৰ্গৰ দুৱাৰ বন্ধ ।
ক্ষুধাৰ্ত কুকুৰে চিঞৰি থাকে
ন্যায় লাগে, ধৰ্মৰাজ !

এখন ৰুটীৰ মূল্য কিমান,
এশভাগৰ এক টেলকম পাউদাৰৰ দামতকৈ কম !
যক্ষ্মাত মৰে বস্তিৰ সপোন,
মহানগৰীত পানীলগা কাহ,
কাৰ বাবে খোল খাব এপ’ল’ৰ দুৱাৰ,
এইম্ছৰ অপাৰেশ্যন থিয়েটাৰ ?
মাৰ্ক্সবাদ, সাম্যবাদ
উঁয়ে খোৱা দলিল,
জীৱন গঢ়াৰ সপোন নৱকান্তৰ ।

ৰাজফেঁটীৰ বিহ
বস্তিৰ অমৃত ।
জীয়াই থাকে তথাপি জীৱন,
জীৱন নহয় যেন
শব্দৰ কাৰচাজিত জীয়াই থাকে
মগজুৰ কছৰতৰ সমল ।

ন্যায় ক’ত, ধৰ্মৰাজ !!
********************

Wednesday, August 31, 2011

এখন মুকলি চিঠি

আহাচোন আহা সখী
জোনাকতে বহোঁ এদিন
বহুদিন আকাশৰ তৰা লেখা নাই,
বহু ৰাতি পাৰ হ’ল
জীৱিকাৰ খুচুৰা হিচাপ কৰি ।
ৰাতিৰ আকাশে,
আমাৰ চিনাকি আকাশে
কিজানি কান্দিছে উষ্ম আশাৰে,
জোনৰ চকুলোৰে ওফন্দি উঠিছে
ইপাৰৰ লুইত, সিপাৰৰ কাৱেৰী ।

তোমাৰ সময় হ’লে
মোৰো যে সময় হ’ব,
মোৰ সময় হ’লে
তোমাৰো সময় হ’ব,
বাৰিষাৰ তেনে এটি ৰাতিপুৱা
তুমি আৰু ময়ে সখী,
মাইনুৱে ভাইটিয়ে
(বাইদেউজনী বিয়া হৈ গ’ল)
বৰষুণত তিতিম,
কিমানযে ভাল লাগিব
বৰষীত নাপালে মাছ
ভেকুলীকে তুলিম ।
মন গ’লে বাৰু
পথাৰৰ বোকা খচকিম
নহ’লে পাৰত বহি
বালিমাহীৰ নাচোন চাম ।
পৃথিৱীৰ সৰল হাঁহি
বতাহত ভাঁহি আহি
আমাৰ বুকুতো উঠিব বাজি ।

এইবোৰতে আছে সখী
আমাৰ জীৱনৰ ‘ফিল’ছ’ফী’,
মৰমে গধূৰ কৰা
হৃদয়ৰ নিবিড় দাবী ।

বৰ ভাগৰ লাগে নেকি
জীৱনটো বুজি বুজি
নুবুজা ভাৰৰ নেওঁতা মাতি ।

ভাল লাগে শুক্লেশ্বৰ ঘাটৰ সূৰ্যাস্ত,
ভাল লাগে চাই দাৰ্জিলিঙত
একেটা সূৰ্যৰ পুনৰ্জন্ম,
অকলে চাই ভাল লাগেনে
কাষত থাকিলে মৰমৰ আব্দাৰ ।
আত্মাৰ আহাৰ বিচাৰি
আমি ঘূৰি ফুৰোঁ সখী,
এই যাত্রাৰ শেষ নাই,
জীৱনৰ বতৰা বিলাই
উৰি ফুৰে এহাল টুনটুনী ।

আমি বহুতেই শুনা নাপাওঁ
দেখা নাপাওঁ,
পঢ়ি থাকোঁ মাথোঁ
চাইক’ল’জীৰ ওলোটা বুৰঞ্জী ।

সেয়ে সখী আজি
তোমাক মাতিছোঁ,
আহাচোন
জোনাকতে বহোঁ !
গলি গলি যাব জোন,
তোমাৰ দীঘল চুলিৰ মাজত
মুকলি হ’ব জীৱনৰ দৰ্শন,
জপাই থ’ম চাইক’ল’জীৰ পুৰণি বহী ।
*********************************

Saturday, August 6, 2011

দেহ যাৰ শ্ৰমৰ সীমান্ত

পুৱতি নিশাৰ এঙামূৰি ভাঙি
এদিন আমি গৈছিলোঁ
আমাৰ হাড় আৰু মাংসৰ বোজা কঢ়িয়াই
শিল আৰু লোহাৰ বুকুৰে,
সিপাৰে আছিল আমাৰ সৃষ্টিৰ সূৰ্য ।
আমি পাৰ হৈছিলোঁ
এক-দুই-তিনি কৰি
ক্রমাগত একোটা পুৰণি নম্বৰ ।
আমাৰ সংগী
বাটে-ঘাটে এৰি যোৱা
ভঙা-চিঙা এটি-দুটি
তপত ধোঁৱা আৰু নিশাহৰ গোন্ধ সনা
প্রাচীন ষ্টেচন,
একেই গাঁও
সেই একেই নগৰ
যন্ত্রণাগ্রস্ত কিছু খুচুৰা মুহূৰ্তৰ ।

কিয় জীয়াই থাকে এই অনুপাত
জাৰজ বতাহত কিয় ভাঁহি ফুৰে
অস্পৃশ্য আকাংক্ষাৰ ভিৰ,
সমিধান বিচাৰি তাৰ
হাহাকাৰ কৰা নাই আমি
বুঢ়া লুইতৰ বালিৰ শূন্যতাত
অথবা হুগলীৰ পাৰৰ ব্যস্ততাত ।
আমি মাথোঁ পাৰ হওঁ
ঘড়ীবোৰ চাই চাই,
মিনিটৰ কাঁটা বাৰত লাগি
কেতিয়া ঘণ্টাবোৰ মিনিট হয়
আৰু শেষ হয় আমাৰ অপেক্ষাৰ অন্ধকাৰ ।

জৰায়ুৰ আন্ধাৰতো জীয়াই থাকে মানুহ
জীৱন আৰু জীৱিকাৰ তিনিটা উলুটিও মানুহ,
খড়গপুৰৰ খালী বটলত
থক্ থক্ ঠাণ্ডাত
জীৱিকাৰ আকাশ বিচৰা শিশুটিও মানুহ,
আমিতো নোৱাৰোঁ;
সিহঁত মানুহ নহয়, তেনে
আমি কি মানুহ ?
দেহ যাৰ শ্ৰমৰ সীমান্ত
সিহঁতৰ সূৰ্য নাই, তেনে
সূৰ্য কাৰ ? আমাৰ ভৱিষ্যতৰ !!

(ৰচনাকাল: জুন,২০০৩, ৰেলত যেতিয়া প্রথমবাৰৰ বাবে বাংগালোৰলৈ আহিছিলোঁ কিছুমান সপোন সাৱটি)