Sunday, May 29, 2011

প্রেমহীনতা

সপোন নদীৰ ঘাটতে

তুমি আছিলা মোৰ কাষতে,

তুমি অবিহনে আজি

প্রেম হ’ল একাদশী,

হৃদয়ৰ সাঁচিপাতত লিখা

মনৰ বাতৰিবোৰ

গ’ল যে উৱলি ।


লহিওৱা বেলিয়ে সন্ধিয়াৰ পৃথিৱীক

নিয়ৰৰ চুমা যাছি

গ’ল যে আঁতৰি,

তৰাৰ দেশতে জোনবাই

অকলে থাকে উজলি,

তুমি অবিহনে আজি

প্রেম হ’ল একাদশী ।


পুঁৱতি নিশাৰ সপোন ভাঙি

কাঁচিয়লি ৰ’দৰ জিলিকনি সানি

ক’ৰবাৰ পৰা তুমি যদি আহা

অ’ মোৰ অনামী প্রিয়া,

উৱলি যোৱা সাঁচিপাততে

আকৌ এবাৰ লিখিম

হৃদয়ৰ বতৰা ।

লোড্-শ্বেডিং

এদিন আমি জোনাকত বহি

কথা পতাৰ কথা আছিল,

সহজ মৃত্যুৰ বিষয়ে

জীৱিকাৰ মৃত নগৰীৰ

ব্যস্ত এক প্রান্তৰত ।


আমাৰ বাৰ্তালাপ আগবাঢ়িলে

বিষয় হ’ব অসংখ্য অখ্যাত গাঁও আৰু চহৰ

যিবোৰৰ ঠিকনা থাকে হৃদয়ত,

আৰু আমি নেদেখা বহুতো অৰণ্য

কংক্রীটৰ অথবা পাইন গছৰ ।


এদিন আমি সময় উলিয়ালোঁ,

হৃদয়ৰ উত্তাপে বোলাই যাব

নিৰ্লিপ্ত অৱবাহিকা,

আমি কথা পাতিম

বহুত কথা পাতিম ।

আৰু যেন বাকী নৰয় একো ।


এক দুই তিনি চাৰি ছেকেণ্ড............

সময় বাগৰিল,

আমাৰ বাবে আকাশ মুকলি নহ’ল

আমি জোনাক বিচাৰি নাপালোঁ,

আমাৰ বাবে থাকিল মাথোঁ

নিয়ন উজ্জ্বল গধূলিৰ কৃত্রিমতা ।


আমাৰ বিষয় সলনি হ’ল,

আমি কথা পাতিলোঁ

টকা-পইচা আৰু

সন্মানীয় জীৱিকাৰ বিষয়ে,

তোমাৰ পোছাক আৰু

মোৰ চুলিৰ বিষয়ে,

মোৰ নুবুজা কবিতা

আৰু অহংকাৰী চৰিত্রৰ বিষয়ে ।


শেষত

তোমাৰ মোৰ ওপৰত অভিমান হ’ল !

তুমি আক্ষেপ কৰিলা,

আমাৰ পতাই নহ’ল

পাতিব লগা বহুতো কথা ।

আমি মাথোঁ শেষ কৰিলোঁ

অনৰ্থক সময়-খৰছৰ কছৰৎ ।


ভাবিছোঁ

আকৌ এদিন সময় উলিয়াব লাগিব ।

আকৌ এদিন বিচাৰিব লাগিব জোনাক

আৰু মুকলি আকাশ

লোড্-শ্বেডিঙৰ সময়ত ।


হয়তো, তাৰ পিছত

আকৌ এদিন............................... ।

Friday, May 27, 2011

বিষয় : নাৰী

সৰু্তে পৰীৰ সাধু শুনি
পখিলাৰ দৰে নাচি ফুৰা ছোৱালী এজনী
বেদান্ত দৰ্শনৰ কৱলত পৰি
নিৰুদ্দেশ হৈছিল কাৰাৱালাত ।

দৰা-কইনা খেল খেলোঁতে খেলোঁতে
তাই পৰ্যনমিত হৈছিল এটা পুতলালৈ,
আৰু
ভাল ৰিজাল্ট কৰা ভাল ছোৱালী সজাই
স্বৰ্গৰ দৈত্য অথবা
নৰকৰ দেৱতাৰ বাবে
তাইক প্রস্তুত কৰা হৈছিল ।
(স্বামীসে স্বৰ্গ, স্বামীসে পৰম ধৰ্ম)

বাৰ বছৰ বয়সত
চয়তানে তাইৰ গাত বাহ লৈছিল,
ঈশ্বৰৰ অভিশাপ
এইবাৰ তাই পৰিৱৰ্তিত হ’ল এটা চেক্স-পুতলালৈ ।
(মাইকত ভাঁহি আহে যৌৱনৰ অবুজ বিননি)

হাজাৰ বছৰীয়া হজৰতে
মেদিনাৰ কবৰৰ পৰা উঠি আহি
তাইক পিন্ধাই দিলে অপ্রেমৰ বোৰ্খা,
লালায়িত যাতে নহয়
‘ভগৱান ইন্দ্র’ অথবা ‘প্রজাপিতা ব্রহ্মা’ ।

এইবোৰ কথা তাইক শিকোৱা হ’ল
নতুন চলনাৰে,
অবিজ্ঞানৰ নৱ নৱ ব্যাখ্যাৰে,
দেৱতাৰ অভিশাপত (?)
জন্মা নাৰীৰ প্রতিশ্রুতিৰে ।

এদিন মৰা সাগৰৰ পৰা উঠি আহিল
এটা পোক ক্রমবিকাশৰ বুৰঞ্জীৰে,
আহি ছোৱালীজনীক শিকাবলৈ ল’লে
মানুহ হোৱাৰ বিজ্ঞান ।
নাৰীৰ পৰা মানুহ
পুৰুষৰ পৰা মানুহ ।

তাইৰ কৃষ্ণ হেৰাই গ’ল
পুৰাতন কৃষ্ণ,
ঈশ্বৰৰ মুখা পিন্ধি
মানুহ হ’বলৈ পাহৰা কৃষ্ণ ।

লাহে লাহে মানুহ হ’বলৈ ধৰা সেই নাৰীৰ মাজত
হাহাকাৰ কৰি উঠিল
ইতিহাসৰ পাতে পাতে লাঞ্চিতা
হাজাৰে হাজাৰে শতৰূপা, বৃন্দা,
জুবেইদা, আয়েছা, দ্রৌপদী আৰু সীতা ।

সেই হাহাকাৰৰ পৰা মুক্তি যদি আছে
জীৱনৰ বুৰঞ্জী পঠনত আছে
মানুহৰ প্রেমত আছে,
আৰু আছে মগজুৰ দেহজ আত্মাত ।
পাৰ হৈ বেদনাৰ সমুদ্র-প্রপাত,
শেষ কৰি অসাম্যৰ মন্ত্রোচ্চাৰ
তেনে নাৰীয়ে শিকাব পাৰে মানুহক
জীৱনৰ আদি পাঠ ।
তছলিমা নাছৰিন তো্মাক ধন্যবাদ !!

মৃত মহাকাব্য

পৃথিৱীৰ আজি আয়ুস কিমান ?
কিমান যুগৰ ইতিহাস ?
লিপিবদ্ধ হ’ল কিমান
মৃত মহাকাব্যৰ পাণ্ডুলিপি ?
সৃষ্টিৰ পাতনিৰ সেই আদিম নাৰী
আদিম সেই জননী পৃথিৱীৰ,
সীতাৰ পুনৰ্জন্ম হয় অশোক বনত ।

ৰেল ষ্টেচনৰ পৰা জীৰ্ণ ফুটপাথ
সেমেকা গলিৰ পৰা জটায়ুৰ বন্দৰ,
সেই প্রান্তৰলৈ বিস্তীৰ্ণ-বিশাল
আমাৰ মহাকাব্য ।
আমাৰ অৰ্জুন নপুংসক বৃহন্নলা
আমাৰ পূৰ্বজ অন্ধ ধৃতৰাষ্ট্র ।
আমাৰ ৰামচন্দ্রই নপঢ়ে ডিভাইন কমেডী
ফুটপাথত ধৰ্ষিতা হয় ৰজস্বলা দ্রৌপদী ।
আমাৰ কৃষ্ণ নাই ।
জীৱিকাই কবৰ দিয়া ভীষ্ম পিতামহ
ৰাতিৰ গছৰ দৰে স্থানু ।
স্থানু এই নিশাৰ অৰণ্যত
আমাৰ সভ্যতাৰ ভৱিষ্যৎ
মহেঞ্জাদাৰোৰ জঁকা ।
আমাৰ প্রতিটো সন্তা্নৰ বাবে আছে
ট্রেজিক কৰ্ণৰ জন্ম যাতনা ।

শূন্যতাৰ এই পাণ্ডুলিপি
শূন্যৰে পূৰোৱাৰ পুৰণি খেল,
ক’লা-বগা দুই-এটি আঁক-বাঁক জীৱন-প্রেমৰ ।
তাৰ মাজতে থাকে
মৃত মহাকাব্যৰ একোটা জীৱিত অধ্যায় ।
জন্ম হয় আমাৰ মাতৃ টেৰেজাৰ,
জন্ম হয় মেৰীৰ সন্তান,
সিদ্ধাৰ্থৰো জন্ম হয় এই আলিদোমোজাত ।
জীৱন আৰু প্রেমৰ বাবে
মহাযুদ্ধই জন্ম দিয়ে নাইটিংগেলক ।
উন্নাসিক গৱেষকে প্রশ্ন কৰে
সঁচাকৈয়ে জানো ঊনৈশ সাতচল্লিছ মহাত্মাৰ দান
নে এয়া ভাৰতৰ অভিশাপ ?
মানুহক কোনে কিমান ভাল পালে
ইতিহাসে কেতিয়া কাক ভুল বুলি ক’লে
তাৰ লেখ ৰাখি লাভ নাই,
মহাকাব্যৰ পাতে পাতে লিখা আছে
পৃথিৱীৰ বাবে প্রেমৰ অহংকাৰ ।

আমাৰ সান্ত্বনা নাই
আত্মাৰ প্রশান্তি নাই, ব্যাসদেৱ
তোমাৰো সান্ত্বনা নাই ।
কাব্যৰ কোনো শেষ নাই
যন্ত্রনাৰ একো ভাষা নাই,
মৃত পাণ্ডুলিপিকো কুটে ৰূপালী পোকে ।
তথাপি জানো শেষ আছে ? শেষ নাই
এই নিথৰ চাহাৰাৰ আদিগন্ত শূন্যতাৰ ।
আমাৰ গতিৰ শেষ নাই । নৱকান্ত,
আমাৰ যাত্রাৰ সীমা নাই ।
আমাৰ হাড়ত গজা বনেও
সম্ভেদ দিব এক নতুন পৃথিৱীৰ ।
যদি সি হয় দুৰ্যোধন
কোনোবা কৃষ্ণই আহি ঢাকি দিব
চেতনা গান্ধাৰীৰ
প্রতিজ্ঞা ৰক্ষাৰ বাবে দুৰ্বল অৰ্জুনৰ (?)

মৃত সভ্যতাৰ জঁকাৰ পৰা জন্ম হয়
বেহেলাবাদক আইনষ্টাইন আৰু
বিশ্ব-সংহতিৰ প্রেমিক নিউটনৰ ।
মট’নিউৰন আৰু ক্লেদাক্ত দেহেৰে জন্মে হকিং
আমাৰ প্রাৰম্ভৰ হকিং ।
শূন্য এটি আঘাতত হঠাতে জাগে সময়,
আমাৰ প্রাণৰ সময়
আৰু এই জগতৰ ।

গতিৰ বিকল্প নাই,
জীৱনীৰ দাম নাই
আছে জীৱনৰ
মহানাদ মুহূৰ্তৰ সেই অসীম ঘনত্বত ।
জীৱনীৰ অন্ত হয় য’ত
তাতেই পাতনি মহাকাব্যৰ,
মৃত হ’ব পাৰে
তথাপি জাগে সময়
দুটি-এটি বিফল মুহূৰ্তৰ
পোহৰ যদিও লক্ষ্য আন্ধাৰৰ ।

খিৰিকি কাষৰ দুৱাৰত
টক্ টক্ শব্দ কৰি
অ’ভাৰ-কোট পিন্ধি
ৰৈ থাকে ব্রহ্মা, মুখাৰে সৈতে
আমাৰ চিৰদিনৰ ব্রহ্মা ।

সখী

নিশাৰ জোনাকে পুৱাৰ নিয়ৰক
মুনি-চুনি বেলিয়ে সন্ধিয়াৰ জোনাকক
সখী বুলি ক’লে,
পৃথিৱীয়ে হাঁহি মাৰি আকাশলৈ চালে,
সেই আকাশ বিশাল আকাশ
সেই জোনাক নিবিৰ জোনাক
আমাৰ মৰমে গঢ়া সৰল বিশ্বাস ।

তাৰ পিছত,
সেই একেই গভীৰ আশা
জোনাক গলি গলি নিজম পৰা নিশা ।

আমি সখী কি সুৰে
আমি সখী কি সুখে
পৃথিৱী গঢ়িম কোৱা ?
স্থবিৰ সূৰ্য আমাৰ
ভাঙি চিঙি য’ক,
আমাৰ আকাশ শৰা্লি আকাশ হ’ক ।

আজি যদি আঁউসীৰ অতৃপ্তি আছে
কাইলৈ প্রতিপদৰ পোহৰ আছে
তাৰ পিছতো এআকাশ জোনাক আছে ।
আন্ধাৰ থাকিব পাৰে,
তথাপি আমাৰ পৃথিৱী আমাৰেই
আমাৰ আকাশো আমাৰ ।

আমি সখী যি সুৰে গঢ়িম
তাতেই আমাৰ শান্তি হ’ব,
তাৰ বাবে যদি আহে দূৰণিত চাকনৈয়া
তাৰ বাবে যদি উঠে জোৱাৰৰ অচিন সাগৰ,
তাত আমাৰ কি দোষ আছে কোৱা ?
আমি মাথোঁ জানো এটাই সত্য
আমাৰ জীৱনে ৰিঙিয়াই কয় সেই অকণি সত্য ,
আমাৰ হৃদয় সেই সখীৰেই হেঁপাহৰ কণমানি ঘৰ


আমাৰ আকাশত সেই এটাই চন্দ্রমাৰ পোহৰ ।

বিষাদ

কোনেও উমঘাম নোপোৱাকৈ
ধূলিয়ৰি পছোৱা এজাকে
ফাগুণ অহাৰ বতৰা দি গ’ল,
লঠঙা শিমলুজোপাৰ ওপৰত
ওপঙি আছিল অকলশৰীয়া জোনটো !

প্রেম

জীৱনৰ যতি,
য’ত ঠিয় হৈ
ঘূৰি চাওঁ আমি
এৰি অহা অনেক
দিন আৰু ৰাতি !!