Thursday, November 17, 2011

কাঁচঘৰ

জিকি-মিকি ৰাতি
কল-কল গতি,
জীৱিকাৰ সমুদ্ৰত অনিৰুদ্ধ প্ৰীতি,
শৃংখলাবিহীন জীৱনৰ কথোপকথন
বন্দী বিহংগৰ মুক্তিৰ প্ৰয়াস অনলস,
আজি যে এয়া নিৰুদ্ধ প্ৰস্তাৱ ।
ক’ৰবাত হেৰাই যাব খোজে হৃদয়ৰ সমস্ত বাৰ্তালাপ ।
পলাবা ক’লৈ মন-দাপোণৰ গৰাকী,
নিজৰ মাজতেই বন্দী জীৱনৰ সন্তান;
প্ৰাত্যহিক নিসংগতাই
ক্ৰমে নিসংগ কৰি যায় সমস্ত জগৎ,
বা-বতাহ আৰু হা-হুতাহ ।
সংগ ক’ত পাবি দুৰকপলীয়া
জীৱন-জাঁজিৰ পাৰ ভঙা সোঁত,
উটুৱাই লৈ যাব মাণিকী-মধুৰী, সোণালী-সুৱদি,
গঢ়িব খোজা গম্বুজৰ সজা-ভঙাৰ ইতিহাস ।
দূৰ ক’ৰবাত ৰিণি ৰিণি শুনা যাব
ভাঙি যোৱা কাঁচঘৰৰ থুনুক-থুনুক জুনজুননি,
মানুহে সাজিব খুজিছিল মানুহৰ বাবে
জীৱন জয়ৰ মহাৰথ,
তাৰ চকাৰ তলত পিষ্ট হৈ ৰ’ল জীৱনৰ সন্তান ।
ছন্দবিহীন গীতৰ কলি,
জিকি-মিকি ৰাতি
কল-কল গতি,
সংগ ক’ত পাবি
দুৰকপলীয়া নিসংগ
প্ৰতিখন সমুদ্ৰৰ ধ্বনি ।
*******************************

Wednesday, November 16, 2011

সাধুকথা

“পাৰ চৰাই উৰি গ’ল
পালে নদীৰ পাৰ...........”
সাউদৰ পুতেকে নদীৰ বুকুত নাও মেলি
পাৰ চৰাইক মাতিলে –
আহা মোৰ বুকুৰ পঁজাত ৰুণ দিয়াহি ।
পাৰ চৰাই গুচি কমলাকুঁৱৰী হ’ল,
জলকোঁৱৰৰ সপোন ।
সাউদৰ পুতেক বাৰীকোঁৱৰ হ’ল
নাও-নাৱৰীয়া সকলো পানীত বুৰ গ’ল
কমলাকুঁৱৰী জলকোঁৱৰৰ হ’ল
মানুহৰ বাবে, গানৰ বাবে
বাৰীকোঁৱৰ অকলশৰীয়া হ’ল ।
মোৰ পথাৰৰ ধান খাবলৈ নাহিবি
হুৰ হুৰ বটা চৰাই
এতিয়া মই শুনি আছোঁ
চিলনীৰ জীয়েকৰ সাধু,
মাটিলৈ বৈ পৰা চুলিকোছা বগাই
উঠিব খুজিছোঁ আশাৰ চাংঘৰত,
তেজীমলাই ফুল হৈ গাই আছে –
“হাতো নেমেলিবি, ফুলো নিচিঙিবি...........”
****************************

চিৰন্তন

যিদিনা মই শুই থাকিম কফিনৰ কোলাত,
তোমালোকৰ বাবে একোৱেই অস্বাভাৱিক নহ’ব
একোতেই বিচাৰি নাপাবা কিবা উল্লেখনীয় পৰিৱৰ্তন ।
কিন্তু মোৰ বাবে
নোহোৱা হৈ যাব অনুভূতিবোৰ
শামুকৰ গতিৰে যিবিলাকে
এখন সেউজীয়া দলিছাত বগাই ফুৰিছিল ।

হালধীয়া পাতবোৰ সৰি যাওঁতে
মইও দুখৰ বুকুত মুখ গুজি উচুপি উঠিছিলোঁ,
লাহে লাহে নতুনকৈ সেউজীয়া পাত গজিছিল
আৰু মই পাহৰি গৈছিলোঁ
সৰি যোৱা পাতবোৰৰ কাহিনী ।

ঠিক তেনেকৈয়ে
পুনৰাবৃত্তি ঘটিব মোৰ
তোমালোকৰ মাজত
যিদিনা মই শুই থাকিম
কফিনৰ কোলাত
নি:শব্দে নিৰৱে
আৰু
ঠিক এডাল শুকান কাঠৰ দৰে ।
**********************

পথ-সন্ধান

কোনটো ঘৰত টুকুৰিয়ালে খোল খাব
এখন সম্ভাৱনাৰ দুৱাৰ,
কোনটো আলিয়েদি গ’লে পোৱা যাব
কোনোবা অভাৱী কবিৰ বাসস্থান,
ঠিক কোনজন মানুহক খুজিলে
ভোকাতুৰ প্ৰাণ এটিয়ে পাব
দুটা সিকি আৰু তিনিটা টকা
এটা ৰুটীৰ দাম,
এই সকলোবোৰেইতো কোনেও নাজানে !
আৰু কোনেও নাজানে
কোনখন চেলুনত বা কোনটো শৰীৰত
লুকাই থকা নাই এইডছৰ গোন্ধ,
কোনটো চুবুৰি এতিয়াও মজা নাই গোলাপী নিচাত,
এতিয়াও কোনজন ভোকাতুৰ নিবনুৱাই
হাতত তুলি ল’ব নোখোজে নিষিদ্ধ পিষ্টল
বা কোনখন আদালতত এতিয়াও পৰা নাই হত্যা আৰু ধৰ্ষণৰ গোচৰ !
আৰু এইবোৰ একোৱেই নাজানে বাবেইতো
বগা কপৌযুৰি উৰি ফুৰে
দূৰেৰে আৰু ওচৰেৰে
নৈশব্দৰ মাজেৰে কিন্তু সশব্দে,
তেজে ধোৱা দোকমোকালি
আৰু হালধীয়া সন্ধ্যাবেলাৰ দুখবোৰ
নিশাৰ কলিজাত সাঁচি সাঁচি...................
*********************************

মৃতদেহৰ চিনাকি

মৃতদেহবোৰৰ গলিত
মোৰ মৃত্যু হোৱাৰ পিছত
সমাধিস্থলীত এপিটাফ্ খোদিত কৰা
শিল্পীজনক বিচাৰি মই কবৰখানালৈ গৈছিলোঁ,
তাত ঘূৰি ফুৰা মৃতদেহবোৰৰ এটাই
মোক শিল্পীৰ ঠিকনাটো দিছিল ।
কবৰভূমিৰ এচুকত এটা পৰিত্যক্ত গাঁতত
হাতুৰী-বটালি লৈ ব্যস্ত আছিল শিল্পী,
মৃতদেহৰ দৰে জীৰ্ণ-শীৰ্ণ তেওঁৰ হাতভৰি
মৃতদেহৰ দৰেই বীভৎস তেওঁৰ হাঁহি,
আৰু জকজকাই ওলাই থকা কামিহাড় ।

মোক দেখি (নে শুনি) সুধিলে –
মই হিন্দু নে মুছলমান, বৌদ্ধ নে জৈন, শিখ নে খৃষ্টান
নে মই এজন অধৰ্মী নাস্তিক;
মোৰ মৃত্যুৰ আগমুহূৰ্তত মোক
কোৰাণ শুনোৱা হৈছিল নে গীতা,
নে মোৰ বুকুত আঁৰি দিয়া হৈছিল এটা ক্ৰছ !

মই ক’লোঁ – মোৰ চিনাকি,
মই মাত্ৰ এটা গেলিব ধৰা মৃতদেহ ।

ঢেকঢেকাই হাঁহি উঠিল শিল্পী,
কাৰণ সোধাত ক’লে –
মৃতদেহৰ চিনাকি মাথোঁ মৃতদেহ বুলি ক’ব পৰাজন
কেতিয়াও সঁচাকৈয়ে মৃতদেহ হ’ব নোৱাৰে !
নিজকে খেপিয়াই চাই দেখিছিলোঁ
তেতিয়াও মোৰ মৃত্যু হোৱা নাছিল ।
********************************

Saturday, November 12, 2011

হে যাযাবৰ !

তুমি এটি যাযাবৰ,
তুমি কৰা নাছিলা কোনো ঘৰ বিচাৰি হাহাকাৰ
আমাৰ হৃদয়েই তোমাৰ ঘৰ ।
তুমি মাথোঁ এজনেই
তাকেই কৈ গ’ল তোমাৰ কণ্ঠই,
তোমাৰ সুৰে, তোমাৰ গানে
আৰু তোমাৰ অযুত আবেগে ।

নাছিল যদিও তোমাৰ মনত
তুমি অবিহনে আজি আমাৰ মনত হাজাৰ হাহাকাৰ,
জাতিৰ নায়ক তুমি
আমাৰ ক্ষুদ্ৰতাই তোমাৰ আকৰ্ণ স্পৰ্শ নকৰিলে,
মাথোঁ দি গ’লা অলেখ সুৰ, অগণন মহানাদ
যাৰে আমি মহান হ’ব পাৰোঁ ।
তুমি অবিহনে কোন ?

তোমাৰ প্ৰতিটো শব্দই আমাক
প্ৰেৰিত কৰে বিচাৰিবলৈ
মানৱতাৰ হেৰোৱা অৰ্থ,
প্ৰেমৰ আকূল স্পৰ্শ,
মিলনৰ মহাস্ৰোত
আৰু জীৱনৰ অনাবিল আমেজ ।

শিল্পী তুমি তোমাৰ মনৰ
শিল্পী তুমি আমাৰ প্ৰাণৰ
শিল্পী তুমি অসমৰ, ভাৰতৰ
শিল্পী তুমি বিশ্বৰ মানুহৰ ।

হে মহানায়ক,
তোমাক সুঁৱৰিলে আমাৰ বাবে সহজ হ’ব
জীৱনৰ প্ৰতিটো আঘাতৰ সময় ।
লুইতৰ পৰা গংগালৈ
মিছিছিপিৰ পৰা ভল্গালৈ
ৰূপান্তৰৰ যাত্ৰী
আমাৰ বৰ্তমান আৰু ভৱিষ্যতে
তোমাৰ গানত বিচাৰিব
যাযাবৰী প্ৰেমৰ বিশ্বায়িত সুবাস ।

তুমি আমাক মহান কৰি গ’লা,
তোমাক ধন্যবাদ !
হে মহীৰূহ, তোমাক প্ৰণাম !

কলিং-বেল্

পৃথিৱীৰ চুকে-কোণে
অসংখ্য সৰু সৰু
গাঁও আৰু চহৰ,
তাৰে মাজে মাজে
বহুতো ডাঙৰ ডাঙৰ ঘৰ,
ঘৰবোৰত এখনকৈয়ে দুৱাৰ
সকলোবোৰ একেই বহল,
চৌদিশে সেই একেই ইটাৰ দেৱাল,
দুৱাৰৰ কাষত ওলমি থাকে
একোটা কলিং-বেল্ ।
সঘনাই আলহী অহা ঘৰবোৰত
কলিং-বেল্ বেছিকৈ বাজে,
কলিং-বেল্ নথকা দুৱাৰবোৰ অৱশ্যে
প্ৰায়েই খোলা থাকে ।
কাৰেণ্ট নাথাকিলে কলিং-বেলবোৰৰ
কিজানি খুব বেয়া লাগে,
কাৰণ তেতিয়া চিনাকি বা অচিনাকি
কাৰোৱেই স্পৰ্শ সিহঁতৰ গাত নালাগে ।
কাৰেণ্ট নাথাকিলে আলহীবিলাকেও
বৰ অস্বস্ত্বিত ভুগে,
তেওঁলোকে লগাতকৈ বেছিবাৰ
দুৱাৰত টোকৰ মাৰে,
গৃহস্থৰ খং উঠে
বিৰক্তিত দৰ্জা খুলি দিয়ে
আৰু
এটা মিঠা হাঁহি অথবা
বেঁকা ওঁঠেৰে সম্ভাষণ জনায় আলহীক ।
আলহীয়ে চাহ খায়, তামোল খায় ।
যাবৰ সময়ত হ’লে
কলিং-বেলক কোনেও মাত নলগায় ।

কলিং-বেল্ নথকা দুৱাৰবোৰতো
একোটা কলিং-বেল্ লগোৱা ভাল,
কাৰণ আজিকালি
আলহীৰ পৰা ডকাইত হ’বলৈ
বেছিপৰ নালাগে আৰু
ডকাইতে কাহানিও কলিং-বেল্ নবজায়,
লাগিলে সেয়া হওক হৃদয়ৰে দুৱাৰ ।

দুৱাৰৰ কাষত কলিং-বেল্
চিৰদিন ওলমি ৰয়,
সাক্ষী হৈ ৰয়
আলহীবোৰৰ অহা আৰু যোৱাৰ ।
কলিং-বেলে অৱশ্যে হিচাপ নাৰাখে
কোন আছিল চিনাকি
অথবা কোন অচিনাকি ।