মোৰ প্রেম পৃথিৱীৰ প্রতি, মানুহৰ প্রতি (লিখকৰ দ্বাৰা সৰ্বস্বত্ত্ব সংৰক্ষিত)
Tuesday, June 14, 2011
মহানগৰ
বুৰঞ্জীৰ প্রথম যুঁজৰ
স্বাক্ষৰ এই মহানগৰ,
সভ্যতাৰ শেষ স্বপ্ন মানুহৰ ।
যুঁজি যুঁজি হাৰি গ’ল কত ইতিহাস
অজানা হৈ ৰ’ল কত যে সাথঁৰ ।
তথাপি সেই একেই সংগ্রাম
সেয়াই সভ্যতা, সেয়াই যুঁজৰ
কল্পনাৰ এভাৰেষ্ট যুগ-যুগান্তৰৰ ।
শূন্যতে ওলমি
শূন্যতে মৰহি গ’ল
কত বেবিলন,
কিমান স্বপ্ন দিগ্বিজয়ী আলেকজেণ্ডাৰৰ ।
ঈৰ্ষাৰ জুইত জাহ গ’ল
কত সোণালী লঙ্কা,
ঈৰ্ষা শেষ নহ’ল তথাপি মানুহৰ ।
সাজি গ’ল বাৰে বাৰে
সেই একেই মহানগৰ,
সভ্যতাৰ শেষ বিন্দু
কল্পনাৰ শেষ সীমা
গগনচুম্বী অট্টালিকা
যন্ত্রণাগ্রস্ত হেজাৰজনৰ ।
লাগিলে সেয়া হওঁক এঘাৰ ছেপ্টেম্বৰ
অথবা ছাব্বিশ নবেম্বৰ ।
হৰপ্পা-মহেঞ্জাদাৰোৰ স্বপ্ন
কলিতেই মৰহি গ’ল,
বাগদাদ-কাবুলত শেষ হ’ল সেই ইতিহাস,
মহানগৰ হ’ল কাউৰী-শগুণৰ আহাৰ ।
স্বপ্ন শেষ হ’ল এজাক মানুহৰ
বোবা হৈ ৰ’ল আশা
পঙ্গু হৈ ৰ’ল আমাৰ প্রাণৰ নগৰ ।
নিজৰ ঘামকে
নিজেই সাৱটি
দুৰ্গন্ধত লেটি লৈ থাকিল
মানুহৰ যন্ত্রণাৰ সাঁথৰ,
বন্ধ কোঠাত ব্যস্ত হাহাকাৰ
মহানগৰ নামৰ এক ব্যৰ্থ সাঁথৰ ।
ব্যস্ত হ’ল ইয়াত জীৱিকা
ব্যস্ত হ’ল এলান্ধু-ক’লীয়া মনৰ ডাৱৰ,
জীৱিকাই কবৰ হ’ল সৰু সৰু স্বপ্নৰ ।
তেনেহ’লে
ক’ত পৰি ৰ’ল
আমাৰ মহানগৰ।
সভ্যতাৰ শেষ স্বপ্ন
কল্পনাৰ এভাৰেষ্ট
আজিৰ মানুহৰ
আৰু অযুত যুগৰ ।
Monday, June 6, 2011
দেওবাৰ
দৈনন্দিন খুচুৰা খবৰবোৰ
বতাহত জাহ গ’লে
ঘূৰি আহে আমাৰ হেঁপাহৰ দেওবাৰ
খুলি দিয়ে সৰু সৰু হাঁহিৰ দুৱাৰ ।
জীৱিকাৰ মৃত গলিৰ পৰা উঠি আহে
সেই এটাই মাথোঁ শান্তি
এটাই মাথোঁ তৃপ্তি
আমাৰ হেজাৰ স্বপ্নক প্লাৱিত কৰা ।
সময়ৰ অগা-ডেৱাত
জীৱনৰ ধামখূমীয়াত
হেৰাই যদি যায়সেই দেওবাৰ,
বিৰক্তিত শুকাই যদি যায়
সমস্ত হাঁহিৰ থুনপাক,
কাৰ স’তে উমলিম আমি
কাক ক’ম মন খুলি
কুঁৱলীৰ ধোঁৱাৰে ধূসৰ চাকনৈয়া ।
সেয়েহে জীৱনত
সেয়েহে জীৱিকাৰ অভাৱী সমুদ্রত
প্রয়োজন আছে
এটি-দুটি মিঠা দেওবাৰ
আমাৰ হেজাৰ স্বপ্নক প্লাৱিত কৰা ।
Thursday, June 2, 2011
হৃত দিগন্ত – লুপ্ত আকাশ
অতীত-বিলাপত হেৰাই যায় প্রেম,
স্থূল দুটি আঙুৰৰ কলিত শেষ হয় মিলন-আলাপ ।
আৰু আমি আক্ষেপ কৰোঁ,
প্রেমৰ সময় নাই ।
আমাৰ কাণত অহৰহ বাজে
আমাৰ আভিজাত্যৰ বিননি,
আমাৰ সময় শেষ হয়
জীৱনৰ নিমিলা অংকৰ হিচাপ কৰি ।
স্থবিৰ আমাৰ প্রজ্ঞাই কাঢ়ি নিয়ে
সৰল নিৰল শৰালি আৱেগ,
আমি মাথোঁ পৃথিৱীক দেখুৱাও
অবুজ ব্যস্ততাৰ অজানিত খেল ।
আৰু আমি আক্ষেপ কৰোঁ,
আবেলিৰ ৰামধেনু আবেলিতে হেৰায়
আমাৰ দেখোন চাবৰ সময় নাই,
ভাগৰুৱা মগজুৰ আহৰি যে নাই ।
তথাপিও আমাক প্রেম লাগে
কংক্রীটৰ অৰণ্যত সান্নিধ্যৰ জটিলতা,
তাত আমাৰ জ্ঞানৰ পোহৰ নাই
আছে মগজুৰ আন্ধাৰ,
জীৱন জীৱন লগা সময়ৰ অভাৱত
উপত্যকাৰ সেউজীয়াই আমাৰ হৃদয় নভৰায়
দুই ওঁঠে মাথোঁ পাটীগণিতৰ নেওঁতা আওঁৰায় ।
আৰু আমি আক্ষেপ কৰোঁ
মাথোঁ আক্ষেপ কৰোঁ
সপোনপুৰত জোনাক নাই,
আমাৰ অখ্যাত দিগবলয় মৃত্যুৱেও মহান কৰি নাযায় ।
Sunday, May 29, 2011
প্রেমহীনতা
সপোন নদীৰ ঘাটতে
তুমি আছিলা মোৰ কাষতে,
তুমি অবিহনে আজি
প্রেম হ’ল একাদশী,
হৃদয়ৰ সাঁচিপাতত লিখা
মনৰ বাতৰিবোৰ
গ’ল যে উৱলি ।
লহিওৱা বেলিয়ে সন্ধিয়াৰ পৃথিৱীক
নিয়ৰৰ চুমা যাছি
গ’ল যে আঁতৰি,
তৰাৰ দেশতে জোনবাই
অকলে থাকে উজলি,
তুমি অবিহনে আজি
প্রেম হ’ল একাদশী ।
পুঁৱতি নিশাৰ সপোন ভাঙি
কাঁচিয়লি ৰ’দৰ জিলিকনি সানি
ক’ৰবাৰ পৰা তুমি যদি আহা
অ’ মোৰ অনামী প্রিয়া,
উৱলি যোৱা সাঁচিপাততে
আকৌ এবাৰ লিখিম
লোড্-শ্বেডিং
এদিন আমি জোনাকত বহি
কথা পতাৰ কথা আছিল,
সহজ মৃত্যুৰ বিষয়ে
জীৱিকাৰ মৃত নগৰীৰ
ব্যস্ত এক প্রান্তৰত ।
আমাৰ বাৰ্তালাপ আগবাঢ়িলে
বিষয় হ’ব অসংখ্য অখ্যাত গাঁও আৰু চহৰ
যিবোৰৰ ঠিকনা থাকে হৃদয়ত,
আৰু আমি নেদেখা বহুতো অৰণ্য
কংক্রীটৰ অথবা পাইন গছৰ ।
এদিন আমি সময় উলিয়ালোঁ,
হৃদয়ৰ উত্তাপে বোলাই যাব
নিৰ্লিপ্ত অৱবাহিকা,
আমি কথা পাতিম
বহুত কথা পাতিম ।
আৰু যেন বাকী নৰয় একো ।
এক দুই তিনি চাৰি ছেকেণ্ড............
সময় বাগৰিল,
আমাৰ বাবে আকাশ মুকলি নহ’ল
আমি জোনাক বিচাৰি নাপালোঁ,
আমাৰ বাবে থাকিল মাথোঁ
নিয়ন উজ্জ্বল গধূলিৰ কৃত্রিমতা ।
আমাৰ বিষয় সলনি হ’ল,
আমি কথা পাতিলোঁ
টকা-পইচা আৰু
সন্মানীয় জীৱিকাৰ বিষয়ে,
তোমাৰ পোছাক আৰু
মোৰ চুলিৰ বিষয়ে,
মোৰ নুবুজা কবিতা
আৰু অহংকাৰী চৰিত্রৰ বিষয়ে ।
শেষত
তোমাৰ মোৰ ওপৰত অভিমান হ’ল !
তুমি আক্ষেপ কৰিলা,
আমাৰ পতাই নহ’ল
পাতিব লগা বহুতো কথা ।
আমি মাথোঁ শেষ কৰিলোঁ
অনৰ্থক সময়-খৰছৰ কছৰৎ ।
ভাবিছোঁ
আকৌ এদিন সময় উলিয়াব লাগিব ।
আকৌ এদিন বিচাৰিব লাগিব জোনাক
আৰু মুকলি আকাশ
লোড্-শ্বেডিঙৰ সময়ত ।
হয়তো, তাৰ পিছত
আকৌ এদিন............................... ।
Friday, May 27, 2011
বিষয় : নাৰী
পখিলাৰ দৰে নাচি ফুৰা ছোৱালী এজনী
বেদান্ত দৰ্শনৰ কৱলত পৰি
নিৰুদ্দেশ হৈছিল কাৰাৱালাত ।
দৰা-কইনা খেল খেলোঁতে খেলোঁতে
তাই পৰ্যনমিত হৈছিল এটা পুতলালৈ,
আৰু
ভাল ৰিজাল্ট কৰা ভাল ছোৱালী সজাই
স্বৰ্গৰ দৈত্য অথবা
নৰকৰ দেৱতাৰ বাবে
তাইক প্রস্তুত কৰা হৈছিল ।
(স্বামীসে স্বৰ্গ, স্বামীসে পৰম ধৰ্ম)
বাৰ বছৰ বয়সত
চয়তানে তাইৰ গাত বাহ লৈছিল,
ঈশ্বৰৰ অভিশাপ
এইবাৰ তাই পৰিৱৰ্তিত হ’ল এটা চেক্স-পুতলালৈ ।
(মাইকত ভাঁহি আহে যৌৱনৰ অবুজ বিননি)
হাজাৰ বছৰীয়া হজৰতে
মেদিনাৰ কবৰৰ পৰা উঠি আহি
তাইক পিন্ধাই দিলে অপ্রেমৰ বোৰ্খা,
লালায়িত যাতে নহয়
‘ভগৱান ইন্দ্র’ অথবা ‘প্রজাপিতা ব্রহ্মা’ ।
এইবোৰ কথা তাইক শিকোৱা হ’ল
নতুন চলনাৰে,
অবিজ্ঞানৰ নৱ নৱ ব্যাখ্যাৰে,
দেৱতাৰ অভিশাপত (?)
জন্মা নাৰীৰ প্রতিশ্রুতিৰে ।
এদিন মৰা সাগৰৰ পৰা উঠি আহিল
এটা পোক ক্রমবিকাশৰ বুৰঞ্জীৰে,
আহি ছোৱালীজনীক শিকাবলৈ ল’লে
মানুহ হোৱাৰ বিজ্ঞান ।
নাৰীৰ পৰা মানুহ
পুৰুষৰ পৰা মানুহ ।
তাইৰ কৃষ্ণ হেৰাই গ’ল
পুৰাতন কৃষ্ণ,
ঈশ্বৰৰ মুখা পিন্ধি
মানুহ হ’বলৈ পাহৰা কৃষ্ণ ।
লাহে লাহে মানুহ হ’বলৈ ধৰা সেই নাৰীৰ মাজত
হাহাকাৰ কৰি উঠিল
ইতিহাসৰ পাতে পাতে লাঞ্চিতা
হাজাৰে হাজাৰে শতৰূপা, বৃন্দা,
জুবেইদা, আয়েছা, দ্রৌপদী আৰু সীতা ।
সেই হাহাকাৰৰ পৰা মুক্তি যদি আছে
জীৱনৰ বুৰঞ্জী পঠনত আছে
মানুহৰ প্রেমত আছে,
আৰু আছে মগজুৰ দেহজ আত্মাত ।
পাৰ হৈ বেদনাৰ সমুদ্র-প্রপাত,
শেষ কৰি অসাম্যৰ মন্ত্রোচ্চাৰ
তেনে নাৰীয়ে শিকাব পাৰে মানুহক
জীৱনৰ আদি পাঠ ।
তছলিমা নাছৰিন তো্মাক ধন্যবাদ !!
মৃত মহাকাব্য
কিমান যুগৰ ইতিহাস ?
লিপিবদ্ধ হ’ল কিমান
মৃত মহাকাব্যৰ পাণ্ডুলিপি ?
সৃষ্টিৰ পাতনিৰ সেই আদিম নাৰী
আদিম সেই জননী পৃথিৱীৰ,
সীতাৰ পুনৰ্জন্ম হয় অশোক বনত ।
ৰেল ষ্টেচনৰ পৰা জীৰ্ণ ফুটপাথ
সেমেকা গলিৰ পৰা জটায়ুৰ বন্দৰ,
সেই প্রান্তৰলৈ বিস্তীৰ্ণ-বিশাল
আমাৰ মহাকাব্য ।
আমাৰ অৰ্জুন নপুংসক বৃহন্নলা
আমাৰ পূৰ্বজ অন্ধ ধৃতৰাষ্ট্র ।
আমাৰ ৰামচন্দ্রই নপঢ়ে ডিভাইন কমেডী
ফুটপাথত ধৰ্ষিতা হয় ৰজস্বলা দ্রৌপদী ।
আমাৰ কৃষ্ণ নাই ।
জীৱিকাই কবৰ দিয়া ভীষ্ম পিতামহ
ৰাতিৰ গছৰ দৰে স্থানু ।
স্থানু এই নিশাৰ অৰণ্যত
আমাৰ সভ্যতাৰ ভৱিষ্যৎ
মহেঞ্জাদাৰোৰ জঁকা ।
আমাৰ প্রতিটো সন্তা্নৰ বাবে আছে
ট্রেজিক কৰ্ণৰ জন্ম যাতনা ।
শূন্যতাৰ এই পাণ্ডুলিপি
শূন্যৰে পূৰোৱাৰ পুৰণি খেল,
ক’লা-বগা দুই-এটি আঁক-বাঁক জীৱন-প্রেমৰ ।
তাৰ মাজতে থাকে
মৃত মহাকাব্যৰ একোটা জীৱিত অধ্যায় ।
জন্ম হয় আমাৰ মাতৃ টেৰেজাৰ,
জন্ম হয় মেৰীৰ সন্তান,
সিদ্ধাৰ্থৰো জন্ম হয় এই আলিদোমোজাত ।
জীৱন আৰু প্রেমৰ বাবে
মহাযুদ্ধই জন্ম দিয়ে নাইটিংগেলক ।
উন্নাসিক গৱেষকে প্রশ্ন কৰে
সঁচাকৈয়ে জানো ঊনৈশ সাতচল্লিছ মহাত্মাৰ দান
নে এয়া ভাৰতৰ অভিশাপ ?
মানুহক কোনে কিমান ভাল পালে
ইতিহাসে কেতিয়া কাক ভুল বুলি ক’লে
তাৰ লেখ ৰাখি লাভ নাই,
মহাকাব্যৰ পাতে পাতে লিখা আছে
পৃথিৱীৰ বাবে প্রেমৰ অহংকাৰ ।
আমাৰ সান্ত্বনা নাই
আত্মাৰ প্রশান্তি নাই, ব্যাসদেৱ
তোমাৰো সান্ত্বনা নাই ।
কাব্যৰ কোনো শেষ নাই
যন্ত্রনাৰ একো ভাষা নাই,
মৃত পাণ্ডুলিপিকো কুটে ৰূপালী পোকে ।
তথাপি জানো শেষ আছে ? শেষ নাই
এই নিথৰ চাহাৰাৰ আদিগন্ত শূন্যতাৰ ।
আমাৰ গতিৰ শেষ নাই । নৱকান্ত,
আমাৰ যাত্রাৰ সীমা নাই ।
আমাৰ হাড়ত গজা বনেও
সম্ভেদ দিব এক নতুন পৃথিৱীৰ ।
যদি সি হয় দুৰ্যোধন
কোনোবা কৃষ্ণই আহি ঢাকি দিব
চেতনা গান্ধাৰীৰ
প্রতিজ্ঞা ৰক্ষাৰ বাবে দুৰ্বল অৰ্জুনৰ (?)
মৃত সভ্যতাৰ জঁকাৰ পৰা জন্ম হয়
বেহেলাবাদক আইনষ্টাইন আৰু
বিশ্ব-সংহতিৰ প্রেমিক নিউটনৰ ।
মট’নিউৰন আৰু ক্লেদাক্ত দেহেৰে জন্মে হকিং
আমাৰ প্রাৰম্ভৰ হকিং ।
শূন্য এটি আঘাতত হঠাতে জাগে সময়,
আমাৰ প্রাণৰ সময়
আৰু এই জগতৰ ।
গতিৰ বিকল্প নাই,
জীৱনীৰ দাম নাই
আছে জীৱনৰ
মহানাদ মুহূৰ্তৰ সেই অসীম ঘনত্বত ।
জীৱনীৰ অন্ত হয় য’ত
তাতেই পাতনি মহাকাব্যৰ,
মৃত হ’ব পাৰে
তথাপি জাগে সময়
দুটি-এটি বিফল মুহূৰ্তৰ
পোহৰ যদিও লক্ষ্য আন্ধাৰৰ ।
খিৰিকি কাষৰ দুৱাৰত
টক্ টক্ শব্দ কৰি
অ’ভাৰ-কোট পিন্ধি
ৰৈ থাকে ব্রহ্মা, মুখাৰে সৈতে
আমাৰ চিৰদিনৰ ব্রহ্মা ।