মোৰ প্রেম পৃথিৱীৰ প্রতি, মানুহৰ প্রতি (লিখকৰ দ্বাৰা সৰ্বস্বত্ত্ব সংৰক্ষিত)
Sunday, February 12, 2012
প্ৰস্তাব
সূৰুযে কৈ গ’ল কাঁচিয়লী পুৱাতে,
তোমাৰ মাতে হৃদয়ত
হেজাৰ আকাংক্ষাৰ জোৱাৰ তোলে
নিৰৱে কৈ গ’ল কুঁৱলীৰ আকাশে ।
পৃথিৱীৰ প্ৰতিমুঠি সেউজীয়াই ক’ব
তোমাৰ অপেক্ষাত পোহৰ আছে,
সেই পোহৰে উজলাই তোলা
আকাশৰ প্ৰতিটো তৰাই ক’ব
তোমাৰ অপেক্ষাত জীৱন আছে,
সেই জীৱনৰ প্ৰতিটো খোজেই ক’ব
তোমাৰ অপেক্ষাত সময় আছে ।
বয়সৰ সীমাৰেখাৰে অঁকা নাযায় হৃদয়ৰ মানচিত্ৰ
সময়ৰ লেখাত নাথাকে অনুভূতিৰ বুৰঞ্জী,
তোমাৰ আকাশৰ ৰামধেনু বুলি যদি ভাবা
চাইক’ল’জীৰ পুৰণি বহীখন জপাই থ’বা ।
Sunday, January 15, 2012
হৃদয়ৰ বিজ্ঞাপন
আছে জানো, আছে যদি দিবাচোন
তেনে কোনো নাৰীৰ ঠিকনা,
পাৰ হৈ পুৰুষৰ দেহৰ ভূগোল
যিয়ে বিচাৰিব খোজে হৃদয়ৰ নিবিড় তপ্ততা ।
যাৰ বাবে সুখৰ সংজ্ঞা সৰল
জীৱনৰ দৰে বহল,
ধনৰ অভাৱে নকমায় যাৰ মনৰ দৰদ,
প্ৰতিটো দেওবাৰ যাৰ বাবে নহয়
মাথোঁ শ্বপিং-মলৰ পাৰফিউমৰ সুবাস
আৰু অনৰ্থক তুলনাৰ বজাৰ ।
আছে যদি দিবাচোন
তেনে কোনো নাৰীৰ ঠিকনা,
সভ্যতাৰ এলান্ধু কঢ়িয়াই
লক্ষ্যহীন কৰি তোলা নাই যাক আধুনিক ব্যস্ততাই,
নিয়ন চাকিৰে উজ্জ্বল পঞ্চতাৰকা হোটেলৰ আবেলিয়ে
মচিব নোৱাৰে যাৰ মনৰ পৰা
জোনাকী পৰুৱাৰে জিল্মিল্ সন্ধিয়াৰ খবৰ ।
অনুভূতিৰ উপহাৰত নিবিচাৰে যিয়ে হীৰা-পান্নাৰ চমক,
যাৰ মন আছে জীয়াই থাকি গঢ়িবলৈ সঁচা মানুহৰ এখনি সমাজ ।
আছে যদি দিব পাৰা
তেনে কোনো নাৰীৰ ঠিকনা,
বিনিময়ত হে পৃথিৱী,
মই বিসৰ্জন দিব পাৰোঁ মোৰ সমস্ত অহংকাৰ,
প্ৰতিশ্ৰুতি দিব পাৰোঁ
অনাহূত কামনাই বিষণ্ণ নকৰা হাজাৰ প্ৰেমিক মুহূৰ্তৰ
আৰু আলফুলীয়া মৰমে আৱৰা হেঁপাহৰ এখনি ঘৰৰ ।
আছে জানো কোনোবা তেনে নাৰী ?
যাৰ লগত বিনিময় কৰিব পাৰোঁ হৃদয়ৰ ঠিকনা ।
ৰাতিৰ ৰামধেনু
পৃথিৱীয়ে হাঁহিব সুধিলে !
কাৰণ,
কোনেও দেখা নাই আমাৰ আগতে ।
তুমি আৰু মই দেখিছিলোঁ,
আবেলি আবেলি লগা এনিশা
জোনৰ পোহৰে লুকা-ভাকু খেলি
দূৰণিৰ মেঘৰ বুকুত জিলিকাই তোলা
বগা-ক’লা ৰামধেনু,
সাতৰঙ চকুৱে মণিব নোৱাৰা ।
আৰু এতিয়া
তুমিও আছা, মইও আছোঁ
একেই আছে সেই আকাশ,
ৰাতিৰ ৰামধেনু পিছে নাই !
আছে মাথোঁ অপেক্ষাৰ হাহাকাৰ ।
তাৰ ৰঙবোৰ ক’লা হয়, বগা হয়
নিশাৰ নিয়ৰত সিহঁত বিলীন হয় ।
নিৰ্জন চাদৰ ওপৰত
হুমুনিয়াহবোৰ চকুৰ মুকুতা হয় ।
আৰু
তোমাৰ ব্যাকুলতা কঢ়িয়াই
দূৰণিৰ পৰা বৈ অহা বতাহজাকে
জোনৰ বুকুত জোৱাৰ তোলে আৱেগৰ ।
চাইকেল
আৰু মোৰ আৰু বাইদেউৰ,
লগতে ভাইটিৰো
ইফাল সিফাল কৰা
ইতিহাসৰ মাথোঁ একমাত্ৰ বাহন,
সৰল হ’লহেঁতেন মোৰ দেশৰ ভূগোল ।
আইৰ ভাষা মোৰ অতিকে আপোন
এলাগী নহ'লহেঁতেন মোৰ সন্তানৰ বাবে ।
পানী-জাহাজত ভাহি নাহিলহেঁতেন চাহাবী ঢং
আৰু বৰ্ণ-বৈষম্যৰ ৰেণু,
একত্ৰিছ ডিচেম্বৰত
কেক খাই পাহৰি নগ’লোঁহেঁতেন
ৰাস্তাৰ একাষত ভোকত বাগৰি থকা
অথবা দাস্তবিনত ৰেচন বিচাৰি হাহাকাৰ কৰা
অমূল্য বৰুৱাৰ কুকুৰবোৰৰ ক্ষুধাৰ যন্ত্ৰণা ।
চাইকেলৰ হেণ্ডেলৰ প্ৰেমৰ বতাহ
প্ৰতিযোগিতাৰ কয়লাৰ ধোঁৱাৰে ধূসৰ নহয়,
প্ৰেমত সময় থাকিলহেঁতেন
আৰু থাকিলহেঁতেন
যেতিয়াই মন যায়
ব্ৰেক মাৰি ৰৈ যোৱা মৰমৰ আব্দাৰ ।
চাইকেলৰ চকাৰ স্পোকত নালাগে
সভ্যতাৰ এলান্ধু,
পেডেলত নাথাকে
প্ৰকৃতিক ভেদ কৰি আগুৱাই যোৱাৰ
পুঁজিবাদী মোহ ।
চাইকেল সেয়েহে আধুনিক মানুহৰ
সম্প্ৰীতিৰ অসম্পূৰ্ণ ৰূপ ।
যদি চাইকেলে হ’লহেঁতেন
মোৰ আৰু সকলোৰে
ইফাল সিফাল কৰা
ইতিহাসৰ মাথোঁ একমাত্ৰ বাহন,
মানুহৰ আদিম প্ৰেম জীপাল হ’লহেঁতেন
আৰু আমাক আমুৱাব নোৱাৰিলেহেঁতেন
আভিজাত্যৰ আৰামে ।
অভাৱী ঈশ্বৰে মন্দিৰ-মছজিদ-গীৰ্জা এৰি
মাটিত পৰিলহেঁতেন হাইঠাৰ দৰে,
আৰু উভতি নগ’লহেঁতেন
পংকিল আলিৰ বুকুত চাইকেলৰ চকাই
এৰি যোৱা কোমল ভিজা চিনবোৰৰ দৰে ।
কেন্সাৰ
বিজুলী বাঁহৰ পাবত সৰু এটি ঘূণ ।
আলকাতৰাৰ দৰে কঠোৰ আৰু ক’লা,
স্বপ্নক প্লাৱিত কৰাৰ খেল ।
জ্ঞানৰ আকাশ অতিকে বহল
প্ৰেমৰ আকাশৰ ক্ষুদ্ৰ পৰিসৰ ।
জ্ঞানৰ আকাশত ক’লা এটুকুৰা মেঘ
প্ৰেমৰ আকাশত জয়াল আন্ধাৰ ।
বিজুলী বাঁহৰ পাবত সৰু এটি ঘূণ ।
গোপনে গোপনে খেলি গ’ল
ধৰা নপৰাৰ খেল ।
মগজুত কিলবিলাই ফুৰে ৰাশি ৰাশি যাতনা,
স্বপ্ন দেখা দুচকুত যন্ত্ৰণাৰ ছাঁ ।
কেতিয়া কিমানৰ বুকু শুদা হ’ল
কেতিয়া কিমানে নীলকণ্ঠ হ’ল,
কাৰ মূৰৰ ওপৰৰ পৰা
প্ৰেমৰ আকাশ আঁতৰি গ’ল,
তাৰোতো হিচাপ নাই ।
মাথোঁ
বিজুলী বাঁহৰ পাবত সৰু এটি ঘূণ ।
লুকাই-চুৰকৈ খুলি খাই গ’ল
পোৱা-নোপোৱাৰ হিচাপ কৰিবৰ হ’ল ।
জমা-খৰচৰ বহীত দেখোন
জমাৰ ঘৰত একোৱে নাই
খৰচৰ ঘৰতো কেৱল চকুপানী ।
বিজুলী বাঁহৰ পাবত সৰু এটি ঘূণ,
আলকাতৰাৰ দৰে কঠোৰ আৰু ক’লা ।
জ্ঞানৰ আকাশত খেলি গ’ল
ধৰা নপৰাৰ লুকাভাকু খেল ।
আৰু যিদিনা ধৰা পৰিল
প্ৰাণৰ পথাৰত নাছিল এটাও জোনাকী ।
খৰচৰ ঘৰত কেৱল চকুপানী ।
Friday, December 23, 2011
জোনাকৰ সাধু শুনা আইতাৰ চোতাল
এপাৰ্টমেণ্টৰ শূন্যতাত অবিন্যস্ত চুলিৰে
উজাগৰী নিশাত ৰঙা পৰা দুচকুৰে
ভিডিও গে’মত মহাকাশ বিচাৰি হাহাকাৰ কৰা
ব্যস্ত আধুনিক শিশুটিক দেখি
মই কেতিয়াবা উভতি যাওঁ
জোনাকৰ সাধু শুনা আইতাৰ চোতাললৈ ।
শুকুলা ঘোঁৰাত উৰি যোৱা ৰাজকুমাৰৰ সপোন দেখা
মইনাই মোক যেন কাণে কাণে আকৌ কৈ যায়
আমাৰ মনৰ টেলিভিশ্যনৰ কথা,
কেনেকৈ বাঘ আৰু হৰিণাই লুকা-ভাকু খেলি
বহল কৰিছিল আমাৰ মনৰ আফ্ৰিকা ।
তাহানি আমাৰ গাল আৰু চোলাত
আইতাৰ তামোলৰ পিকেৰে ৰঙা পৰা চুমা ।
আইয়ে গালি পৰা নাছিল
সোধা নাছিল কেনেকৈ হ’ল লেতেৰা,
পিকৰ চুমাৰ মৰম আইয়ে ভালকৈ বুজিছিল
কাৰণ ধনৰ অভাৱে মনৰ দৰদ কমোৱা নাছিল,
আমাৰ তেতিয়া ৱাশ্বিং মেচিনো নাছিল !
আইতা আছিল আমাৰ মনৰ টেলিভিশ্যন
মহাভাৰত-ৰামায়ণ, বেউলা-হৰিশ্চন্দ্ৰৰ
নতুন নতুন এপিস্য’দে ভিৰ কৰিছিল
গৰমৰ সন্ধিয়া আমাৰ মনৰ স্ক্ৰীণত ।
আৰু শীতৰ আবেলিত চোতালৰ এমূৰত
আইতাৰ ধেমালিয়ে আৰু বেছি ৰঙা কৰা
জুইকুৰা যেন আছিল
আমাৰ কাৰ্টুন নেটৱৰ্কৰ আখৰা,
বান্দৰ-শিয়াল, কাউৰী-টিপচিৰ অলেখ অজস্ৰ খেলা ।
এপাৰ্টমেণ্টৰ শূন্যতাত অবিন্যস্ত চুলিৰে
আংকল চিপছ্ চোবাই
“ৰোদ্যিজ্” হোৱাৰ সপোন দেখা এই শিশুটোক
আমি নিদিওঁ আমাৰ শৈশৱৰ বতৰা,
তাৰ বাবে শৈশৱ মানে চুইমিং পুলৰ কম্পিটিশ্যন,
জনাই-নজনাই নাচি থকা হিপ-হপৰ ফেশ্যন ।
ককা আৰু আইতা তাৰ বাবে এসপ্তাহৰ হ’লীড্যে ছীজ্যন ।
তাৰ বাবে আইতাৰ চোতালৰ জোনাক
নিৰ্বাসিত হ’ল নিয়ন-উজ্জ্বল কৃত্ৰিমতাত,
আৰু সেই শিশুৱে যুৱক হৈ
যদিহে বিচাৰে জীৱনৰ অৰ্থ
কেৱল গোলাপী নিচাত আৰু অভিজাত অভিধাত,
আমি দোষ দিওঁ আধুনিক নিশাৰ শব্দময় নিৰৱতাক ।
Thursday, December 1, 2011
নৱেম্বৰ - ২০১১
মোক পুনৰাই জগাই নিদিবা,
যাৰ প্ৰথম সপ্তাহে
কাঢ়ি নিয়ে মোৰ মাতৃভূমিৰ সুৰ আৰু কণ্ঠৰ গান
আৰু যাৰ শেষৰ সপ্তাহত
মোৰ মাতৃভূমিয়ে পুনৰ হেৰুৱায়
তেওঁৰ অম্লান হাঁহি আৰু যাদুকৰী শব্দৰ সমাহাৰ ।
তেনেকুৱা এটি নৱেম্বৰত
মোক পুনৰাই জগাই নিদিবা,
যেতিয়া চকুপানীয়ে প্ৰকাশৰ বাট হেৰুৱায়
বুঢ়া লুইতেও ব’বলৈ পাহৰি যায়,
মানৱতাৰ প্ৰেমিক-প্ৰেমিকা একেলগে আঁতৰি যায়
আৰু আমাৰ ক্ষুদ্ৰতাই ঢুকি নোপোৱা সেই শূন্যতা
কদাচিত পুৰোৱা নাযায় ।
আৰু যদি কেতিয়াবা মোক জগাই দিয়া
ভৱিষ্যতৰ কোনোবা নৱেম্বৰত,
তেনেহ’লে মোৰ মাতৃভূমিক অতুল সাহস দিয়া,
দিয়া সেই প্ৰেৰণা
যাৰে তেওঁ সপোন দেখিব পাৰে
তেনে এক প্ৰেমৰ সেউজীয়া উপত্যকাৰ
বিশ্বই বুজিব যাক, পৃথিৱীয়ে আদৰিব যাক
যাৰ সপোন ৰচিছিল সুৰ আৰু শব্দত
সেই দুই স্বপ্নদ্ৰষ্টাই ।
প্ৰতিজন মানুহৰ আত্মাই স্পৰ্শ কৰক
প্ৰতিজন চিনাকি আৰু প্ৰতিজন অচিনাকিৰ আত্মা,
হিংসাৰ চুবুৰি গলি শেষ হক
ৰক্তপাতৰ নৈ চিৰদিনলৈ স্তব্ধ হক,
তেওঁলোকে কোৱাৰ দৰে
ইজনে সিজনৰ বাবে প্ৰেমৰ কুটীৰ সাজক ।
হে সময়, হে আকাশ
তেনে এটি ভৱিষ্যৎ যদিহে দ্ৰষ্টব্য তোমাৰ
তেতিয়াহে মোক পুনৰ জগাই দিবা
ভৱিষ্যতৰ কোনোবা নৱেম্বৰত ।
(ভূপেনদা আৰু মামণি বাইদেউৰ স্মৃতিত)