মোৰ প্রেম পৃথিৱীৰ প্রতি, মানুহৰ প্রতি (লিখকৰ দ্বাৰা সৰ্বস্বত্ত্ব সংৰক্ষিত)
Friday, February 7, 2014
প্ৰেম: জীৱন আৰু স্বপ্নৰ
Sunday, February 12, 2012
প্ৰতিশ্ৰুতি
তোমাৰ কাৰণে জোনাক হ’ব পাৰোঁ
কাহানিও আঁউসী ননমা,
মাথোঁ কোৱা
তুমি মোৰ আকাশ হ’ম বুলি ।
তোমাৰ কাৰণে নাৱৰীয়া হ’ব পাৰোঁ জীৱন নাৱৰ
হুম্ হুম্ ধুমুহাৰ অশান্ত নিশাতো,
তুমি মোৰ বাবে যদি
সাগৰ হ’ম বুলি কোৱা ।
হে প্ৰিয়তমা,
শূন্যতাৰ সমাধি খহাই
তোমাৰ বাবে সাজিব পাৰোঁ
হৃদয়ৰ নতুন কাৰেং,
কাৰেঙৰ পদূলিত তুমি যদি
আল্পনা আঁকিম বুলি কোৱা ।
সুখৰ আবেলিত অথবা দুখৰ পুৱাত
তোমাৰ কণ্ঠৰ গীত হ’ব পাৰোঁ,
মাথোঁ কোৱা
তুমি মোৰ কবিতাৰ সুৰ হ’ম বুলি ।
প্ৰেমৰ চিনাকি-অচিনাকি প্ৰতিখন দুৱাৰ
তোমাৰ বুকুতে মুকলি হ’ব,
তোমাৰ প্ৰেমেৰে যদি
মোক মহান কৰি যোৱা, হে প্ৰিয়তমা !
পূৰ্বৰাগ
‘১’
পূৰৱীৰ ৰাগিনীয়ে মধুৰ ঝংকাৰ তুলি
দূবৰিক কাণে কাণে কয়
মৰমৰ নিয়ৰ শুকাবলৈ নিদিবা,
দিনৰ ভাগৰ গুচাই সেই নিয়ৰতে
মিতালি সন্ধিয়াত জিলমিলাই থাকিব
অকণি আকাশৰ তৰা ।
‘২’
জোনাক গলা নিশাবোৰত
আমিও দেখিব পাৰোঁ সপোন,
মাটিৰ সপোন ।
মেঘকন্যাৰ সলাজ হাঁহিত
হৃদয় দাপোণত নিজকে প্ৰকাশ কৰাৰ সপোন ।
প্ৰস্তাব
সূৰুযে কৈ গ’ল কাঁচিয়লী পুৱাতে,
তোমাৰ মাতে হৃদয়ত
হেজাৰ আকাংক্ষাৰ জোৱাৰ তোলে
নিৰৱে কৈ গ’ল কুঁৱলীৰ আকাশে ।
পৃথিৱীৰ প্ৰতিমুঠি সেউজীয়াই ক’ব
তোমাৰ অপেক্ষাত পোহৰ আছে,
সেই পোহৰে উজলাই তোলা
আকাশৰ প্ৰতিটো তৰাই ক’ব
তোমাৰ অপেক্ষাত জীৱন আছে,
সেই জীৱনৰ প্ৰতিটো খোজেই ক’ব
তোমাৰ অপেক্ষাত সময় আছে ।
বয়সৰ সীমাৰেখাৰে অঁকা নাযায় হৃদয়ৰ মানচিত্ৰ
সময়ৰ লেখাত নাথাকে অনুভূতিৰ বুৰঞ্জী,
তোমাৰ আকাশৰ ৰামধেনু বুলি যদি ভাবা
চাইক’ল’জীৰ পুৰণি বহীখন জপাই থ’বা ।
Sunday, January 15, 2012
হৃদয়ৰ বিজ্ঞাপন
আছে জানো, আছে যদি দিবাচোন
তেনে কোনো নাৰীৰ ঠিকনা,
পাৰ হৈ পুৰুষৰ দেহৰ ভূগোল
যিয়ে বিচাৰিব খোজে হৃদয়ৰ নিবিড় তপ্ততা ।
যাৰ বাবে সুখৰ সংজ্ঞা সৰল
জীৱনৰ দৰে বহল,
ধনৰ অভাৱে নকমায় যাৰ মনৰ দৰদ,
প্ৰতিটো দেওবাৰ যাৰ বাবে নহয়
মাথোঁ শ্বপিং-মলৰ পাৰফিউমৰ সুবাস
আৰু অনৰ্থক তুলনাৰ বজাৰ ।
আছে যদি দিবাচোন
তেনে কোনো নাৰীৰ ঠিকনা,
সভ্যতাৰ এলান্ধু কঢ়িয়াই
লক্ষ্যহীন কৰি তোলা নাই যাক আধুনিক ব্যস্ততাই,
নিয়ন চাকিৰে উজ্জ্বল পঞ্চতাৰকা হোটেলৰ আবেলিয়ে
মচিব নোৱাৰে যাৰ মনৰ পৰা
জোনাকী পৰুৱাৰে জিল্মিল্ সন্ধিয়াৰ খবৰ ।
অনুভূতিৰ উপহাৰত নিবিচাৰে যিয়ে হীৰা-পান্নাৰ চমক,
যাৰ মন আছে জীয়াই থাকি গঢ়িবলৈ সঁচা মানুহৰ এখনি সমাজ ।
আছে যদি দিব পাৰা
তেনে কোনো নাৰীৰ ঠিকনা,
বিনিময়ত হে পৃথিৱী,
মই বিসৰ্জন দিব পাৰোঁ মোৰ সমস্ত অহংকাৰ,
প্ৰতিশ্ৰুতি দিব পাৰোঁ
অনাহূত কামনাই বিষণ্ণ নকৰা হাজাৰ প্ৰেমিক মুহূৰ্তৰ
আৰু আলফুলীয়া মৰমে আৱৰা হেঁপাহৰ এখনি ঘৰৰ ।
আছে জানো কোনোবা তেনে নাৰী ?
যাৰ লগত বিনিময় কৰিব পাৰোঁ হৃদয়ৰ ঠিকনা ।
ৰাতিৰ ৰামধেনু
পৃথিৱীয়ে হাঁহিব সুধিলে !
কাৰণ,
কোনেও দেখা নাই আমাৰ আগতে ।
তুমি আৰু মই দেখিছিলোঁ,
আবেলি আবেলি লগা এনিশা
জোনৰ পোহৰে লুকা-ভাকু খেলি
দূৰণিৰ মেঘৰ বুকুত জিলিকাই তোলা
বগা-ক’লা ৰামধেনু,
সাতৰঙ চকুৱে মণিব নোৱাৰা ।
আৰু এতিয়া
তুমিও আছা, মইও আছোঁ
একেই আছে সেই আকাশ,
ৰাতিৰ ৰামধেনু পিছে নাই !
আছে মাথোঁ অপেক্ষাৰ হাহাকাৰ ।
তাৰ ৰঙবোৰ ক’লা হয়, বগা হয়
নিশাৰ নিয়ৰত সিহঁত বিলীন হয় ।
নিৰ্জন চাদৰ ওপৰত
হুমুনিয়াহবোৰ চকুৰ মুকুতা হয় ।
আৰু
তোমাৰ ব্যাকুলতা কঢ়িয়াই
দূৰণিৰ পৰা বৈ অহা বতাহজাকে
জোনৰ বুকুত জোৱাৰ তোলে আৱেগৰ ।
চাইকেল
আৰু মোৰ আৰু বাইদেউৰ,
লগতে ভাইটিৰো
ইফাল সিফাল কৰা
ইতিহাসৰ মাথোঁ একমাত্ৰ বাহন,
সৰল হ’লহেঁতেন মোৰ দেশৰ ভূগোল ।
আইৰ ভাষা মোৰ অতিকে আপোন
এলাগী নহ'লহেঁতেন মোৰ সন্তানৰ বাবে ।
পানী-জাহাজত ভাহি নাহিলহেঁতেন চাহাবী ঢং
আৰু বৰ্ণ-বৈষম্যৰ ৰেণু,
একত্ৰিছ ডিচেম্বৰত
কেক খাই পাহৰি নগ’লোঁহেঁতেন
ৰাস্তাৰ একাষত ভোকত বাগৰি থকা
অথবা দাস্তবিনত ৰেচন বিচাৰি হাহাকাৰ কৰা
অমূল্য বৰুৱাৰ কুকুৰবোৰৰ ক্ষুধাৰ যন্ত্ৰণা ।
চাইকেলৰ হেণ্ডেলৰ প্ৰেমৰ বতাহ
প্ৰতিযোগিতাৰ কয়লাৰ ধোঁৱাৰে ধূসৰ নহয়,
প্ৰেমত সময় থাকিলহেঁতেন
আৰু থাকিলহেঁতেন
যেতিয়াই মন যায়
ব্ৰেক মাৰি ৰৈ যোৱা মৰমৰ আব্দাৰ ।
চাইকেলৰ চকাৰ স্পোকত নালাগে
সভ্যতাৰ এলান্ধু,
পেডেলত নাথাকে
প্ৰকৃতিক ভেদ কৰি আগুৱাই যোৱাৰ
পুঁজিবাদী মোহ ।
চাইকেল সেয়েহে আধুনিক মানুহৰ
সম্প্ৰীতিৰ অসম্পূৰ্ণ ৰূপ ।
যদি চাইকেলে হ’লহেঁতেন
মোৰ আৰু সকলোৰে
ইফাল সিফাল কৰা
ইতিহাসৰ মাথোঁ একমাত্ৰ বাহন,
মানুহৰ আদিম প্ৰেম জীপাল হ’লহেঁতেন
আৰু আমাক আমুৱাব নোৱাৰিলেহেঁতেন
আভিজাত্যৰ আৰামে ।
অভাৱী ঈশ্বৰে মন্দিৰ-মছজিদ-গীৰ্জা এৰি
মাটিত পৰিলহেঁতেন হাইঠাৰ দৰে,
আৰু উভতি নগ’লহেঁতেন
পংকিল আলিৰ বুকুত চাইকেলৰ চকাই
এৰি যোৱা কোমল ভিজা চিনবোৰৰ দৰে ।